ETV Bharat / state

দুবছৰৰ অন্তত জীপাল হৈ পৰিল ভ্ৰাম্যমানৰ বাকৰি

author img

By

Published : Oct 10, 2021, 1:31 PM IST

Updated : Oct 10, 2021, 1:36 PM IST

শনিবাৰৰ পৰা নলবাৰীত আৰম্ভ হৈছে আৱাহন থিয়েটাৰ(Abahan Theatre) আৰু ইতিহাস থিয়েটাৰ(Itihas Theatre) ৷ দুটাকৈ দৰ্শনীৰে প্ৰায় দুবছৰৰ অন্তত পুনৰ দৰ্শকৰ মাজলৈ আহিছে আৱাহন আৰু ইতিহাস থিয়েটাৰ ৷ শেহতীয়াকৈ ৰাজ্য চৰকাৰে জাৰি কৰা ক’ভিড (Covid 19)ৰ নতুন নীতি-নিৰ্দেশনা(SOP)ত অনুমতি লাভ কৰাৰ পাচতেই নাট প্ৰদৰ্শন আৰম্ভ হৈছে কেইবাটাও ভ্ৰাম্যমান নাট্যগোষ্ঠীৰ ৷

after-two-years-assam-mobile-theatres-starts-to-performing-again
দুবছৰৰ অন্তত চঞ্চলা-চপলা ভ্ৰাম্যমানৰ বাকৰি

নলবাৰী, 10 অক্টোবৰ : প্ৰায় দুবছৰীয়া বিৰতিৰ অন্তত পুনৰ আৰম্ভ হৈছে ভ্ৰাম্যমান থিয়েটাৰ (Mobile Theatre) ৷ কাল কৰ’ণাৰ সংক্ৰমণক নেওচি হাঁহি-কান্দোন, চিঞৰ-বাখৰ, বন্দুক-বাৰুদৰ গুৰুম গুৰুম শব্দই জীপাল কৰি তুলিলে ভ্ৰাম্যমানৰ প্ৰেক্ষাগৃহ ৷

কিয়নো শেহতীয়াকৈ ৰাজ্য চৰকাৰে জাৰি কৰা ক’ভিড(Covid)ৰ নতুন নীতি-নিৰ্দেশনা(SOP) ত অনুমতি লাভ কৰাৰ পাচতেই শনিবাৰৰ পৰা নাট প্ৰদৰ্শন আৰম্ভ হ’ল ভ্ৰাম্যমান নাট্যদলসমূহৰ ৷ সম্পূৰ্ণ ক’ভিড প্ৰট’কল (Covid Protocol) মানি নাট মঞ্চস্থ কৰিলে নাট্যদলসমূহে ৷ নলবাৰীৰ বৰভাগত শনিবাৰৰ পৰা আৰম্ভ হৈছে আৱাহন থিয়েটাৰ(Abahan Theatre) ৷

দুবছৰৰ অন্তত চঞ্চলা-চপলা ভ্ৰাম্যমানৰ বাকৰি

মহামাৰী কৰ’ণাক লৈয়ে নৃত্য-নাটিকা উপস্থাপন কৰা হৈছে আৱাহনৰ মঞ্চত ৷ নাট প্ৰদৰ্শনৰ অনুমতি লাভ কৰি উৎফুল্লিত আৰু আনন্দিত হৈ পৰিল আৱাহনৰ প্ৰযোজিকা অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ(Prastuti Parasar)ৰ লগতে কলা -কুশলীসকল ৷

ইয়াৰ লগতে জিলাখনৰ খাটিকুছিতো শনিবাৰৰ নাট মঞ্চস্থ কৰিছে ইতিহাস থিয়েটাৰ(Itihas Theatre) ৷ দুটা বছৰ মৃতপ্ৰায় অসমৰ স্বাভিমান ভ্ৰাম্যমান থিয়েটাৰক পুনৰ জীপাল কৰি তোলাৰ বাবে ৰাজ্য চৰকাৰক কৰযোৰে ধন্যবাদ জ্ঞাপন কৰে এইবাৰ ইতিহাসৰ মঞ্চ কঁপাবলৈ সাজু হোৱা বিশিষ্ট অভিনেতা মৃদুল ভূঞা(Mridul Bhuyan)ই ৷ লগতে সকলোকে ক’ভিডৰ নীতি-নিয়ম পালন কৰি নাট চাবলৈ আহ্বান জনায় মৃদুল ভূঞাৰ লগতে অন্য কলা-কুশলীসকলে ৷

থিয়েটাৰৰ আৰম্ভণিৰ প্ৰথমটো দিনতে পাৰ ভঙা উছাহ দেখিবলৈ পোৱা গৈছে ভ্ৰাম্যমানৰ দৰ্শকবৃন্দৰ মাজত ৷ মুখত মাস্ক পৰিস্কাৰ পৰিধান কৰি দুবছৰৰ অন্তত নাট উপভোগ কৰিবলৈ আহিছে প্ৰতিগৰাকী নাট্যপ্ৰেমী ৷ নলবাৰীত ইতিমধ্যে জয়মতী, ভূল নুবুজিবা ভূপেন দাৰ দপদপনি দেখিবলৈ পোৱা হৈছে আৱাহন আৰু ইতিহাস থিয়েটাৰৰ মঞ্চত ৷

ক’ভিডে কোঙা কৰা ভ্ৰাম্যমান নাটদলসমূহে যাতে আগলৈও অতি সুকলমে নাটসমূহ মঞ্চস্থ কৰিব পাৰে, তাক লৈ এতিয়া আশাবাদী অভিনেতা-অভিনেত্ৰী, ক’লা-কুশলীৰ লগতে দৰ্শকবৃন্দ ৷

লগতে পঢ়ক : Birthday Special : উমৰাও জানৰ পৰা চান্দনীলৈকে অভিনেত্ৰী ৰেখা

Last Updated :Oct 10, 2021, 1:36 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.