ETV Bharat / city

নগাঁৱৰ চামগুৰিত ৰকিবুল,নুৰুল হুদাক কটাক্ষ সত্যৰঞ্জন বৰাৰ

author img

By

Published : Sep 25, 2020, 3:32 AM IST

এইবাৰ নগাঁৱৰ চামগুৰিত উপস্থিত হৈ কেবাটাও বিস্ফোৰক মন্তব্য হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাৰ । প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ লগতে বিধায়ক নুৰুল হুদাকো কটাক্ষ সত্যৰঞ্জনৰ ।

নগাঁৱৰ চামগুৰিত ৰকিবুল,নুৰুল হুদাক কটাক্ষ সত্যৰঞ্জন বৰাৰ
নগাঁৱৰ চামগুৰিত ৰকিবুল,নুৰুল হুদাক কটাক্ষ সত্যৰঞ্জন বৰাৰ

নগাঁও, 24 ছেপ্টেম্বৰ : নগাঁও জিলাৰ দুখনকৈ ঐতিহ্যমণ্ডিত সত্ৰত বৃহস্পতিবাৰে পোন প্ৰথমবাৰৰ বাবে উপস্থিত হ'ল শেহতীয়াকৈ বহু বিতৰ্কৰে সাঙুৰ খাই পৰা হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰা । প্ৰথমে চামগুৰিৰ খাটোৱালস্থিত ধৱলিবালি সত্ৰত উপস্থিত হৈ সত্যৰঞ্জন বৰাই ঐতিহ্যমণ্ডিত পুৰণি সত্ৰখনৰ অস্তিত্ব আৰু আনুসাংগিক দিশসমূহৰ বিষয়ে আলাপ-আলোচনাত মিলিত হয় সত্ৰৰ সত্ৰাধিকাৰৰ লগতে ভকত বৈষ্ণৱৰ সৈতে ।

একাংশ সতীৰ্থসহ সত্ৰখনত সম্ভাষণ তথা প্ৰসাদ গ্ৰহণ কৰি পৰৱৰ্তী সময়ত পৰিদৰ্শন কৰে সমীপৰে ঐতিহাসিক ব্ৰহ্মচাৰি সত্ৰও । ইফালে সংবাদ মাধ্যমৰ সন্মুখত হিন্দুত্ববাদী নেতা সত্যৰঞ্জনে স্বভাৱসূলভভাৱে বহু কেইটা বিস্ফোৰক মন্তব্য প্ৰদান কৰে ।

নগাঁৱৰ চামগুৰিত ৰকিবুল,নুৰুল হুদাক কটাক্ষ সত্যৰঞ্জন বৰাৰ

স্থানীয় চামগুৰি সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ পিতৃ প্ৰয়াত নুৰুল হুছেইন আৰু ৰূপহীহাট সমষ্টিৰ বৰ্তমানৰ বিধায়ক নুৰুল হুদাৰ সন্দৰ্ভত বৰাই চুড়ান্ত কটাক্ষ কৰা দেখা যায় সংবাদ মাধ্যমৰ সন্মুখত ।

নগাঁৱৰ চামগুৰিত ৰকিবুল,নুৰুল হুদাক কটাক্ষ সত্যৰঞ্জন বৰাৰ

একাংশ বৌদ্ধিক সন্ত্ৰাসবাদীয়ে শংকৰী কলা-কৃষ্টিক ভাৰতীয় হিন্দুত্ববাদৰ পৰা পৃথক কৰাৰ চেষ্টা কৰাতো অতি দুৰ্ভাগ্যজনক বুলি আখ্যা দিয়ে সত্যৰঞ্জন বৰাই । ভাৰত কেৱল সংবিধানত লিখা আছে বাবেই ধৰ্মনিৰপেক্ষ নহয়, হিন্দু মানেই ধৰ্মনিৰপেক্ষ মন্তব্য নেতা সত্যৰঞ্জনৰ । অৱশ্যে হিন্দুক সুৰক্ষা তথা হিন্দুত্বৰ ধ্বজাবাহক হিচাপে নিজকে জাহিৰ কৰিবলৈ চেষ্টা চলোৱা হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাই বৃহস্পতিবাৰে চামগুৰিৰ ঐতিহ্যমণ্ডিত সত্ৰ দুখনৰ নামঘৰত লংপেণ্ট পিন্ধি প্ৰৱেশ কৰাতো কিমান সমীচিন তাকলৈ সম্ভৱতঃ বহু প্ৰশ্ন যে উপস্থিত বহু জনৰ মনত উদ্ভৱ হোৱা নাই তাক কিন্তু একাষাৰে নুই কৰিব নোৱাৰি ।

লগতে পঢ়ক : সাংবাদিক জিয়াউৰ ৰহমানৰ বিৰুদ্ধে ভইছ অৱ অসমৰ অপপ্ৰচাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.