ETV Bharat / state

জীয়াই আছেনে এছিয়াৰ দ্বিতীয় সৰ্ববৃহৎ জলসিঞ্চন প্ৰকল্পটো

author img

By

Published : Aug 28, 2022, 7:59 PM IST

Updated : Aug 28, 2022, 8:27 PM IST

আছে গৰু নাবাই হাল, থকাতকৈ নথকাই ভাল ৷ আজি আমি ক’বলৈ লৈছো এছিয়াৰ দ্বিতীয় সৰ্ববৃহৎ কলং উত্তোলিত জলসিঞ্চন প্ৰকল্পৰ বিষয়ে (2nd largest irrigation scheme of ASIA at Kaliabor)৷ মাত্ৰ নামতহে থকা এই প্ৰকল্পটোৰ কামত একো নাই ৷ ৰাইজৰ অভিযোগ, বহু দিন ধৰি কেৱল নামতহে আছে এই প্ৰকল্পটো (Failed irrigation project in Kaliabor) ৷ ৰাইজৰ দাবী, বন্ধ কৰি দিয়ক জলসিঞ্চন প্ৰকল্পটো ৷

জীয়াই আছেনে এছিয়াৰ দ্বিতীয় সৰ্ববৃহৎ জলসিঞ্চন প্ৰকল্পটো
জীয়াই আছেনে এছিয়াৰ দ্বিতীয় সৰ্ববৃহৎ জলসিঞ্চন প্ৰকল্পটো

কলিয়াবৰ, ২৮ আগষ্ট : এফালে খৰাং বতৰ ৷ আনফালে পানীৰ অভাৱত নষ্ট হৈছে হাজাৰ বিঘা কৃষিভূমি । কলিয়াবৰৰ মাধতাৰী গাঁৱৰ পথাৰত এতিয়া মূৰে-কপালে হাত দিছে উপায়হীন খেতিয়ক ৰাইজে । শুকান পথাৰৰ শুকাই যোৱা কঠিয়া তুলি দলিয়াই চহা কৃষকে ক্ষোভ উজাৰিছে জলসিঞ্চন বিভাগৰ বিৰুদ্ধে (Poor Irrigation Facilities at Kaliabor) ।

জীয়াই আছেনে এছিয়াৰ দ্বিতীয় সৰ্ববৃহৎ জলসিঞ্চন প্ৰকল্পটো

ৰাইজৰ অভিযোগ, বিকল আঁচনি সুচল কৰিবলৈ জলসিঞ্চন বিভাগৰ নাই কোনো সদ্দিচ্ছা । ২০১৭ চনৰ আগষ্ট মাহৰ বানত ক্ষতিগ্ৰস্ত হোৱা হাতীমূৰাস্থিত কলং উত্তোলিত জলসিঞ্চন প্ৰকল্পৰে সংযোগী মূল নলা আজিও বিকল হৈ পৰি ৰৈছে (2nd largest irrigation scheme of ASIA at Kaliabor) ৷ এই নলা মেৰামতি নোহোৱাত হাহাকাৰ অৱস্থা হৈছে অঞ্চলটোৰ বহু কৃষক ৰাইজৰ (Failed irrigation project in Kaliabor)।

Failed irrigation project in Kaliabo
পানীৰ অভাৱত নষ্ট হৈছে হাজাৰ বিঘা কৃষিভূমি

আনকি হাতীমূৰাৰ পৰা অহা মূল নলাৰ বেছিভাগ অংশই হাবি-বননিৰে ভৰি পৰিছে । কিন্তু ইমানৰ পাচতো কাণসাৰ নাই বিভাগীয় বৰমূৰীয়াসকলৰ ৷ এই অভিযোগ গঞা ৰাইজৰ ৷ তথ্য অনুসৰি, ১৯৭৩ চনতে কলিয়াবৰৰ হাতীমূৰাত স্থাপন কৰা হৈছিল এছিয়াৰ দ্বিতীয় সৰ্ববৃহৎ কলং উত্তোলিত জলসিঞ্চন আঁচনি ।

লগতে পঢ়ক : জলসিঞ্চনৰ বিকল প্ৰকল্প: হাহাকাৰ কলিয়াবৰৰ কৃষকৰ

২১,৪৮০ হেক্টৰ কৃষিভূমিত পানী যোগান ধৰিবৰ বাবে স্থাপন কৰা হৈছিল বৃহৎ জলসিঞ্চন আঁচনিখন । কিন্তু এতিয়া এই চৰকাৰী আঁচনিখনৰ লাওলোৱা অৱস্থা ৷ খৰাং পৰিস্থতিৰ বাবে পথাৰতে শুকাই গৈছে কঠিয়া । ঠায়ে-ঠায়ে পথাৰত মেলিছে বৃহৎ ফাঁট । পৰিণতিত কলিয়াবৰৰ মাধতাৰী গাঁৱৰ লগতে কলিয়াবৰৰ ভিন্ন গাঁৱৰ পথাৰত জলসিঞ্চনৰ অভাৱত নষ্ট হৈছে কেবাডৰাও খেতি ।

উল্লেখ্য যে, হাতীমূৰাৰ কলং উত্তোলিত জলসিঞ্চন আঁচনিয়ে আৰম্ভণিৰে পৰাই আশা কৰা ধৰণে স্থানীয় কৃষক ৰাইজক লাভান্বিত কৰা নাই । এক কোটি একচল্লিশ লাখ টকাৰ আনুমানিক ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছিল এই আঁচনিখন ৷ কিন্তু কাৰিকৰী দিশটোৰ প্ৰতি বিশেষ গুৰুত্ব নিদিয়াৰ ফলতেই চৰকাৰী হিচাপ মতে মুঠ ২১,৪৮০ হেক্টৰ কৃষিভূমি সাঙুৰি লৈছিল এই প্ৰকল্পটোৱে ৷

Failed irrigation project in Kaliabo
শুকান পথাৰৰ শুকাই যোৱা কঠিয়া

কিন্তু বৃহৎ অঞ্চলটোৰ বহু কৃষিভূমিত আৰম্ভণিৰে পৰা জলসিঞ্চনৰ এটোপালো পানী নপৰিলগৈ (Collapse of irrigation project at Kaliabor) । আনকি বিভিন্ন অঞ্চলত আঁচনিখনৰ নলা নিৰ্মাণৰ বাবে মাটি অধিগ্ৰহণ কৰাৰ ফলত বহু কৃষক সৰ্বস্বান্তও হ’ল । কিন্তু এইবোৰলৈ যে কোনো কাণসাৰেই নাই বিভাগীয় কৰ্মচাৰীৰ ৷

একাংশ দুৰ্নীতি পৰায়ণ বিষয়া-কৰ্মচাৰী তথা ৰাইজৰ প্ৰতিনিধিৰ বাবে প্ৰকৃত খেতিয়কৰ এতিয়া আলৈ-আথানিৰ সীমা নাইকিয়া হৈছে । এফালে পথাৰত নাই পানী, আনফালে কৃষকৰ প্ৰমাণ-পত্ৰ তথা তথ্য-পাতিৰ বাবে বিভাগৰ টনাটনি । নিৰুপায় চহা একাংশ কৃষক ৷

লগতে পঢ়ক : Poor Irrigation Facilities: জলসিঞ্চন বিভাগৰ হেমাহিত অতিষ্ঠ কলিয়াবৰৰ কৃষক ৰাইজ

Last Updated :Aug 28, 2022, 8:27 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.