ETV Bharat / state

Murder case in Nagaon: মহিলাক ধৰ্ষণ কৰি উলংগ অৱস্থাত গছত ওলোমালে দুৰ্বৃত্তই

author img

By

Published : Oct 27, 2022, 10:51 PM IST

Murder and rape case at Samoguri
Murder case in Nagaon: মহিলাক ধৰ্ষণ কৰি উলংগ অৱস্থাত গছত ওলোমালে দুৰ্বৃত্তই

এগৰাকী মহিলাক উলংগ অৱস্থাত গছত বান্ধি থোৱা অৱস্থাত উদ্ধাৰ কৰে নিজ কন্যাই (Murder and rape case at Samoguri) ৷

নগাঁও, 27 অক্টোবৰ: নগাঁৱৰ চামগুৰিত জঘন্য ঘটনাৰ সংঘটিত হৈছে (Murder case in Nagaon) ৷ এগৰাকী মহিলাক উলংগ অৱস্থাত গছত বান্ধি থোৱা অৱস্থাত উদ্ধাৰ কৰে নিজ কন্যাই (Murder and rape case at Samoguri) ৷

ঘটনা বিৱৰণি অনুসৰি বুধবাৰে নিশাই অল্পনা কুৰ্মী নামক মহিলাগৰাকীক কোনো লোকে ঘৰৰ পিছফালৰ জংঘললৈ টানি লৈ গৈ ধৰ্ষণ কৰে ৷ এই ধৰ্ষণকাণ্ডৰ পিছতেই মহিলগৰাকীক হত্যা কৰি ৰচীৰে বান্ধি গছত ওলোমাই থৈ যায় দুৰ্বৃত্তই ৷

বৃহস্পতিবাৰে পুৱা কন্যাই শুৱাৰ পৰা উঠি মাতৃক বিচনাত নেদেখি প্ৰথমে নিজ ঘৰৰ ভিতৰত বিচাৰ খোচাৰ কৰে ৷ তাৰ পিছতেই মাতৃক বিচাৰি কন্যাই ঘৰৰ পিছফালে যাওঁতেই উলংগ অৱস্থাত গছত ওলমি থকা অৱস্থাত মাতৃক প্ৰত্যক্ষ কৰি হতবাক হয় ৷ লগে লগে কন্যাই হুলস্থূল কৰি ওচৰৰ লোকক ঘটনা সন্দৰ্ভত অৱগত কৰে ৷

মহিলাগৰাকীৰ আত্মীয়ই কোৱা অনুসৰি ভুক্তভোগী মহিলাগৰাকীৰ স্বামী আজিৰ পৰা 6/7 বছৰৰ পূৰ্বেই ঢুকাইছিল ৷ তাৰ পিছৰে পৰা দুই সন্তানৰ সৈতে অকলে জীৱন যাপন কৰিছিল তেওঁ ৷ তাৰ পিচৰে পৰা নিকটৱৰ্তী গাঁৱৰ মৃদুল বৰা নামৰ এজন লোক মহিলাগৰাকীৰ ঘৰলৈ আহ-যাহ কৰিছিল ৷ তেওঁৰ লগত প্ৰথমে তেওঁলোকৰ পৰিয়ালটোৰ ভাল সম্পৰ্কই আছিল যদিও পিছলৈ কোনো নথকাৰ সুযোগ লৈ মৃদুলে মহিলাগৰাকীক লুলোপ দৃষ্টিৰে চাইছিল, কথাই প্ৰতি মহিলাগৰাকীক অশ্লীল ইংগিতো দিছিল লোকজনে ৷ ইয়াৰ পিছতে মহিলাগৰাকীয়ে স্থানীয় আৰক্ষী থানাত মৃদুলৰ বিৰুদ্ধে গোচৰো ৰুজু কৰিছিল ৷

Murder case in Nagaon: মহিলাক ধৰ্ষণ কৰি উলংগ অৱস্থাত গছত ওলোমালে দুৰ্বৃত্তই

কিন্তু মৃদুলে গোচৰ ৰুজু কৰাৰ পিছতেই মহিলাগৰাকীৰ ঘৰলৈ আহি অশ্লীল গালি-গালাজ পৰাৰ লগতে কাজিয়া কৰি গোচৰটো উঠাই ল’বলৈ ধমকি দিছিল ৷ এনেকৈয়ে দীৰ্ঘদিন ধৰি মৃদুল আৰু মহিলাগৰাকীৰ বাক-বিতণ্ডা চলি আছিল ৷ বুধবাৰে বিয়লিও মৃদুল বৰা মহিলাগৰাকীৰ ঘৰলৈ অহা প্ৰত্যক্ষ কৰিছিল বহুজনে ৷ মহিলাগৰাকী নিশাৰে পৰা সন্ধানহীন হৈ আছিল বুলি ঘৰৰ লোকে সন্দেহ ব্যক্ত কৰিছে ৷

ইয়াৰ মাজতে বুধবাৰে নিশা হঠাৎ মহিলাগৰাকীৰ লগত সংঘটিত হোৱা এই কাণ্ডত মৃদুল জড়িত থকা বুলি সন্দেহ প্ৰকাশ কৰে পৰিয়ালৰ লোকে ৷ এই ঘটনাৰ কথা খবৰ পোৱাৰ পিছতে ঘটনাস্থলীত চামগুৰি আৰক্ষী উপস্থিত হয় মৃতদেহটো প্ৰত্যক্ষ কৰে ৷ দণ্ডাধীশ উপস্থিত হোৱা পিছতে আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: Murder in Cachar: কাছাৰত নৃশংস হত্যাকাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.