ETV Bharat / state

বিশিষ্ট কবি তথা সাহিত্যিক অভয় বৰুৱা আৰু নাই

author img

By

Published : Jan 19, 2022, 5:05 PM IST

অসমৰ সাহিত্য তথা সাংস্কৃতিক জগতলৈ যথেষ্ট অৱদান আগবঢ়োৱা কবি অভয় বৰুৱাৰ মঙলবাৰে মৃত্যু হয় (Eminent Writer Abhay Baruah Passes Away) । অসংখ্য গ্ৰন্থ, নাটক, কবিতা ৰচনা কৰা বিশিষ্ট ব্যক্তিগৰাকীৰ মৃত্যুত নগাঁও জিলাত পৰিছে শোকৰ ছাঁ । শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ উদ্দেশ্যে বাসগৃহত অগণন লোকৰ ভীৰ ।

Abhay Baruah
বিশিষ্ট কবি তথা সাহিত্যিক অভয় বৰুৱা আৰু নাই

নগাঁও, ১৯ জানুৱাৰী : অসম কবি সন্মিলনৰ প্ৰতিষ্ঠাপক সভাপতি তথা বিশিষ্ট কবি অভয় বৰুৱাৰ মঙলবাৰে নিশা ৮ মান বজাত মৃত্যু হয় (Eminent writer Abhay Baruah is no more) । অসমৰ সমাজ জীৱনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত থকা বিশিষ্ট কবিগৰাকীৰ মৃত্যুৰ খবৰে সকলোকে শোকস্তব্ধ কৰি তুলিছে ।

উজনিৰ পৰা নামনিলৈ সমাজ আৰু সাহিত্য সংগঠনৰ কামত বহু সভাত তেওঁ অংশগ্ৰহণ কৰিছিল । একালত ৰাজ্যখনৰ বহু লেখক-সাহিত্যিকৰ কাব্যপুথিয়ে হওক বা আন সৃষ্টিমূলক গ্ৰন্থই হওক, তেখেতৰ পাতনি অবিহনে যেন তেওঁলোকৰ সাহিত্যিক জীৱনৰ অংকুৰণ ঘটা নাছিল ।

তেখেতৰ গঠনমূলক সমালোচনা আৰু প্ৰেৰণাময় বাণীৰে জিলিকি আছে সেইসকলৰ জীৱনৰ প্ৰথমখন কিতাপ । অসম আন্দোলনৰ সময়ৰে পৰা গণসংগ্ৰাম পৰিষদৰ বিভিন্ন কাম-কাজত দিহা-পৰামৰ্শ প্ৰদান কৰাৰ উপৰিও সক্ৰিয়ভাৱে তেওঁলোকৰ বহু কাৰ্যসূচীত আগভাগ লৈছিল অভয় বৰুৱাই । যোৱা সাত বছৰৰ পৰা তেওঁ এলঝেইমাৰত আক্ৰান্ত হৈ আছিল ।

বিশিষ্ট কবি তথা সাহিত্যিক অভয় বৰুৱা আৰু নাই

সাংবাদিকতাৰ ক্ষেত্ৰখনতো তেওঁৰ যথেষ্ট অৱদান আছে । নতুন অসমীয়া, অসম বাতৰি, গণতন্ত্ৰ, দৈনিক অসম, মহাজাতি, অসম ৰাইজ আদি বাতৰি কাকত আৰু আলোচনীত কাম কৰিছিল অভয় বৰুৱাই ।

উল্লেখ্য যে, তেওঁ অসম কবি সন্মিলনৰ সভাপতি, অসম সাহিত্য সভাৰ আজীৱন সভ্য, অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ সদস্য, অসম হাইস্কুল শিক্ষক সন্থাৰ উপ-সভাপতি, নগাঁও জিলা হাইস্কুল শিক্ষক সন্থাৰ সভাপতি, হাইস্কুল শিক্ষান্ত পৰীক্ষা কেন্দ্ৰৰ সহকাৰী তত্ত্বাৱধায়ক, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নামধৰ্ম সমাজ অসমৰ সাহিত্য সমিতিৰ সভাপতি, অসম নাট্য পৰিষদৰ প্ৰতিষ্ঠাতা সম্পাদক, অসম নাট্য সন্মিলন (ফুলগুৰি শাখা) ৰ ক্ৰমে সাধাৰণ সম্পাদক আৰু উপ সভাপতি, অসম নাট্য সন্মিলনৰ ২৫তম কেন্দ্ৰীয় নাট কৰ্মশালাৰ প্ৰশিক্ষক আৰু শিবিৰ সঞ্চালক, ফুলগুৰিত গঠন হোৱা ভ্ৰাম্যমাণ নাট্য দল "শিল্পী সন্থা"ৰ সভাপতি, অসম সাহিত্য সভাৰ সপ্ত চত্বাৰিংশ ৰহা অধিৱেশনৰ আদৰণি সমিতিৰ যুটীয়া সম্পাদক, ফুলগুৰি শাখা সাহিত্য সভাৰ সভাপতি (১৯৮৩-৯৮), শ্বিলঙৰ কিশলয় শিল্পী সমাজৰ সম্পাদককে ধৰি উজনিৰ পৰা নামনিলৈ বহু সাংগঠনিক কাম-কাজত নেতৃত্ব দিছিল ।

সদৌ অসম ছাত্ৰ সন্থা আৰু অসম গণ সংগ্ৰাম পৰিষদৰ আহ্বানত হোৱা জাতীয় অস্তিত্ব ৰক্ষাৰ আন্দোলনত সক্ৰিয় অংশগ্ৰহণ আৰু ভাৰতীয় দণ্ডবিধি আৰু অত্যাৱশ্যকীয় সেৱা আইনৰ অধীনত দুবাৰকৈ জেললৈও যাবলগীয়া হৈছিল অভয় বৰুৱা । ১৯৩৭ চনৰ ২১ অক্টোবৰত ফুলগুৰিত তেওঁ জন্ম গ্ৰহণ কৰিছিল । শ্বিলঙত ৰাজধানী থকাৰ সময়তে অসম সচিবালয়ত চাকৰিত যোগদান কৰিছিল কিন্তু ঘৰুৱা দায়িত্বৰ বাবে তেওঁ ঘৰলৈ উভটি আহি শিক্ষকতা আৰম্ভ কৰিছিল ।

সপ্তম শ্ৰেণীত পঢ়ি থাকোতেই "ৰবাৰ্ট ক্লাইব" নামৰ মঞ্চনাট ৰচনা আৰু পণ্ডিচেৰীৰ শাসনকৰ্তা মাৰ্কুইচ ডুপ্লেৰ চৰিত্ৰত অভিনয়েৰে সাহিত্য আৰু সাংস্কৃতিক জীৱনৰ পাতনি মেলা অভয় বৰুৱাই অষ্টম শ্ৰেণীত থাকোতেই শ্ৰীমন্ত শংকৰদেৱৰ "কীৰ্তন" পুথিৰ বৰ্ণিত "প্ৰহ্লাদ চৰিত্ৰ" আখ্যানৰ আধাৰত "হৰিভক্ত" নামে নাট ৰচনা আৰু "নাৰদ"ৰ চৰিত্ৰত অভিনয় কৰিছিল ।

ৰবাৰ্ট ক্লাইব, হৰিভক্ত, টোকোনা পণ্ডিত, এৰা সুঁতিৰ ঢৌ, মুক্তি তীৰ্থ, দৃষ্টিশূল, পণমুক্তি আদি কেইবাখনো নাটক তেওঁ ৰচনা কৰিছিল । শঁকমণি, শব্দ সুগন্ধি সুবাস, এন্ধাৰ পোহৰ আৰু সব্যসাচী কবিতা পুথি, বিহু জনকৃষ্টিৰ বৈশিষ্ট্য, দৰ্শন পদ্ম সুগন্ধিকা, নামেই গাঁৱৰ ইতিহাস কয়, প্ৰবন্ধ পল্লৱ, নাট চলচ্চিত্ৰ অভিনয়, শিক্ষা সৌগন্ধ, সন্ধানী দৃষ্টিত আধুনিক অসমীয়া কবিতা, ভক্তি ধৰ্মৰ তত্ত্ব সুধা সন্ধান আদি তেওঁৰ প্ৰৱন্ধ গ্ৰন্থও প্ৰকাশ পাইছিল ।

ফুলগুৰিৰ অতীত বৰ্তমান, বিহু নৃত্যত নাচনী আৰু বাদ্য বাদকৰ সাজপাৰ, ফুলগুৰি হাট, সেউজী ধৰণী ধুনীয়া, গ্ৰামাঞ্চলত সাহিত্য চৰ্চাৰ পৰিৱেশ, অসমীয়া লোক সংস্কৃতিৰ সাম্প্ৰতিক অৱক্ষয়, ফুলগুৰি ধেৱাঃ এটি আলোকপাত, বিৱৰ্তনত বিহু সংস্কৃতি, শিক্ষক আৰু শিক্ষাৰ্থীৰ সম্বন্ধ, জেং বিহু আদি অনাতাঁৰ কথিকা তেওঁৰ ৰচনা । কামৰূপী তন্ত্ৰ-মন্ত্ৰ আৰু ঋতু আহে নামৰ দুখন দূৰদৰ্শনৰ ধাৰাবাহিকত তেওঁ অভিনয়ো কৰিছিল ।

এইগৰাকী মহান কবি, সাহিত্যিক, সাংবাদিক, শিক্ষাবিদ, অভিনেতা তথা বিভিন্ন গুণৰ অধিকাৰী অভয় বৰুৱাৰ মৃত্যুত এতিয়া ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছে । বুধবাৰে পুৱা বিশিষ্ট ব্যক্তিগৰাকীক শেষ শ্ৰদ্ধা জ্ঞাপন কৰিবলৈ তেওঁৰ বাসগৃহত অগণন শুভাকাংক্ষীয়ে ভীৰ কৰা দেখা যায় ।

লগতে পঢ়ক : ধুবুৰীৰ পানবাৰী কেন্দ্ৰীয় বিদ্যালয়ক কণ্টেইনমেণ্ট জ'ন ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.