ETV Bharat / state

নগাঁৱত অচিনাক্ত মৃতদেহ উদ্ধাৰ

author img

By

Published : Sep 25, 2020, 12:23 PM IST

Unknown dead body recovered in nagaon assam etv bharat news
অচিনাক্ত মৃতদেহ উদ্ধাৰ

নগাঁৱত উদ্ধাৰ হৈছে এক অচিনাক্ত মৃতদেহ ৷ হয়বৰগাঁও হাইস্কুলৰ সমীপত উদ্ধাৰ হোৱা মৃতদেহটো প্ৰত্যক্ষ কৰি স্থানীয় লোকে খবৰ দিয়ে আৰক্ষীক ৷ বৰ্তমানলৈকে মৃতদেহটোৰ কোনো পৰিচয় বাহিৰ হোৱা নাই ৷

নগাঁও,25 ছেপ্তেম্বৰ: নগাঁৱৰ হয়বৰগাঁৱত উদ্ধাৰ হৈছে এগৰাকী অচিনাক্ত লোকৰ মৃতদেহ ৷ শুকুৰবাৰে পুৱা চহৰৰ মাজমজিয়াৰ হয়বৰগাঁও হাইস্কুলৰ সমীপত ক’লা পেন্ট আৰু বগা চাৰ্ট পৰিহিত মৃতদেহটো স্থানীয় লোকে প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক ৷ প্ৰাপ্ত খবৰৰ ভিত্তিত ঘটনাস্থলীত হয়বৰগাঁও আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে ৷ মৃতদেহটোৰ অৱস্থিতিৰ প্ৰতি লক্ষ্য কৰি লোকজনক কোনো দুৰ্বৃত্তই হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷ বৰ্তমানলৈকে মৃতদেহটোৰ কোনো পৰিচয় বাহিৰ হোৱা নাই ৷ উদ্ধাৰ হোৱা মৃতদেহটোৰ শৰীৰত আঘাতৰ চিন স্পষ্ট আছিল বুলি আৰক্ষীয়ে ব্যক্ত কৰিছে ৷

অচিনাক্ত মৃতদেহ উদ্ধাৰ

লগতে চাওকঃ নগাঁৱৰ চামগুৰিত ৰকিবুল,নুৰুল হুদাক কটাক্ষ সত্যৰঞ্জন বৰাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.