ETV Bharat / state

নগাঁৱত সতীৰ্থক গুলীয়াই পাছত আত্মহত্যা CRPF জোৱানৰ

author img

By

Published : Sep 9, 2021, 4:27 PM IST

crpf
নগাঁৱত সতীৰ্থক গুলীয়াই পাছত আত্মহত্যা CRPF জোৱানৰ

নগাঁৱৰ কাতিমাৰী চিআৰপিএফ কেম্পত পুনৰ উত্তেজনা । ৰহস্যজনকভাৱে আত্মহত্যা কৰিলে চিআৰপিএফ জোৱানে । আত্মহত্যাৰ পূৰ্বে সতীৰ্থকো গুলীয়াইছিল জোৱানজনে ।

নগাঁও,৯ ছেপ্টেম্বৰ: নগাঁৱৰ কাতিমাৰীস্থিত চিআৰপিএফ কেম্পত পুনৰ সংঘটিত হৈছে চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনা । পুনৰ সতীৰ্থৰ গুলীত আহত এগৰাকী চিআৰপিএফ জোৱান । চিআৰপিএফৰ এজন জোৱানে সতীৰ্থ জোৱানক গুলীয়াই আহত কৰি নিজেও আত্মহত্যা কৰে ।

বৃহস্পতিবাৰে পুৱাই সংঘটিত হয় এই চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনা । পুৱা চিআৰপিএফ জোৱান বিজয় মিশ্ৰই সতীৰ্থ জোৱান প্ৰাঞ্জল দত্তক গুলীয়াই আহত কৰে । পুৱা মাৰণাস্ত্ৰ জমা দিবলৈ অহাৰ সময়তে দুই জোৱানৰ মাজত আৰম্ভ হয় তৰ্ক বিতৰ্কৰ ।

সামান্য তৰ্ক বিতৰ্কই পৰৱৰ্তী সময়ত লয় ভয়ংকৰ ৰূপ । তৰ্ক বিতৰ্ক চলি থকাৰ মাজতেই বিজয় মিশ্ৰই প্ৰাঞ্জল দত্তৰ ভৰিত গুলীয়াই ।

নগাঁৱত সতীৰ্থক গুলীয়াই পাছত আত্মহত্যা CRPF জোৱানৰ

বিজয় মিশ্ৰৰ গুলীত আহত হয় প্ৰাঞ্জল দত্ত । প্ৰাঞ্জল দত্ত আহত হোৱাৰ পিছতেই নিজে গুলীয়াই আত্মহত্যা কৰে বিজয় মিশ্ৰই । লগে লগে আহত প্ৰাঞ্জল দত্তক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰাৰ লগতে নিহত বিজয় মিশ্ৰৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয় ।

এই ঘটনাকলৈ সমগ্ৰ অঞ্চলতে এতিয়া তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে । দুয়োগৰাকী চিআৰপিএফ জোৱানৰ মাজত কি কাৰণ সংঘাত হৈছিল সেয়া এই পৰ্য্যন্ত জানিব পৰা হোৱা নাই । নিহত বিজয় মিশ্ৰৰ ঘৰ বহিঃৰাজ্যত আৰু প্ৰাঞ্জল দত্ত যোৰহাটৰ বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক :নিমাতীত কান্দোনৰ ৰোল; যোৰহাট চিকিৎসা মহাবিদ্যালয়ত উপস্থিত মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.