ETV Bharat / state

আজিৰে পৰা পুনৰ কাৰ্যক্ষম হ’ল শিলঘাটস্থিত অসম সমবায় মৰাপাট কল

author img

By

Published : Jan 1, 2021, 1:15 PM IST

assam cooperative jute mill reopens from today
আজিৰে পৰা পুনৰ কাৰ্যক্ষম হ’ল শিলঘাটস্থিত অসম সমবায় মৰাপাট কল

মৰাপাট কলটোৰ উৎপাদন কাৰ্য‍ পুনৰ আৰম্ভ কৰাৰ বাবে বিগত বৰ্ষৰ ১২ নৱেম্বৰত মৰাপাট কল কৰ্তৃপক্ষ,ৰাজ্যৰ সমবায় বিভাগ আৰু বিত্ত বিভাগৰ উচ্চ পদস্থ বিষয়াৰে হোৱা আলোচনা মৰ্মে বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কলটো পুনৰ সঞ্চালন কৰিবলৈ ১০ কোটি টকাৰ এক সাহায‍্য ঘোষণা কৰিছিল ।

নগাঁও, 1 জানুৱাৰী : নতুনে সদায় সম্ভাৱনীয়তা কঢ়িয়াই আনে । ২০২১ বৰ্ষৰ পহিলা দিনটোৱে কলিয়াবৰবাসী তথা অসমবাসীৰ বাবে এক নতুন সম্ভাৱনাৰ বতৰা কঢ়িয়াই আনিছে । সম্পূৰ্ণ দুমাহৰ বিৰতিৰ অন্তত পহিলা জানুৱাৰীৰ পৰা উৎপাদনক্ষম হৈ উঠিছে নগাঁও শিলঘাটস্থিত অসম সমবায় মৰাপাট কলটো । কলৰ শ্ৰমিক,বিষয়া-কৰ্মচাৰী,মৰাপাট ব্যৱসায়ী,অংশীদাৰ তথা কলিয়াবৰীয়া ৰাইজৰ মুখত হাঁহি বিৰিঙাই আজি পুনৰ চকা ঘূৰিল মৰাপাট কলৰ । উল্লেখ্য যে, ২০২০ বৰ্ষৰ ২ নৱেম্বৰত এক অপ্ৰীতিকৰ পৰিস্থিতিৰ ফলত বন্ধ হৈ পৰিছিল কলটোৰ উৎপাদন কাৰ্য‍ । উৎপাদন বৃদ্ধিৰ বাবে উদ্যোগটোত ১৬ খন শাল, এটা স্পিনিং মেচিন,এটা কপ মেচিন আৰু বিদ্যুৎ শক্তি ব্যাহত নহ'বৰ বাবে এটা উচ্চ ক্ষমতাসম্পন্ন জেনেৰেটৰ নতুনকৈ সংস্থাপন কৰা হৈছিল ৷ বন্ধ কলটোৰ উৎপাদন কাৰ্য‍ পুণৰ আৰম্ভ কৰাৰ বাবে বিগত বৰ্ষৰ ১২ নৱেম্বৰত মৰাপাট কল কৰ্তৃপক্ষ, ৰাজ্যৰ সমবায় বিভাগ আৰু বিত্ত বিভাগৰ উচ্চ পদস্থ বিষয়াৰে হোৱা আলোচনা মৰ্মে বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কলটো পুনৰ সঞ্চালন কৰিবলৈ ১০ কোটি টকাৰ এক সাহায‍্য ঘোষণা কৰিছিল । ইয়াৰ পাছতেই ১১ ডিচেম্বৰত মন্ত্ৰী ড0 শৰ্মা শিলঘাটত উপস্থিত হৈ কল কৰ্তৃপক্ষৰে এক আলোচনাত মিলিত হৈ কলটো উৎপাদন কাৰ্য‍ অনতি পলমে আৰম্ভ হ'ব বুলি উল্লেখ কৰিছিল ।

আজিৰে পৰা পুনৰ কাৰ্যক্ষম হ’ল শিলঘাটস্থিত অসম সমবায় মৰাপাট কল

অসম সমবায় মৰাপাট কলৰ কৰ্তৃপক্ষৰে হোৱা কেইবালানিও আলোচনাৰ পিছত ২০২১ বৰ্ষৰ পহিলা জানুৱাৰীৰ পৰা শিলঘাটস্থিত অসম সমবায় মৰাপাট কলত পুনৰ উৎপাদন কাৰ্য‍ আৰম্ভ কৰা হ'ব বুলি ১৮ ডিচেম্বৰত মন্ত্ৰীগৰাকীয়ে আনুষ্ঠানিক ঘোষণা কৰা হৈছিল । অৱশেষত সকলো জল্পনা-কল্পনা দূৰ কৰি শুকুৰবাৰে কলিয়াবৰৰ শিলঘাটস্থিত অসম সমবায় মৰাপাট কলৰ উৎপাদন কাৰ্য‍ পুনৰ আৰম্ভ হয় । মৰাপাট কলটোৰ পুনৰ উৎপাদন কাৰ্যৰ শুভাৰম্ভণী কৰে ৰাজ্যৰ জলসম্পদ মন্ত্ৰী তথা অসম সমবায় মৰাপাট কলৰ পৰিচালক মণ্ডলীৰ সভাপতি কেশৱ মহন্তই । সমবায় খণ্ডৰ লাভজনক উদ্যোগ ৰূপে স্বীকৃত অসম সমবায় মৰাপাট কলৰ কৰ্মী-কৰ্মচাৰীৰ ভৱিষ্যত নিৰাপত্তাৰ স্বাৰ্থৰ লগতে কৃষি অৰ্থনৈতিক ভেঁটি তৰান্বিত কৰা স্বাৰ্থত শ্ৰমিক আৰু কৰ্তৃপক্ষ সহমতত উপনীত হৈ পুণৰ উৎপাদনক্ষম হৈ উঠা কাৰ্যত কলটোৰ শ্ৰমিক-কৰ্মচাৰী,বিষয়া,অংশীদাৰ,মৰাপাট ব্যৱসায়ী আৰু কলিয়াবৰীয়া ৰাইজ আজি উল্লাসিত । পূৰ্বেও ১৯৮৪ চনত কলটো বিত্তীয় ঘাটিৰ বাবে সাময়িকভাৱে বন্ধ হৈ পৰিছিল যদিও ১৯৮৫ চনৰ অসম চুক্তিৰ আধাৰত পুনৰ ১৯৮৬ চনৰ পৰা কলটো কাৰ্যক্ষম হৈ উঠিছিল ।

assam cooperative jute mill reopens from today
আজিৰে পৰা পুনৰ কাৰ্যক্ষম হ’ল শিলঘাটস্থিত অসম সমবায় মৰাপাট কল

ৰাজ্যৰ ইটোৰ পিছত সিটো উদ্যোগ বন্ধ হৈ পৰাৰ সময়ত এইবাৰো দুমাহৰ অন্তত পুনৰ মৰাপাট কলটো কাৰ্যক্ষম কৰি তুলিব পৰাতো চৰকাৰ আৰু কল কৰ্তৃপক্ষ বিশেষকৈ মন্ত্ৰী কেশৱ মহন্তৰ এক কৃৰ্তৃত্ব বুলি ক’ব পাৰি । মন্ত্ৰী কেশৱ মহন্তয়ে পুণৰ মুকলি অনুষ্ঠানত অংশগ্ৰহণ কৰি কলটোত যাতে ধাৰাবাহিকভাবে উৎপাদন কাৰ্য‍ চলি থাকে,তাৰ বাবে সকলো পক্ষকে আহ্বান জনাই । কলটো পুনৰ কাৰ্যক্ষম হৈ উঠাৰ সময়ত কল কৰ্তৃপক্ষই এখন শ্বেতপত্ৰ প্ৰকাশ কৰে। আজিৰ পুৱা অনুষ্ঠিত মৰাপাট কল পুনৰ মুকলি অনুষ্ঠানত কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি বিতোপন নেওগ,মহকুমা আৰক্ষী বিষয়া মৃণ্ময় দাস,আছু আৰু জাতীয়তাবাদী যুব ছাত্ৰ পৰিষদৰ বিষয়ববীয়াসকল উপস্থিত থাকে ।

লগতে পঢ়ক: লাইকা-দধীয়াবাসীৰ কাষত আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.