ETV Bharat / state

Flood in assam 2022 : বিপদসীমাৰ ওপৰেৰে বৈছে কপিলী-বৰপানীৰ জলপৃষ্ঠ

author img

By

Published : May 14, 2022, 12:37 PM IST

বানৰ কবলত কামপুৰ-কচুৱাৰ কেইবাখনো গাঁও(Kampur and Kachua effected by flood) । কিছুদিনৰে পৰা হৈ থকা ধাৰাসাৰ বৃষ্টিপাতৰ ফলত বিপদসীমাৰ ওপৰেৰে বৈছে কপিলী আৰু বৰপানী নদীৰ জলপৃষ্ঠ । আনহাতে, বৰপানী নৈৰ বানত জুৰিপাৰৰ এখন বাঁহৰ দলং উটি যোৱাৰ খবৰো আহি পৰিছে ৷

several-villages-in-kampur-and-kachua-effected-by-flood
কপিলী-বৰপানীৰ জলপৃষ্ঠ বৃদ্ধি

বঢ়মপুৰ, 14 মে’ : বাৰিষাৰ প্ৰথমটো বানত বুৰ গৈছে কামপুৰ-কচুৱাৰ কেইবাখনো গাঁও(Kampur and Kachua effected by flood) ৷ বিপদসীমাৰ ওপৰৰে বৈছে কপিলী আৰু বৰপানী নদীৰ জলপৃষ্ঠ ৷ বিগত কিছুদিনৰে পৰা হৈ থকা ধাৰাসাৰ বৃষ্টিপাতৰ ফলত বিপদসীমাৰ ওপৰেৰে বৈছে নদী দুখনৰ জলপৃষ্ঠ ৷

নেৰানেপেৰা বৰষুণৰ ফলত কপিলী জলবিদ্যুত প্ৰকল্পৰ জলস্তৰ দ্ৰুতগতিত বৃদ্ধি পোৱাত কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ চাৰিখনকৈ গেট খুলি দিয়ে কৰ্তৃপক্ষই ৷ ইয়াৰ ফলতে কামপুৰৰ নৱনিৰ্মিত দলঙৰ প্ৰতিও সৃষ্টি হৈছে ভাবুকিৰ ৷ ইতিমধ্যে বানত প্লাৱিত হৈছে শিঙিমাৰী, লংজাপ আৰু শিলডুবিকে ধৰি কেইবাখনো গাঁৱৰ লগতে বিস্তৰ এলেকাৰ কৃষি ভূমি ৷ বছৰৰ প্ৰথমটো বানতে কৃষি ভূমি ডুব যোৱা(Agricultural land effected by flood)ত কৃষকসকলৰ মাজত সৃষ্টি হৈছে হাহাকাৰ অৱস্থা ৷

বানৰ কবলত কামপুৰ-কচুৱাৰ কেইবাখনো গাঁও

আনহাতে, বৰপানী নৈৰ বানত জুৰিপাৰৰ এখন বাঁহৰ দলং উটি যোৱাৰ খবৰো আহি পৰিছে ৷ জুৰিপাৰ আৰু শিঙিমাৰী দুয়োখন গাঁৱৰ মাজত যাতায়াতৰ একমাত্ৰ মাধ্যম হিচাপে থকা বাঁহৰ দলংখন বানে উটুৱাই নিয়াত সম্প্ৰতি দুয়োখন গাঁৱৰ মাজৰ যোগাযোগ ব্যাহত হৈ পৰিছে ৷

লগতে চাওক: মুখ্যমন্ত্ৰীৰ বাবে বহু পৰিয়ালত বৈছে সুখৰ চকুপানী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.