ETV Bharat / state

Batadrava Police Station Fire Case: বদলি হ'ল নিৰাপত্তা আৰু চোৰাংচোৱা শাখাৰ উপ-আৰক্ষী অধীক্ষক

author img

By

Published : May 23, 2022, 10:41 PM IST

বটদ্ৰৱা থানাত একাংশ উত্তেজিত লোকে আক্ৰমণ কৰি বিস্তৰ ক্ষতি সাধন কৰাৰ পাছতেই ৰদ-বদল কৰা হৈছে আৰক্ষী বিভাগত (Batadrava police station incident) ৷ থানা আক্ৰমণৰ পাছতে তাৎক্ষণিকভাৱে বটদ্ৰৱা থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক নিলম্বন কৰা হৈছিল ৷ ইয়াৰ পাছতে সোমবাৰে নগাঁৱৰ উপ-আৰক্ষী অধীক্ষক (নিৰাপত্তা আৰু চোৰাংচোৱা) দিপ্তী মালীক বদলি কৰা হয় ।

Batadrava police station incident
বদলি হ'ল নিৰাপত্তা আৰু চোৰাংচোৱা শাখাৰ উপ-আৰক্ষী অধীক্ষক

নগাঁও, 23 মে’: নগাঁৱৰ উপ-আৰক্ষী অধীক্ষক (নিৰাপত্তা আৰু চোৰাংচোৱা) দিপ্তী মালীক বদলি কৰা হৈছে । দিপ্তী মালীৰ স্থানত বাবুধৰ দেউৰীক নিযুক্তি প্ৰদান কৰা হয় । বটদ্ৰৱা আৰক্ষী থানাত সংঘটিত আক্ৰমণৰ(Batadrava police station incident) ঘটনাৰ পাছতে কৰা হৈছে এই ৰদ-বদল ৷

বটদ্ৰৱা কাণ্ডত নগাঁও আৰক্ষীৰ বিৰুদ্ধে নিৰাপত্তাত গাফিলতিৰ অভিযোগ উত্থাপিত হৈছিল । ফলত তাৎক্ষণিকভাৱে নিলম্বন কৰা হৈছিল বটদ্ৰৱাৰ ভাৰপ্ৰাপ্ত বিষয়া কুমুদ কুমাৰ গগৈক (Batadrava OC suspended) । ইয়াৰ পাছতে উপ-আৰক্ষী অধীক্ষক(সদৰ)ৰ দায়িত্বত থকা ত্ৰিদিৱ কুমবাঙৰ ভূমিকাক লৈয়ো উঠিছিল প্ৰশ্ন ।

উল্লেখ্য যে, বটদ্ৰৱা আৰক্ষী থানা আক্ৰমণৰ ঘটনাত নিৰাপত্তাৰ সুৰুঙা থকাৰ কথা স্বীকাৰ কৰিছিল খোদ অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই ।

লগতে পঢ়ক: বটদ্ৰৱা থানা আক্ৰমণৰ ব্লুপ্ৰিন্টৰ আঁৰত কোন ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.