ETV Bharat / state

AASU annual conference : অসমত আছুৱে আৰম্ভ কৰিব অৰ্থনৈতিক বিপ্লৱ

author img

By ETV Bharat Assamese Team

Published : Oct 1, 2023, 1:22 PM IST

নলবাৰীত উপস্থিত সদৌ অসম ছাত্ৰ সন্থাৰ শীৰ্ষ নেতৃত্ব । নলবাৰীৰ পশ্চিম চামতাত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ একবিংশতিতম পশ্চিম নলবাৰী অধিৱেশনত উপস্থিত আছুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সম্পাদক শংকৰজ্যোতি বৰুৱা, সভাপতি উৎপল শৰ্মাৰ লগতে আছু নেতা । চৰকাৰৰ জনবিৰোধী কৰ্মক সমালোচনা সম্পাদক শংকৰজ্যোতি বৰুৱাৰ ৷

ANNUAL CONFERENCE OF NAlbari AASU in nalbari
AASU annual conference : অসম উন্নতি সভাৰ লগ লাগি আছুই ৰাজ্যত আৰম্ভ কৰিব অৰ্থনৈতিক বিপ্লৱ

নলবাৰী জিলা ছাত্ৰ সন্থাৰ অধিৱেশন

নলবাৰী, 1 ছেপ্টেম্বৰ: ৰাজ্য চৰকাৰৰ 'অমৃত কলহ যাত্ৰা' ক তীক্ষ্ণ সমালোচনা কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই ৷ সদৌ নলবাৰী জিলা ছাত্র সন্থাৰ পশ্চিম নলবাৰী অধিৱেশনত এই মন্তব্য আগবঢ়ায় আছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে ৷ দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা সদৌ নলবাৰী জিলা ছাত্র সন্থাৰ পশ্চিম নলবাৰী অধিৱেশনখন শনিবাৰে সামৰণি পৰে । উক্ত অধিৱেশনত দ্বিতীয় দিনা অনুষ্ঠিত মুকলি সভাত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল ভট্টাচার্য, সদৌ অসম ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্মা, সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ লগতে আছুৰ বহু কেন্দ্রীয় নেতৃত্ব ।

আছুৰ উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ছাত্র সন্থা আৰু অসম উন্নতি সভাই একেলগ হৈ অসম জুৰি উৎপাদন আৰু ঘৰে ঘৰে উপাৰ্জনৰ লক্ষ্যৰে সমগ্ৰ অসমতে অৰ্থনৈতিক বিপ্লৱ ৰচিব বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰে । ইয়াৰ পিছতে মাতৃভাষা মাধ্যম সন্দৰ্ভত মন্তব্য আগবঢ়ায় কয় যে আছুই মাতৃভাষা মাধ্যম কেতিয়াও শেষ হ’বলৈ নিদিয়ে । চৰকাৰক মাতৃভাষা বিৰোধী নীতি পৰিহাৰ কৰিবলৈ দাবী জনায় অন্যথা ইয়াৰ বিৰুদ্ধে পুনৰ আন্দোলন গঢ়ি তুলিব বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰে ।

সংগঠনটোৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই ৰাজ্য চৰকাৰে নিৰ্ধাৰিত পৰীক্ষাৰ দিন পিছুৱাই ছাত্র-ছাত্ৰীক অমৃত আঁচনিৰ নামত যি হাৰাশাস্তিত ভোগাইছে তাক নিন্দা কৰে ৷ লগতে, ইয়ে সমগ্ৰ শিক্ষা ব্যৱস্থাটোক ইয়ে বেয়াকৈ প্ৰভাৱান্ধিত কৰিছে বুলি উল্লেখ কৰাৰ লগতে সাধাৰণ সম্পাদকগৰাকীয়ে অসমৰ শিক্ষামন্ত্ৰীক পুতলা মন্ত্ৰী আখ্যা দিয়ে ৷

লগতে পঢ়ক: Rhino died in Nagaon: বন বিভাগৰ অৱহেলাৰ বাবে কলিয়াবৰত মৃত্যু ঘটিল আঘাতপ্ৰাপ্ত গঁড়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.