ETV Bharat / state

Batadrava PS incident : আক্ৰমণকাৰীৰ বাসগৃহৰ পৰা জব্দ ড্ৰাগছ-মাৰণাস্ত্ৰ

author img

By

Published : May 23, 2022, 2:18 PM IST

বটদ্ৰৱা থানা জ্বলোৱা(Fire in Batadrava police station) ৰ দৰে অনাকাংক্ষিত ঘটনাত জড়িত আন এজন অভিযুক্তক কৰায়ত্ত কৰে নগাঁও আৰক্ষীয়ে ৷ এই সন্দৰ্ভত জানিব পৰা মতে, দেওবাৰে নিশা নগাঁও আৰক্ষীয়ে অভিযান চলাই কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে চুলতান আলী নামৰ অভিযুক্তটোক(Another person arrested for batadrava PS incident) ৷

Another person arrested for batadrava PS incident
আক্ৰমণকাৰীৰ বাসগৃহৰ পৰা জব্দ ড্ৰাগছ

নগাঁও, 23 মে’: বটদ্ৰৱা থানা আক্ৰমণৰ নতুন মোৰ(Mob torched Batadrava police station) ৷ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপৰিও আন আন মন্ত্ৰী-বিধায়কসকলে ৷ সমান্তৰালকৈ ঘটনাস্থলী পৰিদৰ্শন কৰি প্ৰতিক্ৰিয়া ব্যক্ত কৰে অসম আৰক্ষীৰ বিশেষ শাখাৰ সঞ্চালক প্ৰধান জি পি সিং ৷

Another person arrested for batadrava PS incident
বটদ্ৰৱা থানা আক্ৰমণৰ নতুন মোৰ

আৰক্ষীয়ে এই ঘটনাৰ সৈতে জড়িত 21 জনকৈ অপৰাধীক ইতিমধ্যে কৰায়ত্ত কৰিছে ৷ থানা জ্বলোৱা(Fire in Batadrava police station) ৰ দৰে অনাকাংক্ষিত ঘটনাত জড়িত আন এজন অভিযুক্তক কৰায়ত্ত কৰে নগাঁও আৰক্ষীয়ে ৷ এই সন্দৰ্ভত জানিব পৰা মতে, দেওবাৰে নিশা নগাঁও আৰক্ষীয়ে অভিযান চলাই কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে চুলতান আলী নামৰ অভিযুক্তটোক(Another person arrested for batadrava PS incident) ৷

আন এক পৃথক অভিযানত আৰক্ষীয়ে বটদ্ৰৱা থানা আক্ৰমণৰে জড়িত ইমাম আলী নামৰ ব্যক্তিজনৰ বাসগৃহৰ পৰা জব্দ কৰে এটা পিষ্টলৰ লগতে 4 জাঁই সজীৱ গুলী আৰু কিছু পৰিমাণৰ নিচাজাতীয় টেবলেট ৷ শনিবাৰে থানাখন জ্বলাই দিয়াৰ পিছৰে পৰা পলাতক অৱস্থাত আছে এই ঘটনাত জড়িত ইমাম আলী নামৰ অভিযুক্ত ৷ আলীৰ সন্ধান অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে ৷

লগতে চাওক: আৰক্ষীৰ চকুৰ আগতেই জ্বলি ছাঁই হ’ল থানা; তৃতীয় শক্তি জড়িত থকাৰ সন্দেহ আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.