ETV Bharat / state

কলিয়াবৰত 17 ফুট দৈৰ্ঘ্যৰ অজগৰ উদ্ধাৰ

author img

By

Published : Aug 17, 2020, 12:39 PM IST

কলিয়াবৰত উদ্ধাৰ কৰা হৈছে এডাল বৃহৎ অজগৰ ৷ ছাগলী ভক্ষণ কৰি থকা অৱস্থাত অজগৰডাল উদ্ধাৰ কৰে প্ৰকৃতিপ্ৰেমী যুৱক সঞ্জীৱ ডেকাই ৷

Huge Python Rescued at Kaliabor nagaon assam etv bharat news
কলিয়াবৰত অজগৰ উদ্ধাৰ

কলিয়াবৰ,17 আগষ্ট: নগাঁও জিলাৰ কলিয়াবৰত উদ্ধাৰ কৰা হৈছে এডাল বৃহৎ অজগৰ ৷ কলিয়াবৰৰ সোণাৰী চাহ বাগানৰ অন্তৰ্গত তপাহলাত ছাগলী ভক্ষণ কৰি থকা অৱস্থাত অজগৰডাল উদ্ধাৰ কৰে প্ৰকৃতিপ্ৰেমী যুৱক সঞ্জীৱ ডেকাই ৷ উদ্ধাৰ হোৱা প্ৰায় ১৭ ফুট দৈৰ্ঘ্যৰ অজগৰডালৰ এজন 50 কিলোগ্ৰামতকৈও অধিক বুলি জানিব পৰা গৈছে ৷ ঘটনাস্থলীত স্থানীয় বন বিভাগৰ লোক উপস্থিত হৈ প্ৰকৃতিপ্ৰেমী যুৱকগৰাকীৰ সহযোগত অজগৰডাল মুকলি কৰি দিয়ে শিলঘাটৰ কামাখ‍্যা সংৰক্ষিত বনাঞ্চলত ৷

কলিয়াবৰত অজগৰ উদ্ধাৰ

লগতে চাওকঃ পুনৰ স্বাস্থ্যৰ অৱনতি ঘটিছে প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.