ETV Bharat / state

Fake Gold Business : নকল সোণসহ বৰঘূলীৰ পৰা আটক চাৰি প্ৰৱঞ্চক

author img

By

Published : May 27, 2022, 2:00 PM IST

অবৈধভাৱে সোণৰ বেহা
অবৈধভাৱে সোণৰ বেহা

ৰাজ্যত অব্যাহত আছে অবৈধভাৱে সোণৰ বেহা (Fake Gold Business) ৷ এই সন্দৰ্ভত আৰক্ষী কঠোৰ হোৱাৰ পাচতো নগাঁৱৰ বৰঘূলীত আৰক্ষীয়ে জব্দ কৰে এটা নকল সোণৰ টুকুৰা ৷ লগতে এই সংক্ৰান্তত চাৰিজন যুৱকক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷

কলিয়াবৰ, 27 মে’ : নগাঁও আৰক্ষীৰ জালত চাৰি নকল সোণৰ ব্যৱসায়ী (Fake Gold Business)৷ এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত বৃহস্পতিবাৰে নিশা নগাঁৱৰ চুলুং আৰক্ষীৰ এটা দলে উলুৱনী আৰক্ষী নিৱেশৰ অন্তৰ্গত 3 নং বৰঘূলীৰ ইছলামৰ ঘৰত চলাই এক অভিযান ৷ এই অভিযানত আৰক্ষীৰ দলটোৱে প্ৰায় 387 গ্ৰাম ওজনৰ এটা নকল সোণৰ টুকুৰা জব্দ কৰাৰ লগতে আটক কৰে চাৰি অভিযুক্তক (Fake gold smuggler arrested in Nagaon) ৷

অবৈধভাৱে সোণৰ বেহা
অবৈধভাৱে সোণৰ বেহা

কেৱল সোণৰ টুকুৰাটোৱেই নহয়, আৰক্ষীৰ দলটোৱে আটকাধীন যুৱক কেইজনৰ পৰা নগদ 12,900 টকা আৰু দুটা ম’বাইলো জব্দ কৰিবলৈ সক্ষম হয় ৷ আটকাধীনকেইজন বৰঘূলীৰ চিৰাজুল ইছলাম, ৰূপহীহাটৰ মহম্মদ চাহাবুদ্দিন আৰু কাফিলুদ্দিন আৰু বাক্সাৰ চুলতান আলি বুলি জানিব পৰা গৈছে ৷

আৰক্ষী বিষয়া

সম্প্ৰতি উলুৱনী আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা 420/467/34 ৰ অধীনত 29/22 নম্বৰৰ অধীনত আটকাধীন অভিযুক্তকেইটাৰ বিৰুদ্ধে ৰুজু কৰা হৈছে এক গোচৰ ৷ এই গোচৰৰ আধাৰতে বৰ্তমানো আৰক্ষীয়ে চাৰি অভিযুক্তক নিজৰ জিম্মাত ৰাখিছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : নকল সোণৰ নাওসহ নগাঁও আৰক্ষীৰ জালত চাৰি ব্যৱসায়ী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.