ETV Bharat / state

ডেনমাৰ্কৰ সহযোগত কলিয়াবৰত প্ৰথমখন ক'ভিড চিকিৎসালয় মুকলি

author img

By

Published : Feb 28, 2022, 1:59 PM IST

first-covid-hospital-inaugurated-in-kaliabor-with-help-of-denmark
ডেনমাৰ্কৰ সহযোগত কলিয়াবৰত প্ৰথম ক'ভিড চিকিৎসালয় মুকলি

কলিয়াবৰৰ উলুৱনী ৰাজ‍্যিক চিকিৎসালয়ৰ চৌহদত প্ৰথমবাৰৰ বাবে ডেনমাৰ্কৰ সহযোগত ক'ভিড চিকিৎসালয়মুকলি (Covid Hospital inaugurated with help of Denmark) ৷ দেওবাৰে মুকলি কৰা হৈছে চিকিৎসালয়খন ৷

কলিয়াবৰ, 28 ফেব্ৰুৱাৰী : কলিয়াবৰত পোন প্ৰথমবাৰৰ বাবে ডেনমাৰ্কৰ সহযোগত নিৰ্মাণ কৰা হ'ল ক'ভিড চিকিৎসালয় (Covid Hospital inaugurated with help of Denmark) ৷ এই অনুষ্ঠানত উপস্থিত থাকে ডেনমাৰ্কৰ প্ৰতিনিধি ডাঃ উইলিয়াম জেকৱ, স্বাস্থ‍্যমন্ত্ৰীৰ লগতে স্বাস্থ‍্য বিভাগৰ কেন্দ্ৰীয় আৰু ৰাজ‍্য চৰকাৰৰ একাংশ উচ্চপদস্থ বিষয়া ।

কলিয়াবৰৰ উলুৱনী ৰাজ‍্যিক চিকিৎসালয়ৰ চৌহদত ৫৪ খন বিচনাযুক্ত অত‍্যাধুনিক সা-সুবিধাৰে সমৃদ্ধ ক'ভিড চিকিৎসালয়খন দেওবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰা হয় (First Covid Hospital inaugurated in Kaliabor) । ভাৰত চৰকাৰ আৰু ডেনমাৰ্ক চৰকাৰৰ বুজাবুজিৰ ভিত্তিত ডেনমাৰ্ক চৰকাৰে যোগান ধৰা চিকিৎসা তথা গৃহ নিৰ্মাণৰ সা-সঁজুলিৰে নিৰ্মাণ কৰা হৈছে এই চিকিৎসালয়খন ।

ডেনমাৰ্কৰ সহযোগত কলিয়াবৰত প্ৰথম ক'ভিড চিকিৎসালয় মুকলি

উল্লেখ্য যে, সভাত উপস্থিত থাকি ডেনমাৰ্ক ৰাষ্ট্ৰদূত কাৰ্য‍ালয়ৰ প্ৰতিনিধি ডাঃ উইলিয়াম জেকৱে তাৎক্ষণিকভাৱে হাস্পতালখন নিৰ্মাণ কৰাত ভাৰত চৰকাৰ তথা অসম চৰকাৰে লোৱা পদক্ষেপৰ বাবে ভূয়ষী প্ৰশংসা কৰে । ইতিমধ‍্যে পঞ্জাৱ, নাগালেণ্ড, হায়দৰাবাদ আদি স্থানতো ডেনমাৰ্কৰ সহযোগত চিকিৎসালয় নিৰ্মাণ কাৰ্য অব্যাহত থকা বুলি প্ৰতিনিধিগৰাকীয়ে জানিবলৈ দিয়ে ।

আনহাতে, ৰাজ‍্যৰ স্বাস্থ‍্য মন্ত্ৰী কেশৱ মহন্তই ডেনমাৰ্ক চৰকাৰৰ এই মহানুভৱতাৰ শলাগ লয় । ৰাজ‍্যৰ স্বাস্থ‍্যখণ্ডত এনে পদক্ষেপে ৰাজ‍্যৰ জনসাধাৰণক যথেষ্ট উপকৃত কৰিব । মন্ত্ৰীগৰাকীয়ে কলিয়াবৰৰ কেইবাটিও হ'বলগীয়া উন্নয়নমূলক কামৰ বিষয়ে এই অনুষ্ঠানতে ৰাইজক উদ্দেশ্যি অৱগত কৰে ।

লগতে পঢ়ক : তিনিচুকীয়াত ব্যক্তিগতখণ্ডৰ প্ৰথমটো ক'ভিড টীকাকৰণ কেন্দ্ৰ মুকলি

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.