ETV Bharat / state

তিনিচুকীয়াত ব্যক্তগতখণ্ডৰ প্ৰথমটো ক'ভিড টীকাকৰণ কেন্দ্ৰ মুকলি

author img

By

Published : May 28, 2021, 9:33 PM IST

তিনিচুকীয়াৰ ৰঙাগড়াস্থিত আদিত্য হাস্পতালৰ টীকাকৰণ কেন্দ্ৰ মুকলি ৷ প্ৰথমটো দিনত 150 গৰাকীকৈ ব্যক্তিক প্ৰদান কৰা হয় টীকাকৰণ ৷ চিৰাম ইনষ্টিটিউটৰ পৰা ১৫০০০ কোভিশ্বিল্ড ভেকচিন আনিছে আদিত্য ডায়গ'নষ্টিক এণ্ড হাস্পতালে ৷

ব্যক্তিগতখণ্ডৰ চিকিৎসালয় আদিত্য ডায়গ'নষ্টিক এণ্ড হাস্পতালত টিকাকৰণ কেন্দ্ৰ মুকলি
ব্যক্তিগতখণ্ডৰ চিকিৎসালয় আদিত্য ডায়গ'নষ্টিক এণ্ড হাস্পতালত টিকাকৰণ কেন্দ্ৰ মুকলি

তিনিচুকীয়া, 28 মে' : অসমৰ এখন আগশাৰীৰ ব্যক্তিগতখণ্ডৰ চিকিৎসালয় আদিত্য ডায়গ'নষ্টিক এণ্ড হাস্পতালৰ উদ্যোগত তিনিচুকীয়াৰ ৰঙাগড়াস্থিত আদিত্য হাস্পতালত শুকুৰবাৰে পুৱা কেন্দ্ৰটো শুভাৰম্ভ কৰা হয় । ক’ভিড মহামাৰীৰ পৰা সমাজখনক মুক্ত কৰিবলৈ হ’লে টীকাকৰণ বা প্ৰতিষেধকৰ অত্যন্ত প্ৰয়োজন ৷

এই ক্ষেত্ৰত চৰকাৰ আৰু স্বাস্থ্য বিভাগৰ প্ৰচেষ্টাৰ প্ৰতি সহযোগিতা আগবঢ়োৱাৰ উদেশ্যে আদিত্য ডায়গ'নষ্টিক এণ্ড হাস্পতালে টীকাকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰিছে বুলি জনায় পৰিচালন সঞ্চালক, বিশিষ্ট লেখক তথা চিকিৎসক ডাঃ নিৰ্মল চাহেৱালাই ।

চিকিৎসকগৰাকীয়ে জনোৱা মতে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত ব্যক্তিগতখণ্ডৰ চিকিৎসালয়ৰ প্ৰথম টীকাকৰণ কেন্দ্ৰ আদিত্য হাস্পতালে আৰম্ভ কৰিছে । এই কেন্দ্ৰৰ দ্বাৰা সকলোৰে বাবে সহজ লভ্য হ’ব কৰ’ণাৰ প্ৰতিষেধক ।

ব্যক্তিগতখণ্ডৰ চিকিৎসালয় আদিত্য ডায়গ'নষ্টিক এণ্ড হাস্পতালত টিকাকৰণ কেন্দ্ৰ মুকলি

প্ৰথম পৰ্যায়ত ১৮ ৰ পৰা ৪৪ বছৰৰ লোকৰ বাবে উপলব্ধ হ’ব টীকাকৰণ প্ৰক্ৰিয়া । পুনেৰ চিৰাম ইনষ্টিটিউটৰ পৰা ১৫০০০ কোভিশ্বিল্ড ভেকচিন আনিছে আদিত্য ডায়গ'নষ্টিক এণ্ড হাস্পতালে ।

চিকিৎসালয়ৰ পৰিচালন সঞ্চালক গৰাকীয়ে জনোৱা মতে ৰাজ্যখনক ক’ভিড মুক্ত কৰাৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ প্ৰতি আদিত্য হাস্পতালে সহযোগিতা আগবঢ়াব । শুকুৰবাৰৰ টীকাকৰণ কেন্দ্ৰ পৰিদৰ্শন কৰি তিনিচুকীয়াৰ সহকাৰী আয়ুক্ত তথা তিনিচুকীয়া পৌৰসভাৰ কাৰ্যবাহী বিষয়া নীলুৰাম শৰ্মাই তিনিচুকীয়াত এই ভেকচিন কেন্দ্ৰটো মুকলি হোৱাৰ ফলত জনসাধাৰণ বিশেষভাৱে উপকৃত হ’ব বুলি উল্লেখ কৰে ৷

লগতে ক’ভিড 19 প্ৰতিৰোধৰ বাবে আদিত্য হাস্পতালে লোৱা উদ্যোগক প্ৰশংসা কৰে । এই কেন্দ্ৰটোত প্ৰতিদিনে ১৫০ গৰাকী লোকক টীকাকৰণ কৰা হ’ব ।

লগতে পঢ়ক : নৱগ্ৰহৰ গেছ চালিত শ্মশান পুনৰ কাৰ্যক্ষম কৰাৰ বাবে পদক্ষেপ গ্ৰহণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.