ETV Bharat / state

গৰাখহনীয়াৰ আশংকাত বৰক্ষেত্ৰীৰ নৈপৰীয়া ৰাইজ

author img

By

Published : May 19, 2021, 3:26 PM IST

বৰক্ষেত্ৰীৰ বিভিন্ন স্থানত গৰাখহনীয়াৰ আশংকাই শংকিত কৰিছে নৈপৰীয়া ৰাইজক ৷ ভগা মথাউৰিসমূহে ভাবুকি আনিছে লাৰকুছি, কাপলাবড়ী, পেৰাধৰা আদি বিভিন্ন স্থানত । বাৰিষাৰ পূৰ্বে মথাউৰিসমূহৰ মেৰামতিৰ কাম সম্পূৰ্ণ কৰাৰ দাবী ৰাইজৰ ।

Barkhetry river erosion
গৰাখহনীয়াৰ আশংকাত বৰক্ষেত্ৰীৰ নৈপৰীয়া ৰাইজ

নলবাৰী, ১৯মে': ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰতিবছৰে হাজাৰ হাজাৰ লোক বানৰ কবলত পৰে । বিশেষকৈ নৈপৰীয়া ৰাইজে বছৰি সৰ্বস্ব হেৰুৱাই নিঠৰুৱা হৈ পৰে । সেয়ে বাৰিষা অহাৰ লগে লগে টোপনি নোহোৱা হয় নৈপৰীয়া অঞ্চলৰ ৰাইজৰ । এইবাৰো একে চিন্তাত পৰিছে নলবাৰীৰ বৰক্ষেত্ৰী অঞ্চলৰ একাংশ নৈপৰীয়া ৰাইজ । কিয়নো এতিয়াও আধৰুৱা হৈ আছে মথাউৰি মেৰামতিৰ কাম ।

গৰাখহনীয়াৰ আশংকাত বৰক্ষেত্ৰীৰ নৈপৰীয়া ৰাইজ

বিশেষকৈ বৰক্ষেত্ৰীৰ বিভিন্ন স্থানত গৰাখহনীয়াৰ আশংকাই শংকিত কৰিছে নৈপৰীয়া ৰাইজক ৷ ভগা মথাউৰিসমূহে ভাবুকি আনিছে লাৰকুছি, কাপলাবড়ী, পেৰাধৰা আদি বিভিন্ন স্থানত । বিগত সময়ত এই অঞ্চলসমূহত চৰকাৰে মথাউৰিৰ মেৰামতিৰ কাম কৰিছিল যদিও সেয়া পৰ্যাপ্ত নহয় ৷ আনহাতে প্ৰতিবছৰে এই অঞ্চলসমূহত গৰাখহনীয়াৰ ফলত শ শ লোক গৃহহীন হোৱাৰ লগতে কিছুমান লোক নিৰাপদ স্থানলৈ স্থানান্তৰিত হ'বলগীয়া হয় ৷

সেয়ে বাৰিষাৰ পূৰ্বে মথাউৰিসমূহৰ মেৰামতিৰ কাম সম্পূৰ্ণ কৰিবলৈ আহ্বান ৰাইজৰ । লগতে চৰকাৰ তথা বিভাগীয় মন্ত্ৰীলৈ দাবী জনাইছে নৈপৰীয়া অঞ্চলসমূহৰ ৰাইজে যাতে বাৰিষাৰ পূৰ্বে মথাউৰিৰ মেৰামতি আৰু গৰাখহনীয়া ৰোধৰ কাম সম্পন্ন কৰে ৷

উল্লেখ্য যে, বিগত বৰ্ষত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৰক্ষেত্ৰীৰ অঞ্চলসমূহৰ মথাউৰি আৰু গৰাখহনীয়াৰ বুজ লৈ অতি সোনকালে কাম সম্পূৰ্ণ কৰাৰ আশ্বাস দিছিল । কিন্তু আজিলৈ গৰাখহনীয়া ৰোধৰ কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ।

লগতে পঢ়ক:আসোঁৱাহপূৰ্ণ মথাউৰিক লৈ শংকিত ধেমাজিবাসী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.