ETV Bharat / state

বিদেশী গৱেষকৰ তথ্যচিত্ৰত নগাঁৱৰ হাতীবন্ধু

author img

By ETV Bharat Assamese Team

Published : Nov 17, 2023, 4:50 PM IST

documentary on Hati Bondhu
Hati Bondhu in Nagaon

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত গুৰুত্ব লাভ কৰিছে নগাঁৱৰ হাতীবন্ধুৱে ৷ ছুইজাৰলেণ্ডৰ এটি গৱেষকৰ দলে তথ্য চিত্ৰ নিৰ্মাণৰ বাবে হাতীখুলি ৰংহাং গাঁৱত আহি বাহৰ পাতিছে ৷

নগাঁৱৰ হাতীবন্ধুক লৈ তথ্য চিত্ৰ নিৰ্মাণ

নগাঁও, 17 নৱেম্বৰ: হস্তী-মানৱ সংঘাত ৰোধৰ বাবে বিগত ছবছৰে নিৰলস সাধনা কৰি যোৱা নগাঁৱৰ হাতীবন্ধুৱে এতিয়া বিদেশতো চৰ্চা লাভ কৰিছে ৷ বিভিন্ন সংবাদ মাধ্যমত পৰিৱেশিত হাতীবন্ধুৰ বাতৰিয়ে বহিঃৰাষ্ট্ৰৰ বন্যপ্ৰাণীপ্ৰেমীৰ মন জয় কৰিবলৈ সক্ষম হৈছে ৷ শেহতীয়াকৈ এখন আন্তঃৰাষ্ট্ৰীয় তথ্য চিত্ৰৰ মূল বিষয়-বস্তু হিচাপে বিবেবিচত হৈছে হাতী বন্ধু ৷ সুদূৰ ছুইজাৰলেণ্ডৰ পৰা গৱেষকৰ এটি দলে আহি তথ্যচিত্ৰৰ বাবে বাহৰ পাতিছে নগাঁও-কাৰ্বি আংলং সীমান্তৰ হাতীখুলি ৰংহাং গাঁৱত ৷

হাতী বন্ধুৰ এই কামবোৰ নিজ চকুৰে প্ৰত্যক্ষ কৰিছে গৱেষকৰ দলটোৱে ৷ বুজ লৈছে হাতীবন্ধুৱে কৰা কামৰ বিভিন্ন পজিটিভ আৰু নিগেটিভ দিশ সমূহৰ ৷ ছুইজাৰলেণ্ডৰ গৱেষক ব্ৰিগিট ইউত্তাৰ কৰ্ণেটজকী আৰু তেওঁৰ স্বামী তথা দক্ষিণ আফ্ৰিকাৰ বিখ্যাত বন্যপ্ৰাণী সংৰক্ষক ডেন মাৰব্ৰুক আহিছে ৰংহাং গাঁৱলৈ ৷ ডেন মাৰব্ৰুক এগৰাকী তথ্যচিত্ৰ নিৰ্মাতাও ৷ হাতীবন্ধুৰ প্ৰচেষ্টাৰ বিষয়ে জ্ঞাত হোৱাৰ পিচত তেওঁলোকে সকলোখিনি চাই-বুজি ল’বলৈ তথা তথ্যচিত্ৰযোগে এই প্ৰক্ৰিয়াক উদগনি যোগাবলৈ উপস্থিত হৈছেহি হাতীবন্ধুৰ কাষত ৷

যোৱা ছবৰছৰ ধৰি প্ৰকৃতিপ্ৰেমী নাগৰিক প্ৰদীপ কুমাৰ ভূঞাৰ পৃষ্ঠপোষকতাত আৰম্ভ হৈছিল হাতীবন্ধু ৷ যি নগাঁও-কাৰ্বিআংলং সীমান্তৰ হাতীখুলি ৰংহাং গাঁৱত পাহাৰীয়া অঞ্চলত হাতীৰ বাবে নেপিয়াৰ ঘাঁহৰ খেতি কৰি আহিছে ৷ প্ৰায় 400 বিঘা ভূমিত কৰা নেপিয়াৰ ঘাঁহে পাহাৰত হাতীৰ খাদ্য সমস্যা দূৰ কৰাত সহায় কৰে ৷ লগতে বৃহৎ পৰিসৰত নেপিয়াৰ খেতিৰ কাষতে কেৱল হাতীৰ বাবেই ধান খেতিও কৰা হৈছে ৷ তাৰোপৰি হাতীয়ে ভালপোৱা ঔটেঙা, কল, কাঞ্চন আদি গছৰ খেতিও পাহাৰতে কৰিছে হাতীবন্ধুৱে ৷

হাতীবন্ধুৰ এই কামসমূহৰ তদাৰক কৰে বিনোদ দুলু বৰা নামৰ নগাঁও চাপানালাৰ এজন প্ৰকৃতিপ্ৰেমী যুৱকে ৷ বিনোদৰ লগতে তেওঁৰ পত্নী মেঘ্নাও হাতীবন্ধুৰ সৈতে জড়িত ৷ সাধাৰণতে কাতি মাহৰ মধ্যম ভাগৰ পৰা পথাৰত ধান পকিবলৈ ধৰে ৷ সেই সময়তে পাহাৰৰ পৰা জাকে জাকে বনৰীয়া হাতী নামি আহে পকাধান খাবলৈ ৷ বন্যহস্তীৰ জাকে বিঘাই বিঘাই পকা ধান খাই নষ্ট কৰাৰ ফলত লোকচানৰ সন্মুখীন হ’ব লগাত পৰে কৃষকসকল ৷ আনকি খাদ্যৰ সন্ধানত জনাঞ্চলত বিচৰণ কৰা হাতীয়ে মানুহৰ ঘৰ-দুৱাৰ ভাঙি উপদ্ৰৱ চলোৱাও দেখা যায় ৷

হাতী-মানুহৰ এই সংঘাত ৰাজ্যত চিৰাচৰিত ঘটনা হৈ পৰিছে ৷ পূৰ্বতে ধান পকাৰ সময়তহে ভৈয়ামত হাতীৰ জাকৰ বিচৰণ দেখা যায় যদিও বৰ্তমান ৰাজ্যৰ বহুস্থানত বছৰৰ বাৰ মাহেই হাতীৰ বিচৰণ দেখা যায় ৷ হাতী-বন্ধুৱে এই হাতী-মানুহৰ সংঘাত ৰোধৰ বাবে পাহাৰতে হাতীক খাদ্য যোগানৰ ব্যৱস্থা কৰি আহিছে ৷ যাৰ ফলত সেই অঞ্চলৰ ভৈয়ামত বসতি কৰা কৃষকসকল বাৰুকৈয়ে উপকৃত হৈছে ৷

লগতে পঢ়ক: Man Elephant Conflict: হস্তী-মানৱ সংঘাত দূৰীকৰণৰ হেতু নিৰলস প্ৰচেষ্টা হাতীবন্ধুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.