Massive erosion in Bilashipara: গৌৰাং নৈৰ ভয়াৱহ খহনীয়াত শংকিত ৰাইজ

By

Published : Aug 2, 2022, 3:10 PM IST

Updated : Feb 3, 2023, 8:25 PM IST

thumbnail

ধুবুৰী জিলাৰ বিলাসীপাৰাত গৌৰাং নদীৰ ভয়ংকৰ ৰূপে ত্ৰাসিত কৰিছে নৈপৰীয়া ৰাইজক(Massive erosion of Gaurang River in Bilashipara)। হাজাৰ হাজাৰ ৰাইজক বানে সৰ্বস্বান্ত কৰাৰ পিছত এতিয়া গৰাখহনীয়াই সৃষ্টি কৰিছে ধ্বংসলীলা । ইতিমধ্য়ে গৌৰাং নৈৰ খহনীয়াত জাহ গৈছে ঘৰ-বাৰী । বিলাসীপাৰা ৰাজহ চক্ৰৰ অন্তৰ্গত হাতীপোতা,কাজাইকাটা ২য় খণ্ড ছুৱাপাতা আৰু কাঠালদি গাৱৰ শতাধিক ৰাইজৰ আপোন ঘৰখন নদীৰ বুকুত বিলীন হৈছে । নদীৰ বুকুত যাহ গৈছে শ শ বিঘা কৃষিভূমি । নৈৰ বুকুত সপোনৰ ঘৰখন জাহ যোৱাত হাহাকাৰ লাগিছে ৰাইজৰ ।গৰাখহনীয়াৰ তাণ্ডৱৰ পৰা পৰিত্ৰাণ বিচাৰি নৈপৰীয়া ৰাইজে ঘৰ-দুৱাৰ ভাঙি সুৰক্ষিত ঠাইলৈ ঢাপলি মেলিছে । অতি সোনকালে গৌৰাং নৈৰ ভয়ংকৰ গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষৰ লগতে চৰকাৰক আহ্বান জনাইছে নৈপৰীয়া ৰাইজে ।

Last Updated : Feb 3, 2023, 8:25 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.