ETV Bharat / state

ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত ধিঙৰ ভৰত জ্যোতি দেৱনাথ

author img

By

Published : Oct 8, 2022, 10:50 PM IST

Bharat Devnath in India Book of records
ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত ধিঙৰ ভৰত জ্যোতি দেৱনাথ

ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত নাম সন্নিৱিষ্ট হ'ল ধিঙৰ (Bharat Devnath in India Book of records) ভৰত জ্যোতি দেৱনাথৰ । বাঁহ শিল্পৰ বাবেইণ্ডিয়া বুক অফ ৰেকৰ্ডত জিলিকিল ভৰত । তেওঁ বাঁহৰ কাঠি কামি কৰি সাজি উলিয়াছে ঘৰত ব্যৱহাৰ হোৱা প্ৰতিটো সঁজুলি ।

ধিং, ৮ অক্টোবৰ: ধিঙৰ এজন উদ্যমী যুৱকে বাঁহ শিল্পৰ বাবে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত নাম সন্নিৱিষ্ট (Assamese youth in India Book of Records) কৰিবলৈ সক্ষম হৈছে । যুৱকজনৰ নাম ভৰত জ্যোতি দেৱনাথ । তেওঁ ঘৰ ধিঙৰ বেটকাতি গাঁৱত । এইজন উদ্যমী যুৱকে সৰুৰে পৰাই বাঁহৰ বিভিন্ন সঁজুলি তৈয়াৰ কৰি ভাল পাইছিল (Bharat Devnath Making various bamboo tools)। বাঁহৰ কাঠি কামি কৰি সাজি উলিয়াছে ঘৰত ব্যৱহাৰ হোৱা প্ৰতিটো সঁজুলি ।

ইয়াৰ মাজতেই ভৰতে সাজি উলিয়াবলৈ যত্ন কৰে অংকীয়া ভাওনাত (Ankhiya Bhaona)ব্যৱহাৰ কৰা ভগবান শ্ৰীকৃষ্ণৰ পোছাকযোৰ ( Sri Krishnas dress made by Assamese youth )। কথামতেই বাঁহেৰে সাজি উলিয়াছে শ্ৰীকৃষ্ণই সেই বিশেষ পোচাকযোৰ । পৰৱৰ্তী সময়ত এই বিষয়ে সংবাদ মাধ্যমত সবিস্তাৰে সম্প্ৰচাৰ হয় । আজি সেই পোচাকযোৰৰ বাবে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে এইজন যুৱকে । ভৰতৰ এই সাফল্যত এতিয়া নিজৰ গাঁওখনৰ লগতে সমগ্ৰ ধিঙবাসী উৎফুল্লিত হৈছে ।

উল্লেখ্য় যে অসমত বাঁহ শিল্প প্ৰচলনৰ ইতিহাস দীৰ্ঘদিনীয়া । বাণভট্টৰ হৰ্ষচৰিতত উল্লেখ থকা অনুসৰি অতীত বৰঅসমৰ বাঁহ শিল্প বৰ উন্নতমানৰ আছিল । এই গ্ৰন্থখনৰ মতে,কামৰূপৰ ৰজা ভাস্কৰবৰ্মাই (Bhaskarvarma)হৰ্ষবৰ্ধনলৈ (Harshavardhana) বহুৰঙী বাঁহৰ চুঙা আৰু বাঁহৰ সঁজাত চৰাই উপহাৰ হিচাপে প্ৰেৰণ কৰিছিল ।

ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত ধিঙৰ ভৰত জ্যোতি দেৱনাথ

এসময়ত মংগোলীয় জনজাতিৰ মাজতে বিশেষ প্ৰভুত্ব ৰাজত্ব কৰা বাঁহশিল্পই অথবা বাঁহসংস্কৃতিয়ে কালক্ৰমত আৰ্য, নিষাদ আৰু মংগোলীয় সংস্কৃতিৰ ত্ৰিবেণী সংগমত গঢ় লোৱা বিশাল অসমীয়া সংস্কৃতিকে সমৃদ্ধ কৰিছিল । তেতিয়াৰে পৰাই এই শিল্পটোৱে বিশেষ সমাদাৰ লাভ কৰি আহিছে । নৱ প্ৰজন্ময়ো এইক্ষেত্ৰত নতুন নতুন সৃষ্টি কৰি বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক:তেজস্বিতাৰ মৃত্যুৰ পাছতে মাজুলীলৈ আহিল ৩খন নতুন এম্বুলেন্স

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.