ETV Bharat / state

Hema Malini In Nalbari: মথুৰাৰ ৰাসৰ সৈতে সংযোজিত কৰা হ'ব নলবাৰীৰ ৰাস: হেমামালিনী

author img

By

Published : Nov 15, 2022, 8:04 AM IST

actress hema malini participates in nalbari raas
মোহময়ী অভিনেত্ৰী হেমামালিনীয়ে উপভোগ কৰিলে নলবাৰীৰ ৰা

ঐতিহ্যমণ্ডিত নলবাৰীৰ ৰাসস্থলীত ব্যাপক উচাহ(Nalbari Raas mahotsav 2022) । মথুৰাৰ সাংসদ তথা বলীউডৰ ড্ৰীমগাৰ্ল খ্যাত মোহময়ী অভিনেত্ৰী হেমামালিনীয়ে উপভোগ কৰিলে নলবাৰীৰ ৰাস(Actress Hema Malini participates in Nalbari Raas) । উদ্বোধন কৰিলে জীৱন্ত ৰাস ।

নলবাৰী,১৪ নৱেম্বৰ: উদুলি-মুদুলি নলবাৰীৰ ৰাসোৎসৱস্থলী(Nalbari Raas mahotsav 2022) । উখল-মাখল পৰিৱেশত আৰু অধিক জীপাল কৰিলে বলীউডৰ ড্ৰীমগাৰ্ল হেমা মালিনীয়ে(Hema Malini In Nalbari) । পোন প্ৰথমবাৰৰ বাবে পবিত্ৰ হৰি মন্দিৰৰ বাকৰিত অনুষ্ঠিত হৈ থকা ৮৯ সংখ্যক নলবাৰী ৰাস মহোৎসৱত ভাগ ল'লে বলীউডৰ ড্ৰীমগাৰ্ল খ্যাত চিৰসেউজ অভিনেত্ৰী হেমা মালিনীয়ে(Actress Hema Malini participates in Nalbari Raas) ।

মোহময়ী অভিনেত্ৰী হেমামালিনীয়ে উপভোগ কৰিলে নলবাৰীৰ ৰা

অনুৰাগীৰ ব্যাপক উছাহ-উদ্দীপনা,হৰ্ষোল্লাসৰ মাজেৰে মোহময়ী অভিনেত্ৰী গৰাকী সোমবাৰে আহি উপস্থিত হয়হি নলবাৰী ৰাস মহোৎসৱত(Evergreen Actress Hema Malini) । গুৱাহাটীৰ পৰা আহি পোনে পোনে অভিনেত্ৰী গৰাকী গণেশ মন্দিৰ চ'কত থকা ভাগ্যশ্ৰী মটৰ্ছৰ কাৰ্য্যালয়ত উপস্থিত হোৱাৰ লগে লগে অভিনেত্ৰীগৰাকীক উষ্ম আদৰণি জনায় নলবাৰী ৰাস মহোৎসৱ পৰিচালনা সমিতিৰ সভাপতি তথা মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই(Minister Jayantamalla Baruah) ।

ইয়াৰ পাছতে ভাগ্যশ্ৰী মটৰ্ছৰ কাৰ্য্যালয়ত কিছুসময় জিৰণি লোৱাৰ পিছতে ইতিপূৰ্বে সাজু কৰি ৰখা ভিন্টেজ কাৰত লৈ অহা হয় ৰাস মহোৎসৱথলীলৈ । ৰঙা ভিন্টেজ কাৰত থিয় হৈ চিৰসেউজ অভিনেত্ৰী গৰাকীয়ে ৰাস মহোৎসৱথলীলৈ অহা পথত অনুৰাগীক হাত জোকাৰি জনাই অভিবাদন । প্ৰিয় অভিনেত্ৰী গৰাকীক কাষৰ পৰা চোৱাৰ আশাত গণেশ মন্দিৰৰ পৰা হৰি মন্দিৰ পথত অনুৰাগীয়ে কৰিলে যথেষ্ট ভিৰ কৰা পৰিলক্ষিত হয় ।

চিৰসেউজ অভিনেত্ৰী গৰাকী অভিভূত হৈ পৰিল ৰাইজৰ মৰমত । সাংবাদিকৰে মুখামুখি হৈ তেওঁ ক'লে- নলবাৰীৰ ৰাসক সংযোজিত কৰা হ'ব মথুৰাৰ ৰাসৰ সৈতে । লগতে তেওঁ এই মহান অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনোৱাৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে । মথুৰাৰ সাংসদ হিচাপে ব্ৰজবাসীক সেৱা আগবঢ়াবলৈ পায় নিজকে ভাগ্যবান বুলি উল্লেখ কৰে সাংসদ তথা মোহময়ী অভিনেত্ৰীগৰাকীয়ে ।

অসমত পূৰ্বৰে পৰা চলি থকা ৰাস উৎসৱৰ কথা সুঁৱৰিলে ভাষণ প্ৰসংগত । নলবাৰী তথা অসমৰ ৰাইজে সদায় বহু মৰম দি আহিছে বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে সাংসদগৰাকীয়ে । নলবাৰীত ৰাসোৎসৱত অভিনয় কৰাৰ ইচ্ছাও প্ৰকাশ কৰে সাংসদ তথা মোহময়ী অভিনেত্ৰীগৰাকীয়ে । ইফালে নলবাৰী ৰাসোৎসৱত উপস্থিত ৰাইজে হেমা মালিনীক কাষতে পাই যথেষ্ট উৎফুল্লিত হৈ পৰে ।

লগতে পঢ়ক: Rock quarry collapsed in Mizoram:মিজোৰামত শিলৰ কুৱেৰী খহি পৰাত বহু শ্ৰমিক তলত সোমাই পৰাৰ আশংকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.