ETV Bharat / city

নিমাতীত কান্দোনৰ ৰোল; যোৰহাট চিকিৎসা মহাবিদ্যালয়ত উপস্থিত মুখ্যমন্ত্ৰী

author img

By

Published : Sep 9, 2021, 3:05 PM IST

নিমাতীঘাটৰ পৰা পোনে পোনে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ শৰ্মা । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি অৰ্থাৎ বৃহস্পতিবাৰে নিমাতীঘাটৰ ফেৰী দুৰ্ঘটনাত পতিত হৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি হৈ থকা যাত্ৰী সকলৰ স্বাস্থ্যৰ বুজ লয় ৷ যিহেতু এই দুৰ্ঘটনাৰ পাচত স্থানীয় ৰাইজে উদ্ধাৰ কৰা ৮ জনকৈ লোক ইতিমধ্যে চিকিৎসাধীন হৈ আছে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ৷

cm himanta biswa sharma visit at jmch
যোৰহাট চিকিৎসা মহাবিদ্যালয়ত উপস্থিত মুখ্যমন্ত্ৰী

যোৰহাট,9 ছেপ্তেম্বৰ: কালিকা লগা বুধবাৰ ৷ প্ৰথমবাৰৰ বাবে মাজুলীৰ নিমাতীঘাটবাসী সাক্ষী হৈ ৰ’ল গাৰ নোম শিয়ৰি উঠা এক শিহৰণকাৰী দৃশ্যৰ ৷ কালিকা লগা বুধবাৰে মাজুলীৰ নিমাতীঘাটত সংঘটিত হয় দুখন যাত্ৰীবাহি ফেৰীৰ মাজত দুৰ্ঘটনা ৷ যি দুৰ্ঘটনাত চেদেলি ভেডেলি হৈ পছিল যাত্ৰীসকল ৷

চকুৰ প্ৰচাৰতে বৰ লুইতৰ বুকুত সোমাই পৰিছিল নিমাতীঘাট মুখী ফেৰী খন ৷ বুধবাৰৰ পৰাই এই ঘটনাৰ বিতং তথ্য সম্প্ৰচাৰিত হৈ আহিছে ইটিভি ভাৰতত ৷ ঘটনা সংঘটিত হোৱাৰ পাচতেই তৎপৰ হৈ পৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰীকে ধৰি ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ তথা অসম আৰক্ষী ৷ বুধবাৰে নিশাই ঘটনাস্থলীত উপস্থিত হয় বিমল বৰা ৷

cm himanta biswa sharma visit at jmch
যোৰহাট চিকিৎসা মহাবিদ্যালয়ত উপস্থিত মুখ্যমন্ত্ৰী

লগতে পঢ়ক: নিমাতীঘাটত উপস্থিত DGP ভাস্কৰজ্যোতি মহন্ত

বৃহস্পতিবাৰে অৰ্থাৎ আজি পোৱাই ঘটনাস্থলীত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷

হিমন্ত বিশ্ব শৰ্মাই নিজে বুঢ়া লুইতৰ বুকুত SDRF-NDRF বাহিনীৰ সৈতে পৰিদৰ্শন কৰে ঘটনাস্থলীৰ লগতে সামগ্ৰীক পৰিস্থিতি ৷ তাৰ পাচতেই নিমাতীঘাটৰ পৰা পোনে পোনে মুখ্যমন্ত্ৰী গৰাকী গৈ উপস্থিত হয় যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিমাতীঘাটৰ ফেৰী দুৰ্ঘটনাত পতিত হৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি হৈ থকা যাত্ৰী সকলৰ স্বাস্থ্যৰ বুজ লয় ৷

cm himanta biswa sharma visit at jmch
নিমাতীত কান্দোনৰ ৰোল

লগতে পঢ়ক: নৱেম্বৰৰ পৰা আৰম্ভ হ’ব মাজুলীৰ দলং নিৰ্মাণৰ কাম !

যিহেতু এই ভয়াবহ ঘটনা সংঘটিত হোৱাৰ পাচত স্থানীয় ৰাইজে উদ্ধাৰ কৰা ৮ জনকৈ লোক যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে । উল্লেখ্য যে, সমগ্ৰ ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷ লগতে কৰ্মত গাফিলতি কৰা কৰ্মচাৰীৰ বিৰুদ্ধে ফৌজদাৰী গোচৰ ৰুজো কৰিবলৈ স্থানীয় প্ৰশাসন তথা আৰক্ষীক নিৰ্দেশনা প্ৰদান কৰিছে ।

লগতে পঢ়ক: অফলামুখ পাৰঘাটত এটা ইঞ্জিনযুক্ত ফেৰী বন্ধ পূৱ মাজুলী আছুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.