ETV Bharat / state

Drugs seized in Nagaon : নগাঁৱত ড্ৰাগছসহ আটক স্বামী-স্ত্ৰী

author img

By

Published : Apr 26, 2022, 10:14 AM IST

Updated : Apr 26, 2022, 10:38 AM IST

স্বামী-স্ত্ৰীয়ে মিলি নগাঁৱত চলাইছে ড্ৰাগছৰ বেহা ৷ কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী(CRPF) আৰু নগাঁও আৰক্ষীৰ যুটীয়া অভিযানত ড্ৰাগছৰ সৈতে আটক এটা দম্পতী(One couple arrested with drugs in Nagaon) ৷ লগতে জব্দ দুচকীয়া বাহন ৷

one-couple-arrested-with-drugs-in-nagaon
নগাঁৱত ড্ৰাগছসহ আটক স্বামী-স্ত্ৰী

নগাঁও, 26 এপ্ৰিল : ড্ৰাগছৰ বিৰুদ্ধে নগাঁও আৰক্ষী(Operation against drugs in Nagaon)য়ে ধাৰাবাহিক অভিযান অব্যাহত ৰখাৰ সময়তো নগাঁৱৰ বিভিন্ন প্ৰান্তত অতি কৌশলেৰে একাংশই চলাই আহিছে বৰবিহ সদৃশ নিষিদ্ধ ড্ৰাগছৰ গোপন বেহা ৷ আনকি নগাঁৱত এতিয়া বহু মহিলাও জড়িত হৈ পৰিছে ড্ৰাগছৰ ব্যৱসায়ত ৷ নগাঁৱৰ বিভিন্ন প্ৰান্তত স্বামী-স্ত্ৰীয়ে মিলিও আৰম্ভ কৰিছে মাৰাত্মক ড্ৰাগছৰ ব্যৱসায় ৷

সোমবাৰে নিশা কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চিআৰপিএফ আৰু নগাঁও আৰক্ষীৰ যুটীয়া অভিযানত জালত পৰে ড্ৰাগছৰ বেহাৰ সৈতে জড়িত এনে এটা দম্পতী ৷ দম্পতীটোৰ ঘৰ নগাঁৱৰ কাতিমাৰীত ৷ দীর্ঘদিন ধৰি নিজ ঘৰৰ পৰাই স্বামী-স্ত্ৰীয়ে মিলি অতি গোপনে চলাই আহিছিল ড্ৰাগছৰ বেহা ৷

নগাঁৱত ড্ৰাগছসহ আটক স্বামী-স্ত্ৰী

প্ৰাপ্ত তথ্য অনুসৰি, জামাল উদ্দিন আৰু পত্নী জ্যোৎস্নাৰা বেগমে মিলি ড্ৰাগছৰ বেহাত জড়িত হৈ যুৱ প্ৰজন্মৰ জীৱন ধ্বংসৰ গৰাহলৈ ঠেলি দিছে ৷ স্বামীয়ে ক্ৰয় কৰি অনা ড্ৰাগছ ঘৰৰ পৰাই অতি কৌশলেৰে বিক্ৰী কৰি আহিছে পত্নী জ্যোৎস্নাৰা বেগমে ৷ এনেদৰে ঘৰৰ পৰাই ড্ৰাগছৰ বেহা চলাই থাকোতেই এক গোপন সূত্ৰৰ ভিত্তিত তথ্য লাভ কৰে চিআৰপিএফ আৰু নগাঁও আৰক্ষীয়ে ৷

সেইমতে, নগাঁৱৰ কাতিমাৰীস্থিত চিআৰপিএফৰ ৩৪ নং বেটালিয়ন আৰু নগাঁও আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলাই কাতিমাৰীৰ জামাল উদ্দিনৰ বাসগৃহত ৷ অভিযানকাৰী দলটোৱে বুজন পৰিমাণৰ ড্ৰাগছ জব্দ(Drugs seized in Nagaon) কৰাৰ লগতে এই বেহাত জড়িত জামাল উদ্দিন আৰু পত্নীক হাতে-লোটে আটক(One couple arrested with drugs in Nagaon) কৰিবলৈ সক্ষম হয় ৷ ধৃত দম্পতীটোৰ পৰা আৰক্ষীয়ে ড্ৰাগছৰ লগতে নগদ ধন জব্দ কৰিবলৈ সক্ষম হয় ৷ অধিক তথ্যৰ বাবে সম্প্ৰতি দুয়োৰে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

লগতে চাওক: ৰঙিয়াত ব্ৰাউন চুগাৰসহ দুজনক আটক

Last Updated :Apr 26, 2022, 10:38 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.