ETV Bharat / state

শীঘ্ৰে ছবিগৃহলৈ আহিব পুতলা নাচৰ আধাৰত নিৰ্মিত ছবি 'লাইফ ইন এ পাপেট'

author img

By

Published : Oct 16, 2021, 8:44 PM IST

কৰ’ণা কালৰ পিছত অসমৰ ছবিগৃহত আহিব প্ৰথমখন অসমীয়া ছবি 'লাইফ ইন এ পাপেট' ৷ পুতলা নাচ সংস্কৃতিৰ জীয়া সংগ্ৰামৰ ছবি 'লাইফ ইন এ পাপেট' ৷ ছবিখনক লৈ যথেষ্ট আশাবাদী 'লাইফ ইন এ পাপেট'ৰ পৰিয়ালবৰ্গ ৷

assamese Cinema
পুতলা নাচৰ ওপৰত নিৰ্মিত ছবি 'লাইফ ইন এ পাপেট'

শিৱসাগৰ, 16 অক্টোবৰ : কৰ’ণা কালৰ সাময়িক উপশমৰ পাছত চৰকাৰৰ নিৰ্দশ মৰ্মে 1 ফেব্ৰুৱাৰীৰ পৰা মুকলি হ'ব ৰাজ্যৰ ছবিগৃহ সমূহ । অসমত এক দীঘলীয়া বিৰতিৰ পাচত পুনৰ ৰং-ৰহস্যৰে পূৰ্ণ হ’ব ৰাজ্যৰ ছবিগৃহ সমূহ ৷ দৰ্শক মাজলৈ আহি আছে 'লাইফ ইন এ পাপেট' ৷ কাল কৰ’ণাৰ মাজতে মুক্তি পাব প্ৰথমখন অসমীয়া ছবি 'লাইফ ইন এ পাপেট' ।

পুতলা নাচৰ ওপৰত নিৰ্মিত ছবি 'লাইফ ইন এ পাপেট'

গ্ৰামাঞ্চলৰ পটভূমিত থলুৱা কলা-কুশলীক লৈ নিৰ্মাণ কৰা ছবি খনে ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বহু সন্মান লাভ কৰিবলৈ সক্ষম হৈছে । অসমীয়া সমাজ জীৱনত পুতলা নাচৰ এক চহকী পৰম্পৰা আছে । পুতলা নাচ অসমীয়া চহা সমাজৰ এক অংশ । পুতলা নাচত প্ৰাণ পাই চহা অসমীয়াৰ জীৱনৰ চিত্ৰপট ৷ সময়ৰ ধামখুমীয়াত আধুনিক সংস্কাৰ-সংস্কৃতিৰ কৱলত ক্ৰমে হেৰাই গৈছে পুতলা নাচ ।

আনকি, পুতলা নাচ হেৰাই গৈছে অসমীয়া চহা জীৱনৰ পৰা । ইয়াৰ লগে লগে পুতলা নাচক সম্বল কৰি জীৱন নিৰ্বাহ কৰা শিল্পী সকলৰ জীৱনলৈ নামি আহিল অন্ধকাৰ । আয়ৰ সম্বল হেৰুৱাই এই সকল পুতলা নাচৰ শিল্পীৰ জীৱন সংগ্ৰহ আৰম্ভ হ'ল । এই সংগ্ৰামৰ পটভূমিক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছে 'লাইফ ইন এ পাপেট' নামৰ ছবিখন ।

ছবিখনত আছে কৰ্মহাৰা এচাম লোকৰ জীৱন সংগ্ৰাম আৰু পুতলা নাচক জীয়াই ৰখাৰ প্ৰয়াস । এই সংগ্ৰাম আৰু প্ৰয়াসক কেন্দ্ৰ কৰি 'লাইফ ইন এ পাপেট'ৰ জন্ম । শনিবাৰে শিৱসাগৰ প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদ মেলত ছবিখনৰ প্ৰযোজক তথা পৰিচালক ৰাজেন দাসে ছবিখন নিৰ্মাণক লৈ কৰা সংঘৰ্ষ আৰু সংগ্ৰাম ব্যক্ত কৰে ।

আগন্তুক ২২ অক্টোবৰ তাৰিখে অসমৰ ১২ টা ছবিগৃহত মুক্তি পাব 'লাইফ ইন এ পাপেট' ছবিখনে । উজনি অসমৰ শিৱসাগৰ আৰু যোৰহাট জিলাত মুক্তি পাবলগীয়া ছবিখনত তৰালী শৰ্মাই সংগীত প্ৰদান কৰাৰ লগতে আশা বৰদলৈকে ধৰি বহু কলা-কুশলীয়ে কাম কৰিছে ।

অসমৰ এক জীয়া পৰম্পৰাক উজ্জীৱিত কৰিবলৈ প্ৰয়াস কৰা এই ছবিখন উপভোগ কৰি চেষ্টা সফল কৰিবলৈ আহবান জনাইছে পৰিচালক ৰাজেন দাসকে ধৰি 'লাইফ ইন এ পাপেট'ৰ পৰিয়ালে ।

লগতে পঢ়ক : ৰাজনৈতিক দলৰ পিছে পিছে ঘূৰে সদৌ অসম ছাত্ৰ সন্থা : বিমল বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.