ETV Bharat / state

Child Marriage at Gohpur: নাবালিকাক পলুৱাই নি গহপুৰত ৰঙা ঘৰৰ আলহী হ'ল পিতা-পুত্ৰ

author img

By

Published : Apr 27, 2023, 7:21 AM IST

গহপুৰৰ হেলেমত বাল্য বিবাহৰ ঘটনা ৷ 21 বছৰীয়া যুৱকে পলুৱাই নিলে ১৬ বছৰীয়া নাবালিকাক ৷ বাল্য বিবাহৰ অভিযোগত গ্ৰেপ্তাৰ হ’ল পিতা-পুত্ৰ ৷

Child Marriage at Gohpur
বাল্য বিবাহৰ অভিযোগত গ্ৰেপ্তাৰ দুজন

গহপুৰৰ হেলেমত বাল্য বিবাহৰ ঘটনা

বিশ্বনাথ, 26 এপ্ৰিল: ৰাজ্যত পুনৰ চৰ্চালৈ আহিছে বাল্যবিবাহৰ প্ৰসংগ ৷ বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰাৰ পাচতো ৰাজ্যত পুনৰ সংঘটিত হ'ল বাল্য বিবাহৰ ঘটনা ৷ গহপুৰৰ হেলেমত সংঘটিত হৈছে এই ঘটনা ৷ চৰকাৰৰ বাল্য বিবাহ বিৰোধী আইনক বুঢ়া আঙুলি পিতা-পুত্ৰৰ (Child Marriage at Gohpur) ৷

গহপুৰৰ হেলেমৰ চন্দামাৰী বঙালীত সংঘটিত হ’ল এই বাল্য বিবাহ ঘটনা ৷ চৰকাৰৰ বাল্য বিবাহ বিৰোধী আইনক বুঢ়া আঙুলি দেখুৱাই যুৱকে পলুৱাই নিলে ১৬ বছৰীয়া নাবালিকাক (Child marriage at Halem in Gohour) ৷

জানিব পৰা মতে হেলেমৰ কাৰিবিল চাপৰিৰ এগৰাকী ১৬ বছৰীয়া নাবালিকাক চন্দামাৰী বঙালীৰ বিপুল গোড়ৰ ২১ বছৰীয়া পুত্ৰ মনোৰঞ্জন গোড়ে যোৱা ২৩ এপ্ৰিল তাৰিখে প্ৰেমৰ প্ৰৱঞ্চনাৰে পলুৱাই লৈ যায় ৷ কিশোৰীগৰাকী বহু সময় ঘৰলৈ নহাত পৰৱৰ্তী সময়ত স্থানীয় ৰাইজ আৰু পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ-খোচাৰ কৰাৰ অন্তত দুয়োকে বিহালীৰ জামুৱনিৰ এগৰাকী আত্মীয়ৰ ঘৰৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় (Two Arrested for Child Marriage at Helem in Gohpur) ৷

স্থানীয় ৰাইজে দুয়োকে ধৰি হেলেম আৰক্ষী থানাক চমজাই দিয়ে ৷ ঘটনা সন্দৰ্ভত হেলেম আৰক্ষীয়ে গোচৰ নং ৩৩/ ২০২৩ ত ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত গোচৰ ৰুজু কৰি যুৱকজনৰ লগতে পিতৃ বিপুল গোড়ক জে’ল হাজোতলৈ প্ৰেৰণ কৰিছে ৷

উল্লেখযোগ্য যে, ৰাজ্যত ভয়াৱহ হৈ পৰা বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰ আইন প্ৰণয়ন কৰি অপৰাধীৰ বিৰুদ্ধে কঠোৰ অভিযান চলাই আহিছে আৰক্ষীয়ে ৷ কিছুদিন পূৰ্বে বাল্য বিবাহৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান চলাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল বহু সংখ্যক বাল্য বিবাহকাৰীক (Crackdown on Child marriage) ৷ চৰকাৰৰ এই পদক্ষেপক লৈ মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৰাজ্যৰ চৌদিশে (Child marriage in Assam) ৷

লগতে পঢ়ক: Karim Uddin Barbhuiya controversy: খাৰিজ হ'ব নেকি AIUDF ৰ বিধায়ক কৰিমউদ্দিন বৰভূঞাৰ বিধায়ক পদ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.