ETV Bharat / state

সদৌ অসম ভূপেন্দ্ৰ সংগীত-পাৰ্বতি প্ৰসাদ বৰুৱাৰ গীতৰ প্ৰতিযোগিতা ২০২৩ৰ ফলাফল ঘোষণা

author img

By ETV Bharat Assamese Team

Published : Dec 10, 2023, 6:14 PM IST

All Assam Bhupendra Sangeet and Parbati Prasad Baroua Song Competition 2023 held in Kaliabor
সদৌ অসম ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা

Bhupendra Sangeet Competition at Kaliabor : সদৌ অসম ভূপেন্দ্ৰ সংগীত আৰু পাৰ্বতি প্ৰসাদ বৰুৱাৰ গীতৰ প্ৰতিযোগিতা ২০২৩ৰ ফলাফল ঘোষণা ৷ ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাত সুধাকণ্ঠই আগবঢ়োৱা শ্ৰেষ্ঠ বঁটা লাভ কৰে কামপুৰৰ শ্ৰদ্ধা বৰগোহাঁয়ে ৷

সদৌ অসম ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা

কলিয়াবৰ, ১০ ডিচেম্বৰ: কলিয়াবৰৰ অন্যতম সাহিত্য সাংস্কৃতিক ক্ৰীড়া অনুষ্ঠান ‘মঞ্চ’ৰ সৌজন্যত শনিবাৰে দিনজোৰাকৈ হাটবৰত অনুষ্ঠিত হয় সদৌ অসম ভূপেন্দ্ৰ সংগীত আৰু পাৰ্বতি প্ৰসাদ বৰুৱাৰ গীতৰ প্ৰতিযোগিতা । এই অনুষ্ঠানত উপস্থিত থাকি বঁটা প্ৰদান কৰে স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তই । কেৱল ইমানেই নহয়, মন্ত্ৰীগৰাকীয়ে অনুষ্ঠানটোলৈ পাঁচ লাখ টকাৰ আৰ্থিক অনুদান আগবঢ়োৱাৰ কথাও ঘোষণা কৰে ।

উল্লেখ্য যে, প্ৰতিযোগিতাখনিৰ ঘোষিত ফলাফল সমূহ এনেধৰণৰ –সদৌ অসম ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ ক শাখাৰ ১ম, ২য় আৰু ৩য় শ্ৰেষ্ঠ স্থান লাভ কৰে ক্ৰমে – কামপুৰৰ শ্ৰদ্ধা বৰগোহাঁই, কাজিৰঙাৰ ভিটালী গগৈ আৰু গুৱাহাটীৰ পাণ্ডুৰ দেৱস্মিতা কাশ্যপে । বিচাৰকৰ বিশেষ বঁটা লাভ কৰে ক্ৰমে বিশ্বনাথ চাৰিআলিৰ কুৱলী বৰঠাকুৰ, শিৱসাগৰৰ ৰণ কোঁৱৰ আৰু কলিয়াবৰৰ সংগীতা বৰাই ।

ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ খ শাখাৰ ১ম, ২য় আৰু ৩য় স্থান লাভ কৰে ক্ৰমে নগাঁৱৰ আয়ুশ্ৰী দাস, উত্তৰ লখিমপুৰৰ কৌশিকী হাজৰিকা আৰু নগাঁও চকলাঘাটৰ কৃষ্টিকন্যা শইকীয়াই । বিচাৰকৰ বিশেষ বঁটা লাভ কৰে ক্ৰমে ৰাজকুমাৰী ফাল্গুনী, কলিয়াবৰৰ হাতীবন্ধাৰ অক্ষা তিমচিনা আৰু নগাঁও চামগুৰিৰ উন্মনা হাজৰিকাই ।

ইফালে পাৰ্বতি প্ৰসাদ বৰুৱাৰ গীতৰ ক শাখাৰ ফলাফল এনেধৰণৰ –১ম, ২য় আৰু ৩য় শ্ৰেষ্ঠ স্থান লাভ কৰে ক্ৰমে বিশ্বনাথ চাৰিআলিৰ কুঁৱলী বৰঠাকুৰ, বোকাখাতৰ ত্ৰিদিষ্ণা বৰা আৰু গুৱাহাটী পাণ্ডুৰ দেৱস্মিতা কাশ্যপ । বিচাৰকৰ বিশেষ বঁটা লাভ কৰে ক্ৰমে – শ্ৰদ্ধা বৰগোহাঁই, কলিয়াবৰৰ অনিমেষ শইকীয়া আৰু আৰমিনা ভ’ই। পাৰ্বতি প্ৰসাদ বৰুৱাৰ গীতৰ খ শাখাৰ ১ম, ২য় আৰু ৩য় শ্ৰেষ্ঠ স্থান লাভ কৰে ক্ৰমে শিৱসাগৰৰ ৰাজকুমাৰী ফাল্গুনী, কামপুৰৰ আয্যা বৰগোহাঁই আৰু বৰাগাঁও গুৱাহাটীৰ প্ৰিয়াঞ্চী বৰ্মনে । বিচাৰকৰ বিশেষ বঁটা লাভ কৰে ক্ৰমে আয়ুশ্ৰী দাস, গোৱালপাৰাৰ তানিষ্ঠা গৌতম আৰু জখলাবন্ধাৰ ৰিজা মিৰ্দ্ধা ।

উল্লেখ্য যে, বঁটা প্ৰদান অনুষ্ঠানত কলিয়াবৰৰ বিধায়ক কেশৱ মহন্তৰ উপৰিও বিশিষ্ট সমাজকৰ্মী তথা বিজেপি দলৰ ৰাজ্যিক সাধাৰণ সম্পাদক দিপ্লুৰঞ্জন শৰ্মাও উপস্থিত থাকি বঁটা প্ৰদান কৰে । বিচাৰকৰ আসন অলংকৃত কৰে বিশিষ্ট তবলা বাদক সূৰ্য গোস্বামী, বিশিষ্ট সংগীত শিল্পী তথা সাংবাদিক গৌতম শৰ্মা আৰু কণ্ঠশিল্পী বিবলি ভাগৱতীয়ে । বিপুল হাজৰিকা আৰু প্ৰিয়ংকা শৰ্মাই আঁত ধৰা অনুষ্ঠানটোত দুই শতাধিক লোকে অংশগ্ৰহণ কৰে । পুৱা স্থানীয় শিল্পীসকলে পৰিৱেশন কৰা সংগীতেৰে আৰম্ভ হোৱা প্ৰতিযোগিতাখনি উদ্বোধন কৰে মহকুমাৰ নিৰ্বাচনী বিষয়া ড৹ ভূপালী কাশ্যপে ।

লগতে পঢ়ক: মুক্তি পালে কইনা কন্দা শিল শীৰ্ষক কথাছবিৰ গীতৰ এলবাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.