Man Elephant Conflict: হস্তী-মানৱ সংঘাত দূৰীকৰণৰ হেতু নিৰলস প্ৰচেষ্টা হাতীবন্ধুৰ

By ETV Bharat Assamese Team

Published : Nov 14, 2023, 9:36 PM IST

thumbnail

নগাঁও, 14 নৱেম্বৰ: দীৰ্ঘদিন ধৰি অসমৰ বিভিন্ন অঞ্চলত গা কৰি উঠা এটা প্ৰধান সমস্যা হৈছে হাতী আৰু মানুহৰ সংঘাত ৷ বনৰীয়া হাতী আৰু মানুহৰ মাজত অবিৰামভাৱে চলি অহা এই সংঘাত ৰোধ কৰাটো হৈ পৰিছে এক কঠিন প্ৰত্যাহ্বান ৷ প্ৰধানতঃ গোলাঘাট, শোণিতপুৰ, নগাঁও, গোৱালপাৰা, বাক্সা, হোজাই আদি কেইবাখনো জিলাৰ ৰাইজ ভুক্তভোগী হৈ আহিছে এই সংঘাতৰ ৷ পূৰ্বতে ধান পকাৰ সময়তহে জনাঞ্চলত বনৰীয়া হাতীৰ বিচৰণ পৰিলক্ষিত হৈছিল যদিও এতিয়া বছৰৰ প্ৰায় 12 মাহেই দেখা যায় বন্যহস্তীৰ উপদ্ৰৱ ৷

সংকুচিত বনাঞ্চল, পাহাৰত জন বসতি স্থাপন আদিৰ ফলত বন্যহস্তীৰ আশ্ৰয় স্থল আৰু খাদ্যৰ ব্যাপক নাটনি হোৱা দেখা গৈছে ৷ যাৰ বাবে খাদ্যৰ সন্ধানত পাহাৰৰ পৰা জাকে জাকে হাতী নামি আহে জনাঞ্চললৈ ৷ খেতিপথাৰৰ অনিষ্ট সাধনৰ লগতে বহু সময়ত মানুহৰ ঘৰ-দুৱাৰ ভাঙি তহিলং কৰা দেখা যায় হাতীৰ জাকে ৷ হাতী-মানুহৰ সংঘাতৰ ফলত বহুলোকে প্ৰাণ হেৰুৱাবলগীয়াও হৈছে ৷ আনকি মৃত্যুমুখত পৰিছে বন্যহস্তীও ৷  

হাতী-মানুহৰ সংঘাত দূৰীকৰণ তথা ভৈয়ামৰ কৃষকৰ উৎপাদিত শস্য বন্যহস্তীৰ পৰা ৰক্ষা কৰাৰ উদ্দেশ্যে বহুবছৰ ধৰি নিৰলস প্ৰচেষ্টা চলাই আহিছে হাতীবন্ধু নামৰ এটা সংস্থাই ৷ নগাঁও আৰু কাৰ্বি আংলং জিলাৰ সীমামূৰীয়া হাতীখুলিৰ ৰংহাং গাঁৱত হাতীবন্ধুৱে গ্ৰহণ কৰি আহিছে এক প্ৰশংসনীয় পদক্ষেপ ৷ পাহাৰৰ দাঁতিত বৃহৎ পৰিসৰৰ ভূমিত নেপিয়াৰ ঘাঁহৰ খেতি কৰি বন্যহস্তীক খাদ্য যোগান ধৰি আহিছে এই সংস্থাটোৱে ৷ তাৰোপৰি কেইবাশ বিঘা ভূমিত কেৱল হাতীৰ বাবেই কৰা হৈছে ধানখেতি ৷  

হাতীবন্ধুৱে লোৱা এই পদক্ষেপৰ একমাত্ৰ উদ্দেশ্য হৈছে হাতীয়ে যাতে সেইসমূহ খেতিতেই খাদ্য গ্ৰহণ কৰি ভৈয়ামৰ খেতি পথাৰত আহি উপদ্ৰৱ নচলায় ৷ প্ৰকৃতিপ্ৰেমী প্ৰদীপ ভূঞাৰ পৃষ্ঠপোষকতাত নগাঁৱৰ বিনোদ দুলু বৰা আৰু তেওঁৰ পত্নী মেঘ্না ময়ুৰ হাজৰিকাৰ নেতৃত্বত হাতীবন্ধুৱে কৰি আহিছে এই কাম ৷ নেপিয়াৰ ঘাঁহ, ধানৰ লগতে ঔটেঙা আৰু অন্যান্য হাতীৰ প্ৰিয় খাদ্যৰ খেতিও পাহাৰতে কৰিছে তেওঁলোকে ৷

এতিয়া ধান পকাৰ সময় ৷ গতিকে পাহাৰৰ পৰা হাতীৰ জাক নামি আহে পকা ধান খাবলৈ ৷ কিন্তু ৰংহাং গাঁৱত কৰা নেপিয়াৰ ঘাঁহৰ খেতিৰ বাবে হাতীয়ে ভৈয়ামলৈ নামি নহাকৈয়ে পাহাৰতে লাভ কৰে প্ৰিয় খাদ্য ৷ জাক জাক হাতীয়ে এই নেপিয়াৰ ঘাঁহনিত খাদ্যগ্ৰহণ কৰা দেখা গৈছে ৷ হাতীৰ জাকটোক নিৰীক্ষণ কৰি আহিছে বিনোদ আৰু মেঘ্নাই ৷  

হাতীবন্ধুৱে কৰা নেপিয়াৰ ঘাঁহ আৰু ধান খেতিৰ পৰা অনাগত কিছু দিনলৈ হাতীৰ খাদ্যৰ অভাৱ দূৰ কৰিব ৷ সেই সময়ৰ ভিতৰতে পথাৰৰ পকা ধান চপাবলৈ সক্ষম হ’ব কৃষকসকল ৷ প্ৰথমাৱস্থাত কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হ’লেও বৰ্তমান কাষৰীয়া অঞ্চলৰ ৰাইজৰ পৰাও সঁহাৰি লাভ কৰি আহিছে হাতীবন্ধুৱে ৷ এই অনবদ্য প্ৰচেষ্টাৰে হাতীবন্ধু ব্ৰতী হৈ আছে হস্তী-মানৱ সংঘাত ৰোধ তথা বন্যহস্তীৰ জীৱন ৰক্ষাৰ কাৰ্যত ৷  

লগতে পঢ়ক: A story of Hatibadhu: হাতী-মানুহৰ সংঘাত ৰুধিবলৈ পাহাৰৰ দাঁতিত ঘাঁহ আৰু ধানখেতি হাতীবন্ধুৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.