ETV Bharat / state

Humanity still alive : 45 বছৰৰ পূৰ্বে লোৱা 10 টকা সুদে-মূলে ওভতাই দিবলৈ আহিল মংগল শ্বেখ

author img

By

Published : Feb 25, 2023, 9:14 PM IST

প্ৰায় 45 বছৰৰ পূৰ্বৰ এগৰাকী মুছলমান সম্প্ৰদায়ৰ লোকৰ এক ইতিবাচক কাহিনী (Positive story of Assam) ৷ প্ৰায় 45 বছৰৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি পালন কৰি দেখুৱাইছে প্ৰতিশ্ৰুতিৰ মূল্য (Humanity still alive)। পিছে ক’ৰ এই ঘটনাটো ? সবিশেষ এই প্ৰতিবেদনত...

Humanity still alive
আজিও সমাজত জীয়াই আছে মানৱতা

আজিও সমাজত জীয়াই আছে মানৱতা

বঢ়মপুৰ, 25 ফেব্ৰুৱাৰী : আজিও সমাজত আছে প্ৰতিশ্ৰুতিৰ মূল্য ৷ জীয়াই আছে সততা ৷ এগৰাকী মুছলমান সম্প্ৰদায়ৰ লোকৰ সততা আৰু দায়িত্ববোধে এতিয়া সকলোকে অনুপ্ৰেৰণা যোগাইছে ৷ আমি ক’বলৈ লোৱা এই ঘটনাটো নগাঁও জিলাৰ অন্তৰ্গত কামপুৰ মুগাছুঙীয়া গাঁৱৰ ৷

সততে ভিন্ন সময়ত আমি দেখিবলৈ পোৱা যায় যে, ঋণ লৈ বহুতে ঋণ পৰিশোধ নকৰে বা মানুহক ঠগে ৷ সেই সময়তে 80 উৰ্দ্ধৰ এগৰাকী মুছলমান সম্প্ৰদায়ৰ লোকে পৰিচয় দিছে কৰ্তব্যনিষ্ঠা তথা প্ৰতিশ্ৰুতিৰ ৷ কিয়নো প্ৰায় 45 বছৰৰ পূৰ্বে ধাৰলৈ লোৱা 10 টকা পৰিশোধ কৰিবলৈ গৈ এজন বৃদ্ধই বুজাই দিলে প্ৰতিশ্ৰুতিৰ মূল্য ।

প্ৰকৃত ঘটনাটো 1979 চনৰ কথা । তেতিয়া আৰম্ভ হৈছিল অসমৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম । সেই সংগ্ৰামৰ সময়চোৱাত আত্মৰক্ষাৰ বাবে কামপুৰ মুগাছুঙীয়া গাঁৱৰ যোগেন্দ্ৰনাথ বৰাৰ ঘৰত এৰাতি আশ্ৰয় গ্ৰহণ কৰিছিল মংগল শ্বেখৰ লগতে আন কেইবাজনো মুছলমান সম্প্ৰদায়ৰ লোকে ।

তেতিয়াই মংগল শ্বেখে যোগেন্দ্ৰনাথ বৰাৰ পৰা ধাৰলৈ লৈছিল মাত্ৰ 10 টকা ৷ তাৰ পাচতে মংগল শ্বেখে যোগেন্দ্ৰনাথ বৰাৰ পৰা বিদায় লৈ সেই স্থানৰ পৰা গমন কৰিছিল অন্য স্থানলৈ । সুদীৰ্ঘ প্ৰায় 45 বছৰৰ পাচত তেতিয়াৰ 10 টকাটোৰ আজিৰ মূল্য লক্ষাধিক হ’ব বুলি ভাবি হাতত দহ হাজাৰ টকা লৈ যোগেন্দ্ৰনাথ বৰাৰ ঘৰত উপস্থিত হ’ল বৰ্তমান বটদ্ৰৱাৰ বাসিন্দা মংগল শ্বেখ (Assam Muslim man came to return Rs 10 with interest after 45 years ago) ।

ইতিমধ্যে স্বৰ্গগামী হোৱা যোগেন্দ্ৰনাথ বৰাৰ পুত্ৰৰ নগেন নাথৰ হাতত টকা দহ হাজাৰ আগবঢ়াই দি সমগ্ৰ ঘটনা বৰ্ণনা কৰাত সৃষ্টি হ’ল আবেগিক পৰিৱেশৰ ৷ সেমেকি উঠিল সকলোৰে দুচকু । ইছলামত ঋণ পৰিশোধ নকৰাটো পাপ বুলি কৈ মংগল শ্বেখে দহ হাজাৰ টকাটো গ্ৰহণৰ বাবে অনুৰোধ জনাইছিল যোগেন্দ্ৰনাথৰ পুত্ৰ নগেন চন্দ্ৰ নাথক ৷

কিন্তু মানৱতাৰ খাতিৰত যোগেন্দ্ৰনাথৰ পুত্ৰ নগেন চন্দ্ৰ নাথে সেই ধন ল’বলৈ অমান্তি হয় । কিন্তু নিজ দায়িত্ব-কৰ্তব্যত সচেতনতাৰ পৰিচয় দিয়া মংগল শ্বেখৰ আদৰ্শৰ প্ৰতি সন্মান জনাই কেৱল দহ টকাটোহে যোগেন্দ্ৰনাথৰ পুত্ৰই গ্ৰহণ কৰে । যোগন্দ্ৰনাথৰ নাতি অনামিকা বৰাই সমগ্ৰ ঘটনাটোৰ বিৱৰণ শ্বেয়াৰ কৰিছে চ’চিয়েল মিডিয়াত আৰু ভাইৰেল হৈ পৰিছে প’ষ্টটো ৷ তাৰ পাচতে মংগল শ্বেখৰ এনে আদৰ্শই দৃষ্টি আকৰ্ষণ কৰিছে এতিয়া সকলোৰে (Positive story of Assam) ।

লগতে পঢ়ক : Scam in Majuli Panchayat: মাজুলীৰ পঞ্চায়তত পৰ্বতসম কেলেংকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.