ETV Bharat / state

কংগ্ৰেছ এৰি বিজেপিলৈ: মুখ্যমন্ত্ৰীৰ ঘৰত ৰকিবুলৰ দুই ঘনিষ্ঠ সুৰেশ বৰা আৰু পৰিতোষ ৰয়

author img

By ETV Bharat Assamese Team

Published : Nov 11, 2023, 11:31 AM IST

Updated : Nov 11, 2023, 1:35 PM IST

কংগ্ৰেছ ত্যাগী সুৰেশ বৰাৰ আজি বিজেপিত যোগদান কৰিব ৷ আজি পুৱাই মুখ্যমন্ত্ৰীক বাসগৃহত সাক্ষাৎ কৰে বৰাই ৷ জিলা সভাপতিজনৰ পদত্যাগৰ পাচতে নগাঁও কংগ্ৰেছত আভ্যন্তৰীণ সংঘাতৰ বহিঃপ্ৰকাশ দেখা পৰিলক্ষিত হৈছে ৷

suresh-bora-paritosh-roy-meet-assam-cm
মুখ্যমন্ত্ৰীৰ ঘৰত ৰকিবুলৰ দুই ঘনিষ্ঠ সুৰেশ বৰা আৰু পৰিতোষ ৰয়

মুখ্যমন্ত্ৰীৰ ঘৰত ৰকিবুলৰ দুই ঘনিষ্ঠ সুৰেশ বৰা আৰু পৰিতোষ ৰয়

গুৱাহাটী, ১১ নৱেম্বৰ: আজি অৰ্থাৎ শনিবাৰে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিব কংগ্ৰেছৰ সদ্যপদত্যাগী নেতা সুৰেশ বৰাই ৷ দলটোত যোগদানৰ পূৰ্বে আজি পুৱা মুখ্যমন্ত্ৰীক আৱাসগৃহক সাক্ষাৎ কৰে প্ৰাক্তন কংগ্ৰেছী নেতাগৰাকীয়ে ৷ সুৰেশ বৰাৰ লগতে যুৱ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি পৰিতোষ ৰয়ো উপস্থিত আছিল মুখ্যমন্ত্ৰীৰ বাসগৃহত ৷

সুৰেশ বৰা নগাঁও জিলা কংগ্ৰেছৰ সভাপতি আছিল ৷ শুকুৰবাৰে দলটোৰ পৰা পদত্যাগ কৰে বৰাই ৷ আনহাতে পৰিতোষ ৰয় আছিল যুৱ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৷ আজি পুৱা মুখ্যমন্ত্ৰীক আৱাসগৃহত সাক্ষাৎ কৰি একপ্ৰকাৰে বিজেপি গমন নিশ্চিত কৰে সদ্যত্যাগী কংগ্ৰেছী নেতা দুগৰাকীয়ে ৷ ইয়াৰ পাচত পুৱা ১১ বজাত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত দলৰ মুখ্য কাৰ্যালয়ত নেতাদ্বয়ে আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰিব ৷

বিজেপিৰ বিধায়ক জিতু গোস্বামীয়ে নেতাদ্বয়ৰ লগতে তেওঁলোকৰ আন একাংশ সমৰ্থকে পৰৱৰ্তী পৰ্যায়ত দলটোত যোগদান কৰাৰ কথা জানিবলৈ দিয়ে ৷ তেওঁ নেতাদ্বয়ৰ লগতে তেওঁলোকৰ সমৰ্থকৰ বিজেপিত যোগদান প্ৰসংগত কংগ্ৰেছ দলক সমালোচনা কৰি, দলটোত যি গৰাখহনীয়া আৰম্ভ হৈছে তাৰ ফলশ্ৰুতিত ২০২৪ চনৰ লোকসভা নিৰ্বাচনলৈ কংগ্ৰেছৰ অৱস্থাত অতি শোচনীয় হ’ব বুলি উল্লেখ কৰে ৷

তেওঁ লগতে অতি সোনকালে অসমত কংগ্ৰেছ শূণ্য হ’ব বুলি উল্লেখ কৰি অসম-অসমীয়া-জাতিক ভালপোৱা ভাল লোক কংগ্ৰেছত নাথাকিব বুলি উল্লেখ কৰে ৷ তেওঁ লগতে তৃণমূল কংগ্ৰেছৰ মিডিয়া কোষৰ অধ্যক্ষ দিলীপ শৰ্মায়ো আজি দলটোত যোগদান কৰাৰ কথা জানিবলৈ দিয়ে ৷ সদ্যপদত্যাগী কংগ্ৰেছ নেতা সুৰেশ বৰা আৰু কাৰ্যকৰী সভাপতি পৰিতোষ ৰয়ৰ লগতে দিলীপ শৰ্মায়ো আজি পুৱা মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ কথা বিধায়ক জিতু গোস্বামীয়ে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: Suresh Borah quits Congress: কংগ্ৰেছৰ সংগ ত্যাগ সুৰেশ বৰাৰ

Last Updated : Nov 11, 2023, 1:35 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.