ETV Bharat / state

Resign From Congress : সুৰেশ বৰাৰ পিছত কংগ্ৰেছ ত্যাগ জিলা পৰিষদৰ সদস্যাৰ

author img

By ETV Bharat Assamese Team

Published : Nov 11, 2023, 5:56 PM IST

Zila Parishad Member Resign From Congress
নগাঁৱত পুনৰ কংগ্ৰেছ ত্যাগ আন এগৰাকী নেতাৰ

শনিবাৰে পুনৰ কংগ্ৰেছ ত্যাগ কৰিলে আন এগৰাকী কংগ্ৰেছ নেত্ৰীয়ে ৷ সুৰেশ বৰাৰ পিছে পিছে কংগ্ৰেছ ত্যাগ কৰিলে কংগ্ৰেছ নেত্ৰী গীতাঞ্জলী হাজৰিকাই ৷

নগাঁও, 11 নৱেম্বৰ : লোকসভা নিৰ্বাচনৰ পূৰ্বে নগাঁৱত কংগ্ৰেছ দলত এতিয়া সৃষ্টি হৈছে দল ত্যাগৰ ঢৌ ৷ নগাঁও জিলা কংগ্ৰেছৰ সভাপতি তথা প্ৰভাৱশালী নেতা সুৰেশ বৰাই শুকুৰবাৰে কংগ্ৰেছ দল ত্যাগ কৰাক লৈ নগাঁও জিলা কংগ্ৰেছত সৃষ্টি হৈছে তীব্ৰ জোকাৰণি ৷ জিলা কংগ্ৰেছত আৰম্ভ হৈছে অসন্তুষ্টিৰ ৷

শুকুৰবাৰে কংগ্ৰেছ ত্যাগ কৰি শনিবাৰে পুৱাই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ কাষত উপস্থিত হৈ বিজেপিত যোগদানৰ সিদ্ধান্ত গ্ৰহণ কৰে সদ্য প্ৰাক্তন কংগ্ৰেছ নেতা সুৰেশ বৰাই ৷ সুৰেশ বৰাই কংগ্ৰেছ ত্যাগ কৰাৰ পিছতেই শনিবাৰে পুনৰ কংগ্ৰেছ ত্যাগ কৰিলে আন এগৰাকী কংগ্ৰেছ নেত্ৰীয়ে ৷

সুৰেশ বৰাৰ পিছে পিছে কংগ্ৰেছ ত্যাগ কৰিলে কংগ্ৰেছ নেত্ৰী গীতাঞ্জলী হাজৰিকাই ৷ ভোটাই পাঠৰি জিলা পৰিষদৰ সদস্যা আছিল গীতাঞ্জলী হাজৰিকা ৷ সুৰেশ বৰাৰ সৈতে গীতাঞ্জলি হাজৰিকাই বিজেপিত যোগদান কৰিব বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে, শুকুৰবাৰে দলৰ পৰা পদত্যাগ কৰিছিল নগাঁও জিলা কংগ্ৰেছৰ সভাপতি সুৰেশ বৰাই ৷ শুকুৰবাৰে কংগ্ৰেছ নেতাগৰাকীয়ে জিলা কংগ্ৰেছৰ সভাপতিৰ পদৰ পৰা ইস্তফা দিয়াৰ লগতে দলটোৰ সাধাৰণ সদস্যৰ পদো ত্যাগ কৰে ৷ জানিব পৰা মতে সুৰেশ বৰাৰ লগতে কংগ্ৰেছ ত্যাগ কৰে যথেষ্ট সংখ্যক সমৰ্থকেও ৷

সুৰেশ বৰাৰ লগতে কংগ্ৰেছ ত্যাগ কৰে পৰিতোষ ৰয়ে ৷ পৰিতোষ ৰয় আছিল যুৱ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৷ পদত্যাগৰ পাছতে শনিবাৰে পুৱা মুখ্যমন্ত্ৰীক আৱাসগৃহত সাক্ষাৎ কৰে সদ্যত্যাগী কংগ্ৰেছী নেতা দুগৰাকীয়ে ৷ ইয়াৰ পাচত পুৱা 11 বজাত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত দলৰ মুখ্য কাৰ্যালয়ত নেতাদ্বয়ে আনুষ্ঠানিকভাৱে বিজেপি দলত কৰে ৷ ইয়াৰ পাছতেই পুনৰ গীতাঞ্জলী হাজৰিকা নামৰ কংগ্ৰেছ নেত্ৰীগৰাকীয়েও দল ত্যাগ কৰে ৷

লগতে পঢ়ক : কংগ্ৰেছ এৰি বিজেপিলৈ: মুখ্যমন্ত্ৰীৰ ঘৰত ৰকিবুলৰ দুই ঘনিষ্ঠ সুৰেশ বৰা আৰু পৰিতোষ ৰয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.