ETV Bharat / state

144 at Kaliabor : বাঘৰ আতংক, কলিয়াবৰত ১৪৪ ধাৰা জাৰি

author img

By

Published : Mar 21, 2023, 10:05 AM IST

144 at Kaliabor
বাঘৰ আতংকৰ বাবে কলিয়াবৰত ১৪৪ ধাৰা জাৰি

বিগত এমাহ ধৰি কলিয়াবৰত ঢেঁকীয়াপতীয়াই মুক্ত বিচৰণ কৰি আছে (Tiger free roaming in Kaliabor)। প্ৰশাসনে কেইবাটাও অঞ্চলত ১৪৪ ধাৰা জাৰি কৰিছে । কিন্তু প্ৰশাসনৰ বাধা নেওচি একাংশ লোকৰ যাতায়ত অব্যাহত আছে । ৰাইজৰ এনে কাৰ্যত ক্ষোভিত হৈছে স্থানীয় প্ৰশাসন ।

বাঘৰ আতংকৰ বাবে কলিয়াবৰত ১৪৪ ধাৰা জাৰি

কলিয়াবৰ,২১ মাৰ্চ : নগাঁও জিলাৰ কলিয়াবৰত ঢেঁকীয়াপতীয়াৰ আতংক অব্যাহত আছে (Tiger terror in Kaliabor)। বিগত প্ৰায় এমাহ ধৰি কলিয়াবৰৰ বহু অঞ্চলত ঢেঁকীয়াপতীয়াই মুক্ত বিচৰণ কৰি আছে । আনকি চাহ বাগিচাত ঢেঁকীয়াপতীয়াৰ মুক্ত বিচৰণৰ বাবে আতংকিত হৈ পৰিছে শ্ৰমিক তথা কৰ্মচাৰীসকল । আনহাতে ঢেঁকীয়াপতীয়াটোক কাজিৰঙালৈ খেদি পঠিওৱাত সম্পূৰ্ণ ব্যৰ্থ হৈছে বন বিভাগ ।

অৱশ্যে বিভিন্ন ধৰণৰ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে স্থানীয় প্ৰশাসন আৰু বন বিভাগে । ঢেঁকীয়াপতীয়া লগতে মানুহৰ সুৰক্ষাৰ বাবে কামাখ্যা মন্দিৰ, সোণাৰী গাঁৱৰ পথ আদি স্থানত ১৪৪ ধাৰা জাৰি কৰিছে প্ৰশাসনে (Section 144 imposed in Kaliabor for tiger menace)। কিন্তু প্ৰশাসনৰ নিষেধাজ্ঞা আওকাণ কৰি বহু লোকে কামাখ্যা মন্দিৰ-সোণাৰী গাঁও পথ আৰু ত্ৰিশূলধাৰী পথত যাতায়ত কৰা দেখা গৈছে ।

একাংশ যুৱকে বাইক, স্কুটী লৈ ঢেঁকীয়াপতীয়াই বিচৰণ কৰা উক্ত পথত ঘূৰি ফুৰা দেখা গৈছে । যাৰ বাবে দণ্ডাধীশৰ নেতৃত্বত এটা দলে অঞ্চলটোত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে অনাই বনাই ঘূৰি ফুৰা একাংশ লোকক ধমক দিয়ে ।

সোমবাৰে বিয়লি হঠাতে পৰিস্থিতিৰ বুজ ল'বলৈ সেই স্থানত উপস্থিত হৈছিল কলিয়াবৰ মহকুমাৰ দণ্ডাধীশ । কিন্তু ১৪৪ ধাৰা জাৰি কৰা পথত একাংশ লোকে যাতায়ত কৰা দেখি ক্ষোভিত হৈ পৰে দণ্ডাধীশগৰাকী । আইন উলংঘনকাৰীৰ বিৰুদ্ধে কঠোৰ হোৱা দেখা গ'ল দণ্ডাধীশগৰাকীক । আনহাতে প্ৰশাসনে বান্ধি দিয়া নিয়ম মানি চলিবলৈও মহকুমা প্ৰশাসনে ৰাইজক আহ্বান জনায় ।

উল্লেখ্য যে কলিয়াবৰ চাহ বাগিচাৰ মাজেদি যোৱা কামাখ্যা মন্দিৰ-সোণাৰী গাঁও পথ আৰু ত্ৰিশূলধাৰী পথত বিগত এমাহ ধৰি বনৰজাৰ বিচৰণৰ বাবে বিয়লি ৪ বজাৰ পৰা পুৱা ৯ বজালৈ প্ৰশাসনে জাৰি কৰিছে ১৪৪ ধাৰা (Tiger free movement in Kaliabor)। বাঘ আৰু মানুহৰ মাজত যাতে সংঘাত পৰিস্থিতি নহয় তাৰ বাবেই এই পদক্ষেপ লৈছে প্ৰশাসন তথা বন বিভাগে । ইফালে শিলঘাটৰ কলিয়াবৰ মেনৰলৈ ফুৰিবলৈ অহা কোনো লোকৰ কেমেৰাত বন্দী হৈছে বনৰজাই বিশ্ৰাম কৰা এক দৃশ্য । পথৰ কাষতে বনৰজাক দেখি কোনো লোকে কেমেৰাত বন্দী কৰিলে বিশেষ দৃশ্যটো ।

লগতে পঢ়ক :Weather Warning in Assam : ৰাজ্যত সৰ্তকতা জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.