ETV Bharat / state

পুৰণিগুদামত দুৰ্ঘটনাত পতিত তীৰ্থযাত্ৰী বাহন : আহত কেইবাজনো

author img

By

Published : Jan 23, 2021, 9:57 AM IST

কলিয়াবৰ অভিমুখী AS-01GC-5873 নম্বৰৰ এখন কয়লা ভৰ্তি ট্ৰাকৰ সৈতে গুৱাহাটী অভিমুখী AS-01GC-3949 নম্বৰৰ এখন আল্ট্ৰা বাছৰ মাজত মুখামুখি সংঘৰ্ষ ৷ দুৰ্ঘটনাত পতিত বাছখনত আছিল তীৰ্থযাত্ৰীৰ দল ।

পুৰণিগুদামত দুৰ্ঘটনাত পতিত তীৰ্থযাত্ৰী বাহন: আহত কেইবাজনো
পুৰণিগুদামত দুৰ্ঘটনাত পতিত তীৰ্থযাত্ৰী বাহন: আহত কেইবাজনো

চামগুৰি,23 জানুৱাৰী : নগাঁও জিলাৰ পুৰণিগুদামৰ তেলীয়াগাঁৱত শুকুবাৰে নিশা এক ভয়ংকৰ দুৰ্ঘটনাত পতিত হয় এখন তীৰ্থযাত্ৰীৰ বাছ । কলিয়াবৰ অভিমুখী AS-01GC-5873 নম্বৰৰ এখন কয়লা ভৰ্তি ট্ৰাকৰ সৈতে গুৱাহাটী অভিমুখী AS-01GC-3949 নম্বৰৰ এখন আল্ট্ৰা বাছৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত দুৰ্ঘটনাতো সংঘটিত হয় ৷

ইপিনে দুৰ্ঘটনাটোৰ ফলত আহত প্ৰায় 20 জনতকৈও অধিক তীৰ্থযাত্ৰী । দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে স্থানীয় ৰাইজৰ সহযোগত অতি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত সাত জনকৈ তীৰ্থযাত্ৰীক ততাতৈয়াকৈ চামগুৰি স্থিত চৰকাৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰে আৰক্ষীয়ে ।

উল্লেখযোগ্য যে, প্ৰায় 40 গৰাকী তীৰ্থযাত্ৰীলৈ নিশা শিৱসাগৰৰ পৰা কামৰূপৰ মিৰ্জালৈ ওভতি গৈছিল আল্ট্ৰা বাছখন । ইফালে দুৰ্ঘটনাটোৰ ফলত নিশা কেইবা ঘণ্টা ধৰি 37 নং ৰাষ্ট্ৰীয় ঘাই পথৰ দুয়ো দিশে আৱদ্ধ হৈ পৰে অসংখ্য যান-বাহন । অৱশ্যে পৰৱৰ্তী সময়ত চামগুৰি আৰু পুৰণিগুদাম আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰে সমগ্ৰ পৰিস্থিতি ।

লগতে পঢ়কঃ কংগ্ৰেছে ব্ৰিটিছক খেদিছিল,এতিয়া বিজেপিকো খেদিব : গৌৰৱ গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.