ETV Bharat / state

Encounter in Nagaon : নগাঁও আৰক্ষীৰ গুলীত ধৰাশায়ী ড্ৰাগছ মাফিয়া আবুল

author img

By

Published : May 6, 2023, 5:40 PM IST

Drug mafia shot by Nagaon police
নগাঁৱত গৰজিল আৰক্ষীৰ গুলী

নগাঁৱৰ ধিঙত আৰক্ষীৰ এনকাউণ্টাৰ (Encounter by Nagaon police)। আৰক্ষী কনিষ্টবলক আক্ৰমণ কৰি পলায়নৰ চেষ্টা কৰোঁতেই আৰক্ষীৰ গুলীত আহত হৈছে ড্ৰাগছ মাফিয়া আবুল হুছেইন (Drug mafia shot by Nagaon police)।

নগাঁৱত গৰজিল আৰক্ষীৰ গুলী

নগাঁও, 6 এপ্ৰিল : পুনৰ নগাঁৱত গৰজিল আৰক্ষীৰ আগ্নেয়াস্ত্ৰ (Encounter in Nagaon ) ৷ নগাঁৱৰ ধিঙত আৰক্ষীৰ এনকাউণ্টাৰ। আৰক্ষীৰ গুলীত আহত হৈছে ড্ৰাগছ মাফিয়া আবুল হুছেইন। অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতাৰ নেতৃত্বত চলা এই অভিযানত দলটোৱে মাফিয়াটোৰ পৰা প্ৰায় চাৰি লক্ষাধিক টকাৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে (Encounter by Nagaon police) । আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা কৰাৰ সময়তে ড্ৰাগছ মাফিয়াটোলৈ গুলীচালনা আৰক্ষীৰ (Drug mafia shot by Nagaon police)।

ঘটনা অনুসৰি শনিবাৰে দিনৰ ভাগতে নগাঁও আৰক্ষীৰ অপৰাধ নিয়ন্ত্ৰণ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলায়। ধিঙৰ টুকটুকী ফকীৰবাৰীৰ আবুল হুছেইনৰ বাসগৃহত অভিযান চলাই ১১১ গ্ৰাম হেৰ'ইন জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীৰ দলটোৱে (Drug mafia injured) । জব্দকৃত ড্ৰাগছখিনিৰ আনুমানিক বজাৰ মূল্য প্ৰায় চাৰি লক্ষাধিক টকা হ’ব বুলি আৰক্ষীয়ে সদৰী কৰিছে ৷

লগতে আৰক্ষীৰ দলটোৱে ড্ৰাগছ সৰবৰাহত জড়িত আবুল হুছেইনকো আটক কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে ড্ৰাগছ মাফিয়া আবুল হুছেইনক লৈ ধিং এফ আৰ ইউ হস্পিতাললৈ লৈ যোৱাৰ পথতে এগৰাকী আৰক্ষী কনিষ্টবলক আক্ৰমণ কৰি পলায়নৰ চেষ্টা কৰে । লগে লগে আৰক্ষীয়ে মাফিয়াটোলৈ লক্ষ্য় কৰি দুই জাঁই গুলী চলায় (Nagaon police encounter)। আৰক্ষীৰ গুলীত বাওঁ ভৰিত গুলীবিদ্ধ হয় আবুল। আৰক্ষীৰ গুলীত আহত হৈ পৰাৰ পিচতেই পুনৰ ড্ৰাগছ মাফিয়া আবুল হুছেইনক কৰায়ত্ব কৰিবলৈ সক্ষম হয় আৰক্ষীৰ দলটোৱে।

আৰক্ষীয়ে লগে লগে আহত আবুল হুছেইনক ধিং এফ আৰ ইউ হস্পিতালত প্ৰাথমিক চিকিৎসা প্ৰদান কৰি উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে ৷

স্মৰ্তব্য যে, ধিং আৰক্ষীৰ নীৰৱতাৰ সুযোগ লৈ বৃহত্তৰ অঞ্চলত দীৰ্ঘদিনৰ পৰাই আবুল হুছেইনে ড্ৰাগছৰ ব্যৱসায় চলাই অহাৰ অভিযোগ উত্থাপন হৈ আহিছে। অৱশেষত নগাঁও আৰক্ষীয়ে অভিযান চলাই বুজন পৰিমাণৰ ড্ৰাগছসহ আবুল হুছেইনক জালত পেলাবলৈ সক্ষম হয়।

লগতে পঢ়ক: Jorhat Suicide Case: অশ্লীল ভিডিঅ’ প্ৰস্তুত কৰা অভিযুক্ত ছাত্ৰীসহ দুই ছাত্ৰক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.