ETV Bharat / state

নগাঁৱত পঞ্চম মহলাৰ পৰা পৰি মৃত্যু কৰ্মৰত শ্ৰমিকৰ

author img

By

Published : Mar 20, 2020, 4:26 PM IST

ETV BHARAT
নগাঁৱত পঞ্চম মহলাৰ পৰা পৰি মৃত্যু কৰ্মৰত শ্ৰমিকৰ

নগাঁৱৰ উৰিয়াগাঁৱৰ নিৰ্মীয়মান অট্টালিকাত সংঘটিত হয় এটা অঘটন । নিৰ্মীয়মান অট্টালিকাৰ পঞ্চম মহলাৰ পৰা পৰি মৃত্যু হয় কৰ্মৰত পশ্চিমবংগৰ শ্ৰমিক ।

নগাঁও, 20 মাৰ্চঃ নগাঁৱৰ উৰীয়াগাঁৱত নিৰ্মীয়মান অট্টালিকাৰ পঞ্চম মহলাৰ পৰা পৰি মৃত্যু হয় এজন কৰ্মৰত শ্ৰমিকৰ । গুৰুতৰভাৱে আহত আন এজন শ্ৰমিক ৷ নগাঁৱৰ উৰিয়াগাঁৱৰ নিৰ্মীয়মান অট্টালিকাত অঘটন। অট্টালিকাৰ পঞ্চম মহলাৰ পৰা পৰি মৃত্যু হয় এগৰাকী কৰ্মৰত শ্ৰমিকৰ । ঘটনা অনুসৰি, নিৰ্মীয়মান এটা অট্টালিকাৰ পঞ্চম মহলাৰ পৰা পৰি আহত হৈছিল দুজনকৈ শ্ৰমিক। আহত শ্ৰমিক দুজনক গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰিছিল যদিও এজন শ্ৰমিকৰ মৃত্যু হয় আৰু আনজন সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে । নগাঁৱৰ ৰয়েল আবাসৰ নিৰ্মীয়মাণ কাৰ্যত নিয়োগ হৈ থকা শ্ৰমিক দুজনৰ ঘৰ পশ্চিমবংগৰ মালদাহত বুলি জানিব পৰা গৈছে । মৃত শ্ৰমিক জনৰ নাম তৰিকোল শেখ আৰু আহত জনৰ নাম আলম শেখ

নগাঁৱত পঞ্চম মহলাৰ পৰা পৰি মৃত্যু কৰ্মৰত শ্ৰমিকৰ

উল্লেখ্য যে,ঠিকাদাৰৰ গাফিলতিৰ বাবেই এই কৰুণ ঘটনাটো সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। কৰ্মৰত অৱস্থাত শ্ৰমিক সকলক কোনো চেফ্টি বেল্টৰ ব্যৱস্থা নকৰাৰো অভিযোগ উত্থাপন হৈছে ঠিকাদাৰ জনৰ বিৰুদ্ধে । তাৰোপৰি এই ঘটনাটো অভিযুক্ত ঠিকাদাৰ জনে গাপ দিয়াৰ চেষ্টা কৰিছে বুলি আন এক গুৰুতৰ অভিযোগ কৰে একাংশ শ্ৰমিকে ।

লগতে পঢ়ক- শিল্পী পংকজ বৰদলৈৰ দেহাৱসান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.