ETV Bharat / state

অসমৰ কাৰ্গিল বীৰ জিণ্টু গগৈ

author img

By

Published : Jul 26, 2021, 3:35 PM IST

দেশজুৰি পালন কৰা হৈছে কাৰ্গিল বিজয় দিৱস ৷ এই কাৰ্গিল যুদ্ধত প্ৰাণ হেৰুৱাইছিল অসমৰ বীৰ যোদ্ধা জিণ্টু গগৈয়ে ৷ কাৰ্গিলৰ অন্যতম নায়ক জিণ্টু গগৈৰ জীৱনৰ এক অৱলোকন ৷

A tribute to Kargil Hero Let Jintu Gogoi
অসমৰ কাৰ্গিল বীৰ জিন্টু গগৈ

নিউজ ডেস্ক, 26 জুলাই : কাৰ্গিল যুদ্ধৰ গৌৰৱ উদযাপনেৰে 26 জুলাইত সমগ্ৰ দেশে উদযাপন কৰে বিজয় দিৱস ৷ ভাৰতীয় স্থলসেনাই কাৰ্গিলৰ সুউচ্চ পাহাৰত হাড় কঁপোৱা শীতত চিৰবৈৰী পাকিস্তানৰ বিৰুদ্ধে কৰিছিল এই যুদ্ধ ৷ পাকিস্তানৰ সেনা প্ৰধান জেন. পাৰভেজ মুশ্বাৰফৰ ভাৰত আক্ৰমণৰ বাসনাই সৃষ্টি কৰিছিল এই যুদ্ধৰ ৷

চোৰৰ দৰেই ভাৰতীয় সেনাই এৰি অহা বাংকাৰত আহি খোপনি পুতিছিল পাকিস্তানী সেনাই ৷ পাকিস্তানী সেনাই এই যুদ্ধক কোনোদিনে মানি লোৱা নাছিল যদিও ভাৰতীয় সেনাই প্ৰমাণ সহকাৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পাকিস্তানৰ মিথ্যাচাৰ উদঙাই দিছিল ৷ তাৰ পাচতেই আৰম্ভ হৈছিল যুদ্ধ ৷

অসমৰ কাৰ্গিল বীৰ জিণ্টু গগৈ

সেই যুদ্ধতে প্ৰাণ হেৰুৱাইছিল লাচিতৰ তেজেৰে শক্তিশালী এজন অসমীয়া সেনানীয়ে ৷ দেশৰ অখণ্ডতা ৰক্ষা কৰিবলৈ গৈ কাৰ্গিলৰ উচ্চ শিখৰত প্ৰাণ আহুতি দিছিল 17 গাড়ৱাল ৰেজিমেণ্টৰ কেপ্টেইন জিণ্টু গগৈয়ে ।

লগতে পঢ়ক : Kargil Vijay Diwas ৰ 22 বছৰ: পাক সেনাৰ বিৰুদ্ধে ভাৰতৰ ঐতিহাসিক জয়

1999 চনৰ 2 জুনৰ দিনটো আছিল শ্বহীদ কেপ্টেইন জিন্টু গগৈৰ পৰিয়ালৰ এটা বৰ আনন্দৰ দিন । জিণ্টু গগৈৰ পিতৃ বায়ুসেনা বিষয়া ঠগিৰাম গগৈ, মাতৃ দুলুপ্ৰভা গগৈ আৰু দুই ভগ্নী বিশেষ ৰে’লযোগে উপস্থিত হৈছিল দিল্লীত । জিণ্টু গগৈয়ে নিজেই পছন্দ কৰা ছোৱালীৰ আঙুঠি পিন্ধাবলৈ । অঞ্জনা পৰাশৰ নামৰ এগৰাকী যুৱতীৰ লগত আনুষ্ঠানিকভাৱে আঙুঠি পিন্ধোৱা হৈছিল জিণ্টুৰ ।

সেই দিনটোৱেই আছিল পৰিয়ালৰ সকলো উপস্থিত হোৱা এটা শেষ মূহুৰ্ত । কোনেও জনা নাছিল মাত্ৰ 28 টা দিনৰ পিছতেই চিৰদিনৰ বাবে পৰিয়ালৰ পৰা আঁতৰি যাব পৰিয়ালৰ একমাত্ৰ সন্তান জিণ্টু । আঙুঠি পিন্ধাই পৰিয়ালৰ লগতে নিজৰ হ'বলগীয়া পত্নীৰ পৰা বিদায় লৈছিল জিণ্টু গগৈয়ে । কিয়নো জিণ্টুলৈ নিৰ্দেশ আহিছিল শীঘ্ৰে যুদ্ধৰ বাবে যাব লাগে কাৰ্গিললৈ ৷

লগতে পঢ়ক : কাৰ্গিল বিজয় দিৱসৰ তাৎপৰ্য কি ?

চিৰবৈৰী পাকিস্তানৰ লগত যুদ্ধত নামি পৰিল জিণ্টু । অৱশেষত বেয়া খবৰটো আহিল 30 জুনত । গোলাঘাটৰ উপায়ুক্তৰ বিশেষ এটা দলে মৃত্যুৰ বতৰা লৈ উপস্থিত হয় জিণ্টু গগৈৰ খুমটাইস্থিত বাসগৃহত । জিণ্টুৰ কইনা অহা ঘৰখনলৈ ঘূৰি আহিল জিণ্টুৰ নশ্বৰ দেহ ।

কাৰ্গিল যুদ্ধৰ বৰ্তমান পাৰ হ'ল 22 টা বছৰ । 22 টা বছৰে পিতৃ-মাতৃয়ে ধৰি ৰাখিছে পুত্ৰৰ স্মৃতি । পুত্ৰৰ বস্ত্ৰ, সামৰিক পোছাক, চিত্ৰ সযতনে ৰাখিছে বীৰগৰাকীৰ পিতৃ-মাতৃয়ে । কেপ্টেইন জিণ্টু গগৈৰ সমাধিত পুৱা-গধূলি বন্তি প্ৰজ্জ্বলন কৰে পৰিয়ালৰ লোকে ।

জিণ্টু গগৈ কেৱল এজন যুঁজাৰু আছিল তেনে নহয় ৷ জিণ্টু আছিল এগৰাকী চিত্ৰ শিল্পী আৰু ভাল ফুটবল খেলুৱৈয়ো । দেশৰ হকে জিণ্টু গগৈৰ আত্ম বলিদানৰ এই গাঁথাই যুৱ প্ৰজন্মক সদায় অনুপ্ৰাণিত কৰিব ৷

লগতে পঢ়ক : ২২ সংখ্যক কাৰ্গিল বিজয় দিৱসত বীৰ শ্বহীদক স্মৰণ দেশবাসীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.