ETV Bharat / state

নগাঁৱত ড্ৰাগছসহ আটক মহিলা

author img

By

Published : Jun 6, 2021, 7:37 PM IST

আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ তৎপৰতাত নগাঁৱত তীব্ৰতৰ হৈছে ড্ৰাগছ বিৰোধী অভিযান ৷ চামগুৰিত ড্ৰাগছ সৰবৰাহকাৰী মহিলাক আটক ৷

drugs-peddler-arrest-in-nagaon
নগাওঁত ড্ৰাগছসহ আটক মহিলা

ধিং, 6 জুন : নগাঁও জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ তৎপৰতাত পুনৰ ড্ৰাগছ সৰবৰাহকাৰী মহিলা আটক । নগাঁও জিলাত ক্ৰমাৎ তীব্ৰতৰ হৈ পৰা ড্ৰাগছ বিৰোধী অভিযানৰ ফলত জিলা খনৰ বিভিন্ন স্থানত নিতৌ আৰক্ষীয়ে উৎখাত কৰিবলৈ সক্ষম হৈছে ড্ৰাগছৰ ঘাটি । আটক হৈছে এটাৰ পিছত এটাকৈ ড্ৰাগছ সৰবৰাহকাৰী । জব্দ হৈছে বৃহৎ পৰিমাণৰ ড্ৰাগছ ।

drugs-peddler-arrest-in-nagaon
নগাওঁত ড্ৰাগছসহ আটক মহিলা

এই ড্ৰাগছ বিৰোধী অভিযানৰ অংশ হিচাপে ধিং আৰক্ষীয়ে অভিযান চলাই ধিঙৰ নজৰ ফকিৰৰ ঘৰৰ পৰা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ আৰু গাঞ্জা জব্দ কৰিবলৈ সক্ষম হোৱাৰ লগতে ১১০৫০ টকা নগদ ধন জব্দ কৰে আৰক্ষীয়ে ৷ এই ব্যৱসায়ৰ লগত জড়িত বিবি চুনোফা ফকিৰকো গ্ৰেপ্তাৰ কৰে ৷ উল্লেখ্য যে, চুনোফা ফকিৰৰ স্বামী নজৰ ফকিৰে দীৰ্ঘদিনে নিজ ধিং অঞ্চলত চলাই আহিছিল নিষিদ্ধ ড্ৰাগছৰ বেহা ৷ নজৰ ফকিৰৰ পত্নীক আৰক্ষীয়ে আটক কৰি সোধ-পোচ অব্যহাত ৰাখিছে ।

লগতে পঢ়ক: কলগাছিয়াৰ মইনবড়ীত বজ্ৰপাতত মৃত্যু দুজনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.