Poor Irrigation Facilities: জলসিঞ্চন বিভাগৰ হেমাহিত অতিষ্ঠ কলিয়াবৰৰ কৃষক ৰাইজ

author img

By

Published : Aug 8, 2022, 1:32 PM IST

poor-irrigation-facilities-in-kaliabor

এছিয়াৰ দ্বিতীয় সৰ্ববৃহৎ উত্তোলিত জলসিঞ্চন আঁচনি থকা স্বত্বেও কলিয়াবৰৰ পথাৰ খৰাঙৰ কৱলত । বৰষুণৰ অভাৱত ভৰ বাৰিষাৰ শাওন মাহত পানীৰ অভাৱত খেতি পথাৰ চন পৰি ৰৈছে । তাৰ মাজতে এগৰাকী উৎসাহী কৃষকে নিজববীয়াকৈ জলসিঞ্চনৰ ব্যৱস্থা কৰি ৰুইছে ভূঁই ।

কলিয়াবৰ, 8 আগষ্ট: এসময়ত উৰ্বৰা, শস্য-শ্যামলা কলিয়াবৰ অন্যান্য ঠাইৰ লোকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ আছিল । সেয়ে মুখ বাগৰি প্ৰচলিত হৈছিল এষাৰ কথা –"খেতি কৰি খা, খেতি কৰি খা । খেতি কৰি খাবৰ হ'লে কলিয়াবৰলৈ যা।"

কিন্তু কলিয়াবৰৰ তেতিয়াৰ ৰূপ আৰু এতিয়া নাই । এসময়ৰ কলঙৰ পলস-পানীয়ে কলিয়াবৰৰ খেতি-পথাৰ নদন-বদন কৰি তুলিছিল । কিন্তু নগাঁও নগৰক ৰক্ষা কৰিবলৈ কলং মুখ আৰিকাতি মুখত বান্ধ দিয়াৰ দিন ধৰি কলিয়াবৰৰ উৰ্বৰা কৃষি-ভূমিৰ পূৰ্বৰ জেউতি হেৰাল ।

জলসিঞ্চন বিভাগৰ হেমাহিত অতিষ্ট ৰাইজ

ব্ৰহ্মপুত্ৰৰ পাৰৰ হাতীমূৰা উত্তোলিত জলসিঞ্চন আঁচনিৰ জৰিয়তে কলিয়াবৰৰ কৃষক ৰাইজৰ একো উপকাৰ নহ’ল (Collapse of irrigation project in Kaliabor)। যি কৃষিভূমিত আঁচনিখনে ঢুকি পাইছিল, সেয়াও যোৱা পাঁচবছৰে বিভাগীয় হেমাহীৰ ফলত বন্ধ হৈ আছে । ২০১৭ চনৰ বানত ক্ষতিগ্ৰস্ত হোৱা জলসিঞ্চনৰ নলাৰ আজি পৰ্য্যন্ত মেৰামতি নহ'ল । তাৰ ফল ভুগিছে কলিয়াবৰৰ বৃহৎ অঞ্চলৰ খেতিয়ক ৰাইজে ।

ইয়াৰ মাজতে নিজ উদ্যমেৰে মূৰত সূৰ্য্যৰ প্ৰচণ্ড তাপ লৈ কেইজনমান সহযোগীৰে নিজাববীয়াকৈ শিক্ষক ৰঞ্জিত কুমাৰ ভট্টাচাৰ্য্যই জলসিঞ্চনৰ ব্যৱস্থা কৰি মাটি বোকা কৰি ভূঁই ৰুইছে । আশা আঘোণৰ পথাৰখন সোণালী হ'ব ।

লগতে পঢ়ক: Collapse of irrigation project: বগাহাতীত পৰিণত বাইহাটা চাৰিআলিৰ জলসিঞ্চন আঁচনি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.