ETV Bharat / state

Incomplete Bridge Construction: উন্নয়নৰ পঁয়ালগা ছবি; সাত বছৰে নিৰ্মাণ সম্পূৰ্ণ নোহোৱা নলবাৰীৰ এখন দলং

author img

By

Published : Apr 27, 2023, 8:55 AM IST

নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত বৰভাগৰ মৰোৱা-কমলপুৰহৈ গুৱহাটীলৈ যোৱা এটা অতি গুৰুত্বপূৰ্ণ পথৰ লগতে দলঙৰ নিৰ্মাণ সুদীৰ্ঘ সাত বছৰে সম্পূৰ্ণ ন’হল ৷ আজিও সম্পূৰ্ণ নহ’ল 2017 চনতে আধাৰশিলা স্থাপন হোৱা নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ পাগলদিয়া নদীৰ দামাল ঘাটৰ দলং (Bridge Construction in Nalbari) ৷

Incomplete Bridge Construction in Nalbari
খৰালি বাঁহৰ সাঁকো আৰু বাৰিষা তুলুঙা নাওৱেই যাতায়তৰ মাধ্যম

2017 চনতে আধাৰশিলা স্থাপন হোৱা দলং আৰু পথ সাত বছৰেও সম্পূৰ্ণ হৈ নুঠিল

নলবাৰী, ২৬ এপ্ৰিল: খৰালি বাঁহৰ সাঁকো আৰু বাৰিষা তুলুঙা নাও যাতায়তৰ মাধ্যম নলবাৰীৰ এটা অঞ্চলৰ ৷ দ্ৰুত উন্নয়নৰ শ্ল’গান দিয়া চৰকাৰৰ দিনত এখন দলঙৰ বাবে জীয়াতু ভুগিছে ৰাইজে ৷ আজিও সম্পূৰ্ণ নহ’ল 2017 চনতে আধাৰশিলা স্থাপন হোৱা নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ পাগলদিয়া নদীৰ দামাল ঘাটৰ দলং (Incomplete Bridge Construction in Nalbari) ৷

নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত বৰভাগৰ মৰোৱা-কমলপুৰহৈ গুৱহাটীলৈ যোৱা এটা অতি গুৰুত্বপূৰ্ণ পথৰ লগতে দলঙৰ নিৰ্মাণ সুদীৰ্ঘ সাত বছৰে সম্পূৰ্ণ ন’হল ৷ উল্লেখযোগ্য যে পাগলদিয়া নদীৰ দামাল ঘাটত ৰাইজৰ সুবিধাৰৰ্থে দীৰ্ঘদিনীয়া দাবী আছিল এখন পকী দলং নিৰ্মাণ কৰি যাতায়াত ব্যৱস্থা সুচল কৰা ৷ কিন্তু স্বাধীনতাৰ ৭৫ বছৰ পিচতো এই অঞ্চলৰ প্ৰায় ৫৪ খন গাঁৱৰ ৰাইজে খৰালি বাঁহৰ সাঁকো আৰু বাৰিষা তুলুঙা নাৱেৰে নদী পাৰ হ’ব লগা হয় (Bridge Construction in Nalbari) ৷

শেহতীয়াকৈ ৰাইজৰ দাবীত এই পাৰঘাটত এখন পকী দলং নিৰ্মাণৰ ব্যবস্থা কৰা হয় ৷ ২০১৭ চনৰ ২১ মাৰ্চত পাগলাদিয়া নদীৰ এই দামাল ঘাটত তেতিয়াৰ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পকী দলংখনৰ লগতে মৰোৱা-কমলপুৰ পথচোৱাৰ ১০.৬২ কিলোমিটাৰ উন্নীতকৰণ আৰু পকীকৰণৰ বাবে আধাৰশিলা স্থাপন কৰিছিল ৷ কিন্তু পৰিতাপৰ কথা এয়ে যে 2017 চনতে আধাৰশিলা স্থাপন হোৱা দলং আৰু পথ আজি সাত বছৰে সম্পূৰ্ণ হৈ নুঠিল ৷

ভাৰত চৰকাৰৰ ২০১৬-১৭ বৰ্ষৰ কেন্দ্ৰীয় পথ পুঁজি শিতানৰ প্ৰায় ২৬ কোটি টকা ব্যয়সাপেক্ষে এই পথ আৰু দলং নিৰ্মাণৰ কাম আৰম্ভ কৰা হয় ৷ শামুকীয়া গতিৰে চলি থকা দলং নিৰ্মাণৰ কামৰ বাবে স্থানীয় ৰাইজ এতিয়া ক্ষোভিত হৈ পৰিছে ৷ হাজো-নলবাৰী পথ সংযোগী এই পথটোৰে মৰোৱা-চমুখা-কমলপুৰ হৈ ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে চাংসাৰি গুৱহাটী এইমছত সংযোগ হৈছে ৷ লগতে নলবাৰী মেডিকেল কলেজলৈও সংযোগ স্থাপন হৈছে এই পথচোৱাৰে (Incomplete Bridge Construction) ৷

এই দলংখনৰ বাবে জনসাধাৰণ যাতায়াতৰ নামত বছৰ বছৰ ধৰি জীয়াতু ভুগি আহিছে যদিও আজিও এই যাতনাৰ উপশম ঘটা নাই ৷ এনে অৱস্থাত অঞ্চলটোৰ কেইবাখনো গাঁৱৰ ৰাইজে প্ৰায় চাৰি কিল’মিটাৰ পথ বাটকুৰিবাই নলবাৰী, গুৱাহাটীলৈ যাব লগা হৈছে ৷ এনেদৰে শামুকীয়া গতিৰে দলং নিৰ্মাণৰ কাম চলাই থকাত এতিয়া অতিষ্ঠ হৈ পৰিছে ৰাইজ ৷ ঠিকাদাৰৰ মইমতালিৰ বাবে আজিও দলঙখনৰ কাম সম্পূৰ্ণ নোহোৱাৰ অভিযোগ তুলিছে অঞ্চলটোৰ দল-সংগঠনে ৷ অঞ্চলটোৰ অতি গুৰুত্বপূৰ্ণ এই পথচোৱাৰ লগতে দলংখনৰ নিৰ্মাণ কাৰ্য অতিশীঘ্ৰে সম্পন্ন কৰি ৰাইজৰ সমস্যা লাঘৱ কৰিবলৈ এতিয়া স্থানীয় দল-সংগঠনে দাবী উত্থাপন কৰিছে ৷

লগতে পঢ়ক: Child Marriage at Gohpur: নাবালিকাক পলুৱাই নি গহপুৰত ৰঙা ঘৰৰ আলহী হ'ল পিতা-পুত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.