ETV Bharat / state

Death body recovered in Nagaon: নগাঁৱৰ সোণাই নদীত যুৱকৰ মৃতদেহ উদ্ধাৰ

author img

By

Published : Aug 10, 2022, 9:53 AM IST

Death body recovered in Nagaon
নগাঁৱৰ সোণাই নদীত যুৱকৰ মৃতদেহ উদ্ধাৰ

নগাঁও চহৰৰ সমীপৰ শিমলুগুৰি গাঁৱৰ জলসিঞ্চন বিভাগৰ 5 নং পানী যোগান আঁচনিৰ পিছফালে শৰফত আলী নামৰ যুবকজনৰ মৃতদেহ মঙলবাৰে উদ্ধাৰ হয়(Death body recovered at Sonai River in Nagaon)।পৰিয়ালৰ লোকে সদৰী কৰা অনুসৰি সোমবাৰে কামৰ পৰা অহাৰ পথত চলচলিত গাড়ীৰ পৰা নমাৰ পিছৰে পৰাই তেওঁ সন্ধানহীন হৈ আছিল ।

চামগুৰি, ১০ আগষ্ট: নগাঁও চহৰৰ সমীপৰ শিমলুগুৰি গাঁৱৰ জলসিঞ্চন বিভাগৰ 5 নং পানী যোগান আঁচনিৰ পিছফালে প্ৰয়াত বাহাৰুল ইছলামৰ পুত্ৰ শৰফত আলীৰ মৃতদেহ মঙলবাৰে উদ্ধাৰ হয়(Death body recovered at Sonai River in Nagaon)। পৰিয়ালৰ লোকে সদৰী কৰা অনুসৰি সোমবাৰে কামৰ পৰা অহাৰ পথত চলচলিত গাড়ীৰ পৰা নামিছিল যুৱকজন । পৰৱৰ্তী সময়ত নিশা ১১ বজালৈকে ঘৰত উপস্থিত হোৱা নাছিল যুৱকজন ।

পৰিয়ালৰ লোকে নিশা ঘৰলৈ উভতি নহা দেখি বিচাৰ-খোচাৰ কৰে যদিও কোনো সন্ধান উলিয়াব পৰা নাছিল । ইয়াৰ পিছত পুৱা ঘৰৰ কাষতে থকা ৫ নং পানী যোগান আঁচনিৰ পিছফালে সোণাই নদীত ওপঙি থকা অৱস্থাত যুৱকজনৰ মৃতদেহ প্ৰত্যক্ষ কৰি স্থানীয় লোকে হয়বৰগাঁও থানাৰ আৰক্ষীক খবৰ দিয়ে । লগে লগে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ যুৱকজনৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ(Nagaon Bhogeswari Phukanani Civil Hospital)প্ৰেৰণ কৰে ।

উল্লেখ্য যে যুৱকজনৰ মুখত তেজৰ চেকুৰা দেখা পোৱাৰ লগতে মুৰত আঘাতৰ চিন দেখিবলৈ পোৱা গৈছে । আনহাতে, যুৱকজনে পূৰ্বে নিচাজাতীয় দ্ৰব্য সেৱন কৰিছিল বুলি স্থানীয় ৰাইজে সদৰী কৰিছে । এই ঘটনাটোৰ পিছতেই কান্দোনত ভাঙি পৰিছে যুৱকজনৰ মাতৃৰ লগতে আত্মীয়-স্বজন । অৱশ্য়ে যুবকজনৰ কি পৰিস্থিতিত মৃত্য়ু হৈছে সেই বিষয়ে এতিয়াও জানিব পৰা হোৱা নাই ।

লগতে পঢ়ক:West Bengal Road Accident: বাছ-অট’ৰ সংঘৰ্ষত ৯ গৰাকী যাত্ৰীৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.