ETV Bharat / state

Collapse of irrigation project: বগাহাতীত পৰিণত বাইহাটা চাৰিআলিৰ জলসিঞ্চন আঁচনি

author img

By

Published : Aug 2, 2022, 5:05 PM IST

Collapse of irrigation project in Baihata
বগাহাতীত পৰিনত বাইহাটা চাৰিআলিৰ জলসিঞ্চন আঁচনি

চৰকাৰে জলসিঞ্চনৰ ক্ষেত্ৰত উন্নতি হোৱা বুলি দাবী কৰাৰ সময়ে বাইহাটা চাৰিআলিত বগাহাতীত পৰিণত হৈছে জলসিঞ্চন আঁচনি(Collapse of irrigation project in Baihata chariali)। কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই এবছৰ পূৰ্বে বিভাগীয় কৰ্তৃপক্ষক লগত লৈ চৰজমিন তদন্ত কৰি এমাহৰ ভিতৰতে আচনিখন কাৰ্যক্ষম কৰাৰ বাবে নিৰ্দেশ দিয়াৰ পিচতো পানীৰ পৰা বঞ্চিত হৈ আছে কৃষক ৰাইজ ।

বাইহাটা চাৰিআলি, ২আগষ্ট:চৰকাৰে জলসিঞ্চনৰ ক্ষেত্ৰত উন্নতি হোৱা বুলি দাবী কৰাৰ সময়ে বাইহাটা চাৰিআলিত বগাহাতীত পৰিনত হৈছে জলসিঞ্চন আঁচনি(Collapse of irrigation project in Baihata)। ৰাইজে অভিযোগ কৰা মতে,এঘাৰ বছৰ পূৰ্বে কমলপুৰ সমষ্টিৰ অন্তৰ্গত শিঙাৰপাৰাৰ ঔতলা গাঁৱত অঞ্চলটোৰ কৃষক ৰাইজক সকাহ দিয়াৰ উদ্দেশ্যে নিৰ্মান কৰা হৈছিল এই আঁচনিখন । প্ৰায় ৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মান কৰা এই আচনিখনক লৈ বহু আশা বুকুত বান্ধি ৰাখিছিল ।

বগাহাতীত পৰিনত বাইহাটা চাৰিআলিৰ জলসিঞ্চন আঁচনি

উক্ত অঞ্চলটোৰ দহ এঘাৰখন গাঁৱৰ কৃষক ৰাইজে তেওঁলোকৰ পথাৰত পানী যোগান নিয়মীয়া হ'ব বুলি আশা কৰিছিল । কিন্তু জলসিঞ্চন আঁচনি নিৰ্মানৰ কেইবাবছৰ পিছতো কৃষক ৰাইজে আঁচনিখনৰ পৰা লাভ নকৰিলে পানী । যাৰ বাবে এতিয়াও বৰষুণৰ পানীৰ ওপৰত নিৰ্ভৰ কৰি খেতি কৰিবলগীয়া হৈছে কৃষকসকলে।উক্ত আঁচনিৰ বিষয়ে সংবাদ মাধ্যমত বহুবাৰ বাতৰি প্ৰচাৰিত হোৱাৰ পিছতো গা লৰা নাই বিয়াগোম জলসিঞ্চন বিভাগৰ।আনকি কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই এবছৰ পূৰ্বে বিভাগীয় কৰ্তৃপক্ষক লগত লৈ চৰজমিন তদন্ত কৰি এমাহৰ ভিতৰতে আচনিখন কাৰ্যক্ষম কৰাৰ বাবে নিৰ্দেশো দিছিল(Investigation of MLA Diganta Kalita)। ইয়াৰ পিছতো কিন্তু গা নলৰিল বিভাগৰ । আজিও কাৰ্যক্ষম হৈ নুঠিল উক্ত আঁচনিখন । সেয়ে আচনিখন কাৰ্যক্ষম কৰি তোলাৰ বাবে আহ্বান জনাইছে অঞ্চলটোৰ কৃষকসকলে ।

লগতে পঢ়ক:Massive erosion in Bilashipara: গৌৰাং নৈৰ ভয়াৱহ খহনীয়াত শংকিত ৰাইজ

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.