ETV Bharat / state

থিয়েটাৰ প্ৰেক্ষাগৃহত দৰ্শকৰ আকুণ্ঠ সঁ‌হাৰিত অভিভূত প্ৰস্তুতি পৰাশৰ

author img

By

Published : Oct 17, 2021, 2:09 PM IST

ভ্ৰাম্যমান থিয়েটাৰ(Bhramyaman Theatre)ৰ নাট্যযাত্ৰাত দৰ্শকৰ বিপুল সঁহাৰি দেখি আবেগিক হৈ পৰিছে অভিনেত্ৰী তথা আৱাহন থিয়েটাৰ(Abahan Theatre)ৰ প্ৰযোজিকা প্ৰস্তুতি পৰাশৰ(Prastuti Parashar) ৷ নলবাৰীৰ বেলশৰত আৱাহন থিয়েটাৰৰ প্ৰেক্ষাগৃহত শনিবাৰে নিশা সংবাদ মাধ্যমৰ আগত এই সঁহাৰিৰ বাবে দৰ্শক আৰু চৰকাৰক কৃতজ্ঞতা জ্ঞাপন কৰে প্ৰস্তুতিয়ে ৷

actress-prastuti-parashar-thanked-the-audience-and-the-assam-govt
দৰ্শকৰ আকুণ্ঠ সঁ‌হাৰিত অভিভূত প্ৰস্তুতি পৰাশৰ

নলবাৰী, 17 অক্টোবৰ : দৰ্শকৰ বিপুল সঁহাৰিত মন্ত্ৰমুগ্ধ অভিনেত্ৰী তথা আৱাহন থিয়েটাৰ(Abahan Theatre)ৰ প্ৰযোজিকা প্ৰস্তুতি পৰাশৰ(Prastuti Parashar) ৷ প্ৰায় ওঠৰ মাহৰ স্তব্ধতাৰ অন্তত ৰাজ্যত পুনৰ আৰম্ভ হোৱা ভ্ৰাম্যমান থিয়েটাৰ(Bhramyaman Theatre)ৰ নাট্যযাত্ৰাত দৰ্শকৰ আকুণ্ঠ সঁ‌হাৰি দেখি অভিভূত হৈ পৰে প্ৰস্তুতি পৰাশৰে ৷

কিয়নো অসমীয়াৰ স্বাভিমান ভ্ৰাম্যমান থিয়েটাৰৰ ৰংগমঞ্চত পুনৰ ভাঁহি আহিছে নাটকৰ সংলাপ, গেলেৰীৰ চিঞৰ ৷ পুনৰ দৰ্শকে নাটক চাবলৈ ভিৰ কৰিছেহি ভ্ৰাম্যমাণৰ প্ৰেক্ষাগৃহত । নাটকৰ প্ৰতি দৰ্শকৰ এনে সঁ‌হাৰি দেখি আবেগিক হৈ পৰিছে অভিনেত্ৰী তথা প্ৰযোজিকা প্ৰস্তুতি ৷

প্ৰস্তুতি পৰাশৰৰ প্ৰতিক্ৰিয়া

এইক্ষেত্ৰত সংবাদ মাধ্যমযোগে প্ৰস্তুতিয়ে কয়, ‘‘দৰ্শকৰ হেঁপাহে আমাক জীয়াই ৰাখিছে ৷ দৰ্শকৰ হেঁপাহে এনেদৰে ভ্ৰাম্যমাণ থিয়েটাৰক আজীৱন অসমীয়াৰ হিয়াৰ আমঠু কৰি ৰাখিব’’ । ইয়াৰোপৰি, সংবাদ মাধ্যমৰ ভূমিকাৰ শলাগ লৈছে প্ৰস্তুতিয়ে ৷

সংবাদ মাধ্যমক ধন্যবাদ জনাই তেওঁ কয়, ‘‘সংবাদ মাধ্যমৰ সহযোগিতা অবিহনে ইমান কম সময়ৰ ভিতৰতে ৰাইজৰ মাজলৈ আমি ওলাই আহিব নোৱাৰিলোহেতেন’’ । নলবাৰীৰ বেলশৰত আৱাহন থিয়েটাৰৰ প্ৰেক্ষাগৃহত শনিবাৰে নিশা সংবাদ মাধ্যমৰ আগত চৰকাৰৰ সদিচ্ছাক কৃতজ্ঞতা জনায় অভিনেত্ৰীগৰাকীয়ে ।

অভিজিৎ ভট্টাচাৰ্য

এইবাৰ থিয়েটাৰ নহ’লে থলুৱা এই মাধ্যমটোৱেই নিঃশেষ হৈ গ’লহেতেন । চৰকাৰৰ সদিচ্ছাই থলুৱা উদ্যোগটোলৈ আশাৰ ৰেঙণি কঢ়িয়াই অনা বুলিও মন্তব্য কৰে প্ৰস্তুতি পৰাশৰে ৷ এইবেলি বেলশৰত শনিবাৰে নিশা দূৰ্গা পূজা(Durga Puja) উপলক্ষে আমন্ত্ৰণ কৰি অনা আৱাহন থিয়েটাৰে দৰ্শকৰ বিপুল সঁহাঁ‌ৰিত ‘জয়মতী’ নাটকৰ দুটাকৈ দৰ্শনী প্ৰদৰ্শন কৰে ।

লগতে পঢ়ক : শীঘ্ৰে ছবিগৃহলৈ আহিব পুতলা নাচৰ আধাৰত নিৰ্মিত ছবি 'লাইফ ইন এ পাপেট'

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.