ETV Bharat / state

World Tourism Day 2022 : কলিয়াবৰত আছে পৰ্যটনৰ সীমাহীন সমল

author img

By

Published : Sep 27, 2022, 8:32 PM IST

World Tourism Day 2022
কলিয়াবৰত আছে পৰ্যটনৰ বহু সমল

সমগ্ৰ বিশ্বজুৰি আজি উদযাপন কৰা হৈছে বিশ্ব পৰ্যটন দিৱস (World Tourism Day 2022) ৷ বিভিন্ন পৰ্যটনস্থলীৰ কথা ক’লে আমাৰ সততে মনলৈ আহে বিশ্বৰ ভিন্ন প্ৰান্তত থকা বিভিন্ন আকৰ্ষণীয় পৰ্যটনস্থলীৰ কথা ৷ কিন্তু অসমৰ ভিন্ন প্ৰান্ততো আজিও সজীব হৈ আছে বহু পৰ্যটন ক্ষেত্ৰ ৷ অৱশ্যে পৰিচৰ্যা বা বিভাগীয় কৰ্তৃপক্ষৰ অৱহেলাৰ বাবেই আজিও পৰিত্যক্ত অসমৰ বিভিন্ন পৰ্যটনস্থলীসমূহ ৷ বিশ্ব পৰ্যটন দিৱসৰ দিনাই এই সন্দৰ্ভত এক বিশেষ প্ৰতিবেদন...

কলিয়াবৰ, 27 ছেপ্টেম্বৰ : আজি বিশ্ব পৰ্যটন দিৱস (World Tourism Day 2022) ৷ 1980 চনৰ পৰা ৰাষ্ট্ৰসংঘই প্ৰতি বছৰে 27 ছেপ্টেম্বৰ দিনটো বিশ্ব পৰ্যটন দিৱস হিচাপে পালন কৰি আহিছে । বিশ্ব পৰ্যটন দিৱসৰ মূল উদ্দেশ্য হৈছে আন্তৰ্জাতিক সম্প্ৰদায়ৰ মাজত সু-সমন্বয়ৰ জৰিয়তে পৰ্যটনৰ গুৰুত্ব আৰু ভূমিকাৰ বিষয়ে সজাগতা বৃদ্ধি কৰা ।

সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক দিশত পৰ্যটনে আনিব পৰা অপৰিসীম পৰিৱৰ্তন আৰু প্ৰভাৱেই এই দিৱসৰ মূল তাৎপৰ্য । 1970 চনৰ 27 চেপ্তেম্বৰত বিশ্ব পৰ্যটন সংস্থাই পৰ্যটন পৰিনিয়ম গ্ৰহণ কৰিছিল । 1997 চনৰ পৰা প্ৰতি বছৰে একোটা নতুন বিষয়-বস্তু অৰ্থাৎ থিমলৈ বিশ্ব পৰ্যটন দিৱস উদযাপন কৰি আহিছে ।

World Tourism Day 2022
আকৰ্ষণীয় পৰ্যটনস্থলী

বিশ্বৰ অৰ্থনৈতিক পৰিৱৰ্তনৰ প্ৰতি লক্ষ্য ৰাখি এই থিম যুগুত কৰা হয় । এই দিৱসৰ প্ৰধান উদ্দেশ্য হৈছে আন্তজাৰ্তিক সম্প্ৰদায় আৰু পৰ্যটন কেন্দ্ৰৰ লগত সেঁতুবন্ধন গঢ়ি তোলা । তদুপৰি পৰ্যটনৰ ভূমিকা সম্পৰ্কে জনসচেতনতা বৃদ্ধি কৰাৰ লগতে সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক উপযোগিতাক বিশ্বব্যাপী প্ৰচাৰ কৰা এই দিৱসৰ অন্যতম উদ্দেশ্য ।

বিভিন্ন পৰ্যটনস্থলীৰ কথা ক’লে আমাৰ সততে মনলৈ আহে বিশ্বৰ ভিন্ন প্ৰান্তত থকা বিভিন্ন আকৰ্ষণীয় পৰ্যটনস্থলীৰ কথা ৷ কিন্তু অসমৰ ভিন্ন প্ৰান্ততো আজিও সজীব হৈ আছে বহু পৰ্যটন ক্ষেত্ৰ ৷ অৱশ্যে পৰিচৰ্যা বা বিভাগীয় কৰ্তৃপক্ষৰ অৱহেলাৰ বাবেই আজিও পৰিত্যক্ত অসমৰ বিভিন্ন পৰ্যটনস্থলীসমূহ ৷

লগতে পঢ়ক : জীয়াই আছেনে এছিয়াৰ দ্বিতীয় সৰ্ববৃহৎ জলসিঞ্চন প্ৰকল্পটো

বিশেষকৈ পৰ্যটনৰ বিশাল ক্ষেত্ৰখনত প্ৰচুৰ প্ৰাকৃতিক, ঐতিহাসিক সমলৰে কলিয়াবৰখন ঐশ্চৰ্যশালী ৷ কিন্ত ইয়াৰ প্ৰকৃত মূল্যায়ণ নোহৱাত এই পৰ্যন্ত কলিয়াবৰ চহৰখন পৰ্যটন ক্ষেত্ৰখন অনাদৃত হৈ আছে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এক বিস্তৃত অঞ্চল কলিয়াবৰ মহকুমাৰ অন্তৰ্গত যদিও জীৱকূলৰে পৰিপূৰ্ণ বুঢ়াপাহাৰ আৰু বাগৰি বনাঞ্চলৰ সৌন্দৰ্য‍ এতিয়াও দেশী-বিদেশী পৰ্যটকে উপভোগ কৰাৰ পৰা বঞ্চিত হৈ আছে ।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (Kaziranga National Park) বুলিলে কেৱল কহঁৰাতেই সীমাবদ্ধ হৈ থকাতো কলিয়াবৰৰ কাৰণেই দুখৰ কথা । অৱশ্যে এইক্ষেত্ৰত ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ কহঁৰাকেন্দ্ৰিক চিন্তাৰ পৰা কিছু মুক্ত হোৱা দেখা গৈছে । কলিয়াবৰ মহকুমাৰ বাগৰি বনাঞ্চলৰ পাচতে বুঢ়াপাহাৰ বনাঞ্চল পৰ্যটকৰ বাবে মুকলি কৰাৰ পৰৱৰ্তী সময়ত, যোৱা বৰ্ষত পৰীক্ষামূলকভাৱে নতুনকৈ সংযোগ কৰা বান্দৰডুবি বনাঞ্চল পৰ্যটকৰ বাবে মুকলি কৰি দিছিল ।

কলিয়াবৰত আছে পৰ্যটনৰ সীমাহীন সমল

এই মাহতে বান্দৰডুবিত এটা আঞ্চলিক কাৰ্যালয় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই স্থাপন কৰাত কাজিৰঙা পৰ্যটনে আন এক প্ৰসাৰ লাভ কৰিবলৈ সক্ষম হৈছে । কলিয়াবৰৰ মাজেদিয়েই বিশ্ব ঐতিহাসিক ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰিবলৈ দেশী-বিদেশী পৰ্যটক আহে ৷

লগতে পঢ়ক : আকাশ স্পৰ্শ কৰাৰ দিশে 10 গৰাকী উদ্যমী অসমীয়াৰ সপোন

কিন্তু অপৰ্যাপ্ত আহোম যুগীয়া তথা সাংস্কৃতিক সমলৰে চহকী ঠাইখনে উপযুক্ত আন্তঃগাঁঠনিৰ অভাৱৰ ফলত গুৰুত্বহীন হৈ আছে ৷ ঐতিহ্যমণ্ডিত কলিয়াবৰখন কেৱল সাংস্কৃতিক, স্থাপত্যৰ ক্ষেত্ৰতেই অগ্ৰণী নহয়, কলিয়াবৰত আছে অনন্য প্ৰাকৃতিক শোভা ৷ জৈৱ বৈচিত্ৰ আৰু নৈসৰ্গিক শোভাৰ চিৰযৌৱনা সেউজ ক্ষেত্ৰ কলিয়াবৰত আছে পৰ্যটনৰ অলেখ সমল ৷

এই কলিয়াবৰক পৰিৱেশ কেন্দ্ৰিক আৰু ধৰ্মীয় পৰ্যটন ক্ষেত্ৰ ৰূপে গঢ়ি তুলিবলৈ অসম চৰকাৰে লৈছিল অভিলাষী আঁচনি (Assam Govt Emphasis on Tourism) ৷ পৰ্যটনৰ সমল হিচাপে সিচৰিত হৈ থকা শিলঘাটৰ কামাখ্যা মন্দিৰ, ত্ৰিশূলধাৰী মন্দিৰ, দুইমুনি শিলা, বৃটিছৰ আমোলৰ খাৰঘৰ, বৰটোপ, হাতীমুৰাৰ দুৰ্গা মন্দিৰ,ভৰালী নামঘৰ, নৃসিংহ দেৱালয়, মিছাকোঠ, চামধৰা গড়, পৰিভ্ৰমী আৰু দেশী চৰাইৰ বিচৰণস্থলী আৰু জয়সাগৰ দলনিক সামৰি ল’ব পৰ্যটনৰ মানচিত্ৰই ৷

শিলঘাটৰ মহাবাহুত নাওচালনা, হাটবৰত স্থাপন হ’ব লগা তাৰকা গৃহ আৰু বিজ্ঞান উদ্যান, কঠালগুৰিৰ নীলা পানীৰ হ্ৰদ, লুংচুঙৰ হদ-হদী জলপ্ৰপাত, হাতীমুৰাৰ প্ৰস্তাৱিত প্ৰত্নতাত্বিক উদ্যান, কুঠৰীৰ ড৹ ভূপেন হাজৰিকা সাংস্কৃতিক প্ৰকল্প হ'ব পৰ্যটকৰ আকৰ্ষণৰ স্থলী ৷ আঁচনিখনৰ মতে, প্ৰাকৃতিক আৰু ঐতিহাসিক সমল-প্ৰাচুয্যৰে ভৰি থকা কলিয়াবৰ হৈ পৰিব পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু ।

লগতে পঢ়ক : ভাদৰ আচলত ধৰি কঁহুৱাৰ সৈতে আকৌ আহিছে আহিন

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰত্যক্ষ সহযোগত কলিয়াবৰ মহকুমা প্ৰশাসনে যোৱা বৰ্ষত ব্ৰহ্মপুত্ৰ নদীৰ বিশাল বুকুত আৰম্ভ কৰা নদী পৰ্যটনে পৰ্যটকক বিশেষভাৱে আকৰ্ষণ কৰে । পৰ্যটকৰ বাবে সাজু থকা ‘‘স্পীড্ ব’ট’’ৰ জৰিয়তে দেশী-বিদেশী পৰ্যটকে কলিয়াভোমোৰা দলঙৰ পৰা শিলঘাট পৰ্যন্ত ব্ৰহ্মপুত্ৰৰ বুকুত নৌকা বিহাৰৰ আনন্দ লাভ কৰে ।

লগতে কলিয়াবৰ মহকুমাৰ অন্তৰ্গত লাওখোৱা অভয়াৰণ্য আৰু বুঢ়াপাহাৰ অভয়াৰণ্যলৈও ক’ভিডৰ মাজতে পূৰ্বতকৈ অধিক পৰ্যটকৰ আগমণ ঘটে । এইক্ষেত্ৰত কলিয়াবৰৰ তদানীন্তন ভাৰপ্ৰাপ্ত মহকুমাধিপতি বিতোপন নেওগৰ কাৰ্য‍-কুশলতা শলাগণীয় আছিল ।

সত্ৰৰ আৰু সাংস্কৃতিৰ নামঘৰেৰে পৰিৱেষ্টিত কলিয়াবৰৰ সাংস্কৃতিক পথাৰখনে অসমৰ ইতিহাসত এক বিশেষ স্থান গ্ৰহণ কৰি আহিছে । সেয়ে কলিয়াবৰখন সাংস্কৃতিক পৰ্যটনৰো বিশাল সম্ভাৰেৰে পৰিপূৰ্ণ এখন চহকী স্থানৰূপে চিহ্নিত হৈছে । বিশেষকৈ ছ-অৰা এখন সত্ৰৰে পৰিৱেষ্টিত কলিয়াবৰ অসমৰ সত্ৰীয়া সংস্কৃতিৰ অন্যতম বৰঘৰ । সত্ৰসমূহত থকা আপুৰুগীয়া সমল, সত্ৰীয়া সাংস্কৃতিক কলা- গীত-নৃত্য-ভাওনা সাংস্কৃতিক পৰ্যটনৰ অন্যতম কেন্দ্ৰবিন্দু হ’ব পাৰে ৷

পবিত্ৰ ভাদ মাহ, বিভিন্ন সময়ত প্ৰদৰ্শিত গুৰুদুজনাৰ অংকীয়া ভাওনা, শ্ৰীশ্ৰীকৃষ্ণৰ ৰাসলীলা, ফল্গুৎসৱ কলিয়াবৰৰ বিভিন্ন স্থানৰ সত্ৰ তথা নামঘৰসমূহত ধৰ্মীয় নীতি-নিয়মৰে পালন কৰা হয় । সম্পূৰ্ণ সত্ৰীয়া শৈলীৰে উদযাপন কৰা ৰাস উৎসৱ মাজুলীতকৈ কোনো গুণে কম নহয় । মাত্ৰ সঠিক পৰিকল্পনাৰে এই ৰাস উৎসৱক প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ বাবে সামূহিক প্ৰচেষ্টাৰ প্ৰয়োজন ।

লগতে পঢ়ক : সমাগত দুৰ্গা পূজা, শাৰদী ৰাণীক আদৰিবলৈ ব্যস্ত সকলো

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.