ETV Bharat / state

কেতিয়া ঘোষণা হ'ব নতুন SOP !

author img

By

Published : Jul 18, 2021, 7:37 PM IST

মুখ্যমন্ত্ৰীৰ ক'ভিড-১৯ বিধৱা সাহায্য আঁচনিৰ অধীনত ৩১ গৰাকী বিধৱা মহিলাৰ মাজত চেক বিতৰণ স্বাস্থ্যমন্ত্ৰীৰ । বৃহস্পতিবাৰে ৰাজ্য চৰকাৰে ঘোষণা কৰিব নতুন SOP । নগাঁও জিলা প্ৰশাসনক প্ৰশংসা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ ।

কেতিয়া ঘোষণা হ'ব নতুন SOP !
কেতিয়া ঘোষণা হ'ব নতুন SOP !

নগাঁও, 18 জুলাই : বৃহস্পতিবাৰে ৰাজ্য চৰকাৰে (STATE GOVERNMENT) ঘোষণা কৰিব নতুন এছঅপি (SOP)। সম্প্ৰতি ৰাজ্যত ক'ভিড-১৯ (COVID-19) ৰ সংক্ৰমণ কিছু হ্ৰাস হৈছে যদিও সম্পূৰ্ণ ক'ভিড মুক্ত হোৱা নাই অসম (ASSAM)। ক'ভিড- ১৯ ত স্বামীহাৰা হোৱা নগাঁৱৰ ৩১ গৰাকী বিধৱা মহিলাৰ মাজত চৰকাৰী সাহায্যৰ চেক বিতৰণ কৰি এই মন্তব্য কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ।

কেতিয়া ঘোষণা হ'ব নতুন SOP !

ক’ভিডত আক্ৰান্ত হৈ পিতৃ-মাতৃৰ মৃত্যু হোৱা শিশুসকলক চৰকাৰে আৰ্থিক সাহায্য প্ৰদান কৰাৰ বাবে ড৹ হিমন্ত বিশ্ব শৰ্মা (HIMANTA BISWA SARMA)নেতৃত্বাধীন চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে । তাৰ উপৰিও স্বামীহাৰা হোৱা মহিলাসকলক ২.৫ লাখ টকাৰ এককালীন সাহায্য প্ৰদান কৰা হ’ব বুলিও সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই । এই দুয়োখন আঁচনিত যিসকল লোক অন্তৰ্ভুক্ত হোৱা নাই, তেওঁলোককো চৰকাৰে ১ লাখ টকাৰ অনুদান আগবঢ়োৱাৰ বাবে চিন্তা-চৰ্চা কৰি আছে বুলি ঘোষণা কৰে মন্ত্ৰীজনে ।

শুকুৰবাৰে নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ পৰা এগৰাকী মহিলা নিৰুদ্দেশ হোৱাৰ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত কেশৱ মহন্তই কয় যে, এতিয়াৰ পৰা ক'ভিড চিকিৎসালয়ত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিয়া হৈছে । ইপিনে ক'ভিড-১৯ নিয়ন্ত্ৰণৰ বাবে নগাঁৱত জিলা প্ৰশাসনে গ্ৰহণ কৰা তৎপৰতাৰ বাবে নগাঁও জিলা প্ৰশাসনক ভাষণৰ জৰিয়তে প্ৰশংসা কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই । দেওবাৰে বিধৱা মহিলাৰ মাজত অনুষ্ঠিত হোৱা চেক বিতৰণ অনুষ্ঠানত নগাঁৱৰ জিলা উপায়ুক্ত কবিথা পদ্মনাভন, নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীৰ লগতে স্বাস্থ্য বিভাগৰ বিষয়-ববীয়াসকল উপস্থিত থাকে ।

লগতে পঢ়কঃ শক্তি বিভাগক শক্তিশালী কৰিবলৈ বিমল বৰাই বিচাৰিলে ৰাইজৰ সহায়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.