ETV Bharat / city

বটদ্ৰৱা থানা আক্ৰমণৰ ব্লুপ্ৰিন্টৰ আঁৰত কোন ?

author img

By

Published : May 23, 2022, 8:40 PM IST

বটদ্ৰৱা আৰক্ষী থানাত কিদৰে সংঘটিত হৈছিল ভয়ংকৰ ঘটনাটো (Batadrava police station attack)? কোনে উত্তেজিত কৰিছিল আৰক্ষী থানা জ্বলাবলৈ ? আৰক্ষীৰ জিম্মাতেই মৃত্যু হৈছিল নে ছফিকুল ইছলামৰ ? ই টি ভি ভাৰত অসমৰ এক বিশেষ প্ৰতিবেদন ৷

Batadrava police station attack
বটদ্ৰৱা থানা আক্ৰমণৰ ব্লুপ্ৰিন্টৰ আঁৰত কোন ?

নগাঁও, 23 মে’: এজন যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰিয়েই জ্বলি ছাঁই হ'ল নগাঁৱৰ বটদ্ৰৱা আৰক্ষী থানা (Batadrava Police station burnt)। নিমিষতে ছাঁইত পৰিণত হ'ল আৰক্ষীৰ বৃহৎ অস্ত্ৰ ভাণ্ডাৰ, গুৰুত্বপূৰ্ণ নথি-পত্ৰ ৷ ঘটনাক কেন্দ্ৰ কৰি আজিও চেপা উত্তেজনাই বিৰাজ কৰি আছে বটদ্ৰৱাত । ঘটনাৰ তদন্তৰ বাবে ইতিমধ্যে গঠন কৰা হৈছে এছ আই টি (SIT formed for investigation of Batadrava incident)৷

ভয়ংকৰ থানা আক্ৰমণৰ ঘটনা সংঘটিত হোৱাৰ পিছতেই উত্থাপন হৈছে ইছলামিক উগ্ৰপন্থীৰ প্ৰসংগও । এনে সময়তে পোহৰলৈ আহিছে এটা ভিডিঅ’ ফুটেজ । কিদৰে কৰা হৈছিল আৰক্ষী থানা জ্বলাই দিয়াৰ পৰিকল্পনা (Batadrava Police station burnt with pre plan)। সেই সময়ত আৰক্ষী থানা থানা জ্বলাই দিবলৈ একাংশ মহিলাক দিয়া হৈছিল উচটনি । ছালনাবড়িৰ ছাদ্দাম আলীয়ে একাংশ মহিলাক উত্তেজিত কৰিছিল আৰক্ষী থানা জ্বলাই দিবলৈ । সম্প্ৰতি পলাতক ছাদ্দাম ।

বটদ্ৰৱা থানা আক্ৰমণৰ ব্লুপ্ৰিন্টৰ আঁৰত কোন ?

ইপিনে ঘটনাত জড়িত প্ৰায় ৭ জনকৈ লোকক গ্ৰেপ্তাৰ কৰিছে নগাঁও আৰক্ষীয়ে (Seven arrested for Batadrava violence)। আৰক্ষী থানা আক্ৰমণৰ ঘটনাত জড়িত ইমান আলী নামৰ অভিযুক্তৰ বাসগৃহৰ পৰা আৰক্ষীয়ে দেওবাৰে নিশা জব্দ কৰিছে মাৰণাস্ত্ৰৰ লগতে নিষিদ্ধ ড্ৰাগছ ।

যিজন যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰিয়েই সৃষ্টি হৈছিল এই ভয়ংকৰ ঘটনাটো, সেই ছফিকুল ইছলামক শুকুৰবাৰে নিশা সুৰামত্ত অৱস্থাত উদ্ধাৰ কৰিছিল আৰক্ষীয়ে । শনিবাৰে পুৱাই আৰক্ষীৰ জিম্মাত থকা অৱস্থাতে মৃত্যু হৈছিল ছফিকুলৰ । যুৱকজনৰ মৃত্যুৰ গইনা লৈয়েই আৰক্ষী থানাত চলিছিল আক্ৰমণ ।

আৰক্ষীৰ নিৰাপত্তা ব্যৱস্থাৰ সুৰুঙা থকাৰ বাবেই আৰক্ষী থানা জ্বলাই দিবলৈ সক্ষম হোৱা বুলি স্বীকাৰ কৰিলে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই । লগতে আৰক্ষীৰ জিম্মাতে যুৱকজনৰ মৃত্যু হোৱাৰ কথাও স্বীকাৰ কৰিলে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে ।

পুৱাই আৰক্ষীৰ জিম্মাত এজন যুৱকৰ মৃত্যু হোৱাৰ পিছত বিয়লি সংঘটিত হৈছিল আৰক্ষী থানা আক্ৰমণৰ দৰে ভয়ংকৰ ঘটনা । এনে অৱস্থাত কোনো উমানেই পোৱা নাছিল নেকি আৰক্ষীয়ে ?

নগাঁও আৰক্ষীৰ সদৰৰ উপ আৰক্ষী অধীক্ষক ত্ৰিদিপ কুম্বাং আছিল বটদ্ৰৱা আৰক্ষী থানাৰ দায়িত্বত । কিন্তু আশ্চৰ্যজনক কথাটো হ'ল উপ আৰক্ষী অধীক্ষক ত্ৰিদিপ কুম্বাঙেও পুৱাৰ পৰা বিয়লি পৰ্যন্ত গ্ৰহণ কৰা নাছিল কোনো ব্যৱস্থা । এনে ঘটনাত ডি এছ পি কুম্বাঙে কৰিছিল নেকি গাফিলতি ? এনে প্ৰশ্নই এতিয়া উত্থাপিত হৈছে একাংশৰ মাজত ।

লগতে পঢ়ক: Batadrava PS incident : আক্ৰমণকাৰীৰ বাসগৃহৰ পৰা জব্দ ড্ৰাগছ-মাৰণাস্ত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.