ETV Bharat / bharat

West Bengal Road Accident: বাছ-অট’ৰ সংঘৰ্ষত ৯ গৰাকী যাত্ৰীৰ মৃত্যু

author img

By

Published : Aug 9, 2022, 10:26 PM IST

several-died-in-a-road-accident-at-birbhum-mallarpur
বাছ-অট’ৰ সংঘৰ্ষত ৯ গৰাকী যাত্ৰীৰ মৃত্যু

পশ্চিম বংগৰ ৰাণীগঞ্জ-মৰ্গ্ৰামৰ 60 নং ৰাষ্ট্ৰীয় ঘাইপথত এখন বাছ আৰু যাত্ৰীবাহী অট’ৰ মুখামুখি সংঘৰ্ষ হয় ৷ এই দুৰ্ঘটনাত 9 গৰাকী অট’ যাত্ৰী থিতাতে নিহয় হয় (Road accident in West Bengal)৷

নেশ্যনেল ডেস্ক, 9 আগষ্ট: পশ্চিম বংগৰ বীৰভূমৰ মল্লাৰপুৰ জিলাত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় (Road Accident at Birbhum in West Bengal)৷ মঙলবাৰে বিয়লি ৰাণীগঞ্জ-মৰ্গ্ৰামৰ 60 নং ৰাষ্ট্ৰীয় ঘাইপথত এখন বাছ আৰু যাত্ৰীবাহী অট’ৰ মুখামুখি সংঘৰ্ষ হয় ৷ এই দুৰ্ঘটনাত 9 গৰাকী অট’ যাত্ৰী থিতাতে নিহয় হয় (9 people death in road accident in West Bengal)৷

স্থানীয় সূত্ৰ অনুসৰি, সন্ধিয়া প্ৰায় 5.30 বজাত 8 গৰাকী মহিলাই মাল্লাৰপুৰৰ ফালৰ পৰা দিন হাজিৰা কৰি পাৰ্কান্দি গাঁৱৰ ঘৰলৈ বুলি এখন অট’ লৈ উভতি গৈ আছিল ৷ সেই সময়তে দক্ষিণ বংগ ৰাজ্যিক পৰিবহণ কোম্পানীৰ এখন বাছ ৰামপুৰহাটৰ দিশৰ পৰা মাল্লাৰপুৰ অভিমুখে গৈ আছিল ৷ তেতিয়াই দুৰ্ঘটনাত পতিত হয় দুয়োখন বাহন ৷

এই দুৰ্ঘটনাত অট’খনৰ চালকসহ 8 গৰাকী মহিলা যাত্ৰীৰ মৃত্যু হয় ৷ আৰক্ষীয়ে জনোৱা অনুসৰি, দুৰ্ঘটনাত পতিত হোৱা অট’খন পাৰ্কান্দি গাঁৱৰ বাসিন্দা সীতাৰাম হেমব্ৰামৰ ৷ স্থানীয় আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহকেইটা উদ্ধাৰ কৰে ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক : Boat Accident in Biswanath : ভয়াৱহ নাও দুৰ্ঘটনাত সন্ধানহীন দুগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.