ETV Bharat / state

ৰাইজে উৎখাত কৰিলে বৃহৎ জুৱাৰ ঘাটি

author img

By

Published : Jul 27, 2021, 9:01 AM IST

Raid against gambling in Kandulimari
জুৱাৰ ঘাটিত অভিযান কান্দুলীমাৰিৰ ৰাইজৰ

এখন বৃহৎ জুৱা খেলৰ বিৰুদ্ধে অভিযান চলালে কান্ধুলীমাৰিৰ ৰাইজে ৷ অভিযান কেইবাজন জুৱৰীক আটক কৰাৰ লগতে পাঁচখন মটৰ চাইকেল জব্দ কৰাৰ লগতে জুৱা খেলৰ বহু সামগ্ৰী জব্দ কৰে ৰাইজে ৷

চামগুৰি, 26 জুলাই : সমাজ বিৰোধী প্ৰতিটো কাৰ্যকলাপৰ বিৰুদ্ধে বিশেষভাৱে তৎপৰ হৈ পৰিছে আৰক্ষী-প্ৰশাসন ৷ যি ধৰণে আৰক্ষী-প্ৰশাসন অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে তৎপৰ হৈছে সেই একে ধৰণে সাধাৰণ লোকসকলো এই ক্ষেত্ৰত অধিক সচেতন হোৱা পৰিলক্ষিত হৈছে ৷ সোমবাৰে এখন বৃহৎ জুৱাখেলৰ বিৰুদ্ধে অভিযান চলায় কান্ধুলীমাৰিৰ ৰাইজে ৷

প্ৰকৃতে আৰক্ষীয়ে কৰিবলগীয়া কামখিনি ৰাইজে কৰিলে ৷ অভিযোগ অনুসৰি বহু দিনৰ পৰা ধিঙৰ কান্ধুলীমাৰিৰ নৈপৰীয়া অঞ্চলত একাংশ লোকে এখন বৃহৎ জুৱা খেলৰ আয়োজন কৰি আহিছিল ৷ পৰ্যায়ক্ৰমে এটা বৃহৎ জুৱা ঘাটিলৈ পৰিণত হৈছিল সেই নৈপৰীয়া অঞ্চলটো ৷

এই জুৱাৰ ঘাটিৰ বিৰুদ্ধে ৰাইজে ধিং আৰক্ষীক কেইবাবাৰো অৱগত কৰিছিল ৷ কিন্তু ৰাইজৰ অভিযোন অনুসৰি কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে ধিং আৰক্ষীয়ে ৷ অৱশেষ জুৱাৰ ঘাটিটো উচ্ছেদ কৰিবৰ বাবে একত্ৰিতভাৱে ওলাই আহে কান্ধুলীমাৰিৰ ৰাইজ ৷

জুৱাৰ ঘাটিত অভিযান কান্ধুলীমাৰিৰ ৰাইজৰ

লগতে পঢ়ক : অসমৰ কাৰ্গিল বীৰ জিণ্টু গগৈ

কান্ধুলীমাৰিৰ আঞ্চলিক আমছুৰ সহযোগত জুৱাৰ ঘাটিটোত এক অভিযান চলাই কান্ধুলীমাৰিৰ ৰাইজে ৷ অভিযান কালত কেইবাজনো জুৱাৰীক ৰাইজে আটক কৰে যদিও বহুকেইজন জুলাৰী পালই যাবলৈ সক্ষম হয় ৷ স্থানীয় লোকে সদৰি কৰা মতে জুৱাৰ ঘাটিৰ পৰা পাঁচখন মটৰ চাইকেলৰ লগতে কিছু পৰিমাণে জুৱাৰ সামগ্ৰী জব্দ কৰে ৰাইজে ৷

স্থানীয় লোকে সদৰি কৰা মতে, কেইবাজনো জুৱাৰীয়ে ৰাইজৰ ৰোষত পৰা ভয়ত কাষতে থকা নদীৰ পানীত জাঁপ দিয়ে ৷ কিন্তু ৰাইজৰ তৎপৰতা পানীত জাঁপ দিয়া কেইবাজনো জুৱাৰীক পানীতে কৰায়ত্ব কৰিবলৈ সক্ষম হয় ৷ খেদি খেদি কৰায়ত্ব কৰা হয় জুৱাৰী কেইটাক ৷

উক্ত ঘটনাৰ খবৰ লাভ কৰাৰ পাচতে ঘটনাস্থলীত উপস্থিত হয় ধিং আৰক্ষী । আৰক্ষীয়ে বাইক সহ জুৱাৰী কেইটাক ৰাইজ পৰা নিজৰ জিম্মাত লয় ৷ এই সমগ্ৰ ঘটনাক লৈ ক্ষোভিত হৈ পৰিছে ধিং কান্ধুলীমাৰিৰ ৰাইজ ৷ দীৰ্ঘদিন ধৰি চলি অহা এই জুৱা খেলখন বন্ধ কৰিবলৈ ধিং আৰক্ষীক ৰাইজে বাৰম্বাৰ অৱগত কৰি আহিছিল যদিও কিয় ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে ৷

লগতে পঢ়ক : অসম ৰাইফলছৰ মুখ্য কাৰ্যালয়ত উপস্থিত গৃহমন্ত্ৰী অমিত শ্বাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.