ETV Bharat / state

Nipon Goswami Death: নিপন গোস্বামীৰ সৈতে বিজড়িত স্মৃতি সুঁৱৰি কান্দি উঠিল পৰিচালক অৰূপ মান্না

author img

By

Published : Oct 28, 2022, 5:31 PM IST

নিপন গোস্বামীৰ সৈতে তিনিখনকৈ ধাৰাবাহিকত জড়িত আছিল অৰূপ মান্না (Director Arup Manna)। অৰূপ মান্নাৰ ঘৰলৈ আহি সৰু মাছ খাই ভাল পাইছিল সদ্যপ্ৰয়াত অভিনেতা নিপন গোস্বামীয়ে । এনে বহু স্মৃতি সোঁৱৰণ কৰিলে ছবি পৰিচালক অৰূপ মান্নাই ৷

Nipon Goswami Death
নিপন গোস্বামীৰ সৈতে বিজড়িত স্মৃতি সোঁৱৰি কান্দি উছিল পৰিচালক অৰূপ মান্না

নগাঁও, 28 অক্টোবৰ : সহস্ৰ গুণমুগ্ধক কন্দুৱাই বৃহস্পতিবাৰে ইহলীলা সম্বৰণ কৰিলে মহানায়ক নিপন গোস্বামীয়ে ৷ অভিনেতাগৰাকীৰ লগত বিভিন্ন সময়ত অসমীয়া ছবি জগতত কাম কৰা ভিন্নজনে স্মৰণ কৰিছে স্মৃতি ৷

নিপন গোস্বামীৰ সৈতে বিজড়িত স্মৃতি সোঁৱৰি কান্দি উছিল পৰিচালক অৰূপ মান্না

সমগ্ৰ ৰাজ্যবাসীৰ সমান্তৰালকৈ শোকত ম্ৰিয়মান বিশিষ্ট চলচিত্ৰ পৰিচালক অৰূপ মান্না (Director Arup Manna)। নিপন গোস্বামীৰ সৈতে তিনিখনকৈ ধাৰাবাহিকত জড়িত আছিল অৰূপ মান্না । অৰূপ মান্নাৰ ঘৰলৈ আহি সৰু মাছ খাই ভাল পাইছিল সদ্যপ্ৰয়াত অভিনেতা নিপন গোস্বামীয়ে । এনে বহু স্মৃতি সোঁৱৰণ কৰিলে ছবি পৰিচালক অৰূপ মান্নাই ৷

নিপন গোস্বামীৰ বিয়োগৰ পিছত বহু স্মৃতিয়ে আমনি কৰিছে ছবি পৰিচালক অৰূপ মান্নাক । নিপন গোস্বামীৰ সৈতে থকা স্মৃতিৰ কথা উল্লেখ কৰিবলৈ গৈ ই টি ভি ভাৰতৰ কেমেৰাৰ সন্মুখতেই আৱেগিক হৈ পৰিল অৰূপ মান্না ।

উল্লেখ্য যে, শুকুৰবাৰে ৰাজ্যবাসীক কন্দুৱাই পঞ্চভূতত বিলীন হ’ল নিপন গোস্বামী (Veteran Actor Nipon Goswami dies)৷ শুকুৰবাৰে নৱগ্ৰহ শ্মশানত ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হয় অভিনেতাজনৰ ৷ নৱগ্ৰহ শ্মশানত গুনমুগ্ধই শেষ শ্ৰদ্ধাঞ্জলি জনায় অভিনেতাগৰাকীক ৷

অভিনেতাজনক মুখাগ্নি কৰে পুত্ৰ সিদ্ধাৰ্থ গোস্বামীয়ে ৷ মুখাগ্নিত তেওঁক সহযোগ কৰে প্ৰয়াত অভিনেতা গৰাকীৰ বোৱাৰী তথা অভিনেত্ৰী কিংকিনী ভট্টাচাৰ্যই ৷ নৱগ্ৰহ শ্মশানত গুনমুগ্ধই শেষ শ্ৰদ্ধাঞ্জলি জনায় অভিনেতাগৰাকীক (Last tribute to actor Nipon Goswami) ।বৃহস্পতিবাৰে পুৱা গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত ৮০ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে মহাতাৰকাজনে ৷

তাৰ পিছতে তেওঁৰ বাসগৃহলৈ লৈ যোৱা হয় নশ্বৰ দেহ । ঘৰত তেওঁক পৰিয়ালবৰ্গ, গুণমুগ্ধই শেষ শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছতে ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ বাবে জ্যোতি চিত্ৰবনত নিশাটো ৰখা হয় ৷ শুকুৰবাৰে পুৱা জ্যোতি চিত্ৰবনৰ পৰা কলাক্ষেত্ৰলৈ লৈ যোৱা হয় নশ্বৰ দেহ ।তাতেই প্ৰিয় শিল্পীগৰাকীক গুণমুগ্ধই শেষ শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছতে ৰবীন্দ্ৰ ভৱনত শেষ শ্ৰদ্ধাঞ্জলি জনোৱা হয় ৷ তাৰ পিছত দীঘলীপুখুৰীৰ পৰা শ্বহীদ ন্যাসলৈ লৈ যোৱা হয় অভিনেতা নিপন গোস্বামীৰ নশ্বৰ দেহ । তাত শুণমুগ্ধই শিল্পীগৰাকীক শেষ শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছতে লৈ অহা হয় নৱগ্ৰহ শ্মশানলৈ ।

লগতে পঢ়ক : Neel Pawan Baruah passes away: আজন্ম প্ৰেমিক শিল্পীৰ বিদায়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.