A story of Hatibadhu: হাতী-মানুহৰ সংঘাত ৰুধিবলৈ পাহাৰৰ দাঁতিত ঘাঁহ আৰু ধানখেতি হাতীবন্ধুৰ

By ETV Bharat Assamese Team

Published : Nov 8, 2023, 8:42 PM IST

thumbnail

নগাঁও, 8 নৱেম্বৰ: ভৈয়ামৰ খেতিয়কে কঁপালৰ ঘাম মাটিত পেলাই কৰা ধান খেতি বনৰীয়া হাতীৰ পৰা ৰক্ষা কৰিবলৈ প্ৰকৃতিপ্ৰেমী সংগঠন হাতীবন্ধুৱে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ । নগাঁও-কাৰ্বি আংলং সীমান্তৰ পাহাৰীয়া এলেকাত বনৰীয়া হাতীৰ বাবে 400 বিঘাৰো অধিক ভূমিত হাতীৰ প্রিয় খাদ্য নেপিয়াৰ খেতি কৰিছে সংস্থাটোৱে । এতিয়া দৈনিক নেপিয়াৰ খেতিত খাদ্য গ্ৰহণ কৰিছে জাকে জাকে বনৰীয়া হাতীয়ে । 

প্ৰকৃতিপ্ৰেমী জ্যেষ্ঠ নাগৰিক প্ৰদীপ কুমাৰ ভূঞাৰ পৃষ্ঠপোষকতাত, প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰাৰ নেতৃত্বত হাতীবন্ধু নামৰ সংস্থাটোৱে হাতীখুলিৰ ৰংহাং গাঁৱত নেপিয়াৰ খেতি কৰি লাভ কৰিছে সফলতা । য'ত পূৰ্ণ সহযোগিতা আগবঢ়াইছে বিনোদ দুলু বৰাৰ পত্নী মেঘ্না ময়ূৰ হাজৰিকাই । কেৱল নেপিয়াৰ ঘাঁহেই নহয়, হাতীৰ বাবে তেওঁলোকে ধান খেতিও কৰিছে ৷ বুধবাৰে ই টি ভি ভাৰতৰ কেমেৰাতো বন্দী হৈছে বনৰীয়া হাতীয়ে খাদ্য গ্ৰহণ কৰাৰ দৃশ্য । চাওক এই বিশেষ প্ৰতিবেদন...

লগতে পঢ়ক: Lachit Ghat: অৱৰ্জনা-কেমিকেলেৰে ভৰি পৰিছে লাচিত ঘাট, নিধিৰাম চৰ্দাৰৰ ভূমিকাত প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ড

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.