ETV Bharat / state

মিছন ড্ৰাগছ : নগাঁৱত দুসপ্তাহত 37 টা ড্ৰাগছ বিৰোধী অভিযান

author img

By

Published : May 31, 2021, 7:13 AM IST

Updated : May 31, 2021, 10:34 AM IST

আপৰাধীৰ বিৰুদ্ধে কঠোৰ আনন্দ মিশ্ৰ
আপৰাধীৰ বিৰুদ্ধে কঠোৰ আনন্দ মিশ্ৰ

বিগত দুটা সপ্তাহত নগাঁও আৰক্ষীৰ বৃহৎ সফলতা ৷ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হৈছে বহু পৰিমাণৰ নিচাজাতীয় সামগ্ৰী, আপত্তিজনক নথি পত্ৰৰ লগতে বহু লাখ টকা ৷

নগাঁও,31 মে’: আনন্দ মিশ্ৰৰ যোগদানৰ পিচতেই অধিক সক্ৰিয় হৈ পৰিছে নগাঁৱৰ প্ৰত্যকগৰাকী আৰক্ষী । ড্ৰাগছকে ধৰি বিভিন্ন অপৰাধৰ বিৰুদ্ধে নগাঁও আৰক্ষীয়ে অব্যাহত ৰাখিছে ধাৰাবাহিক অভিযান । লাভ কৰিছে বৃহৎ সফলতা । বিশেষকৈ নগাঁৱক ড্ৰাগছমুক্ত কৰাৰ লক্ষ্যৰে বিগত দিনকেইটাত 37 টা অভিযান চলাই 37 টা গোচৰ ৰুজু কৰে নগাঁও আৰক্ষীয়ে । লগতে 37 টা অভিযানত বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰ, হেৰ'ইন, নিচাজাতীয় চিৰাপ, টেবলেট জব্দ কৰাৰ লগতে 71 জনকৈ লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় নগাঁও আৰক্ষীয়ে ।

আপৰাধীৰ বিৰুদ্ধে কঠোৰ আনন্দ মিশ্ৰ
আপৰাধীৰ বিৰুদ্ধে কঠোৰ আনন্দ মিশ্ৰ

ইয়াৰ সমান্তৰালকৈ আৰক্ষীক গুলিওৱাৰ ভাবুকি দিয়া মনচুৰ আৰু জাইতুল কবিৰ নামৰ দুজন ড্ৰাগছ মাফিয়াক গুলীয়াই আহত কৰে নগাঁও আৰক্ষীৰ এটা দলে । অভিযানত আৰক্ষীৰ দলে তিনিটাকৈ পিষ্টল, 11 জাঁই সজীৱ গুলী, ৯ খন বাইক, এখন চাৰিচকীয়া বাহনৰ লগতে নগদ আঢ়ৈ লাখ টকাও জব্দ কৰিবলৈ সক্ষম হয় ৷

উল্লেখ্য যে, সৎ, দক্ষ আৰু সাহসী এগৰাকী আৰক্ষী বিষয়া হিচাপে জনতাৰ অন্তৰত স্থান দখল কৰিবলৈ সক্ষম হোৱা আই পি এছ বিষয়া আনন্দ মিশ্ৰই নগাঁও আৰক্ষী অধীক্ষক হিচাপে যোগদান কৰাৰ পিছৰ পৰাই অধিক সক্ৰিয় হৈ পৰিছে নগাঁৱৰ প্ৰতিজন আৰক্ষী বিষয়া । অপৰাধৰ বিৰুদ্ধে সষ্টম হৈ পৰিছে জিলাখনৰ প্ৰতিখন আৰক্ষী থানা । প্ৰায় প্ৰতিখন থানা এলেকাৰ পৰাই দৈনিক উৎখাত কৰিবলৈ সক্ষম হৈছে এটাৰ পিছত আন এটা ড্ৰাগছৰ ঘাটি । আটক কৰিবলৈ সক্ষম হৈছে বহুকেইটা অপৰাধী ।

নগাঁৱৰ আৰক্ষী অধীক্ষক হিচাপে যোগদান কৰি প্ৰথমেই জিলাখনক ড্ৰাগছমুক্ত কৰিবলৈ প্ৰতিজ্ঞাবদ্ধ হৈ পৰে আনন্দ মিশ্ৰ । নগাঁৱত যোগান কৰা দুটা সপ্তাহো সম্পূৰ্ণ হোৱা নাই আনন্দ মিশ্ৰৰ । কিন্তু এই দিনকেইটাতে আনন্দ মিশ্ৰৰ নেতৃত্বত নগাঁও আৰক্ষীয়ে ড্ৰাগছকে ধৰি বিভিন্ন অপৰাধৰ বিৰুদ্ধে লাভ কৰিছে ব্যাপক সফলতা । নগাঁও আৰক্ষীয়ে চলোৱা অভিযানে নগাঁও চহৰখন ড্ৰাগছ মুক্ত হ’ব বুলি কঢ়িয়াই আনিছে আশাৰ সঞ্চাৰ ।

লগতে পঢ়ক: নগাঁৱক ড্ৰাগছমুক্ত কৰিবলৈ যিকোনো পন্থা অৱলম্বন কৰিব আনন্দ মিশ্ৰই

Last Updated :May 31, 2021, 10:34 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.