ETV Bharat / entertainment

মুক্তি পালে কইনা কন্দা শিল শীৰ্ষক কথাছবিৰ গীতৰ এলবাম

author img

By ETV Bharat Assamese Team

Published : Dec 9, 2023, 1:22 PM IST

bride-crying-rock-movie-song-album-released-in-morigaon
মুক্তি পালে কইনা কন্দা শিল শীৰ্ষক কথাছবিৰ গীতৰ এলবাম

মৰিগাঁৱত কইনা কন্দা শিল শীৰ্ষক কথাছবিৰ গীতৰ শুভমুক্তি ৷ মৰিগাঁও মহাবিদ্যালয় প্ৰেক্ষাগৃহত শুকুৰবাৰে আনুষ্ঠানিক ভাৱে শুভমুক্তি হ'ল "কইনা কন্দা শিল" কথাছবিৰ গীতৰ এলবাম ৷

মুক্তি পালে কইনা কন্দা শিল শীৰ্ষক কথাছবিৰ গীতৰ এলবাম

মৰিগাঁও, 9 ডিচেম্বৰ: মৰিগাঁৱত কইনা কন্দা শিল শীৰ্ষক কথাছবিৰ গীতৰ শুভমুক্তি ৷ শুকুৰবাৰে মৰিগাঁও মহাবিদ্যালয় প্ৰেক্ষাগৃহত আনুষ্ঠানিকভাৱে শুভমুক্তি দিয়া হ'ল "কইনা কন্দা শিল" কথাছবি গীতৰ এলবাম ৷

মৰিগাঁও জিলাৰ ঐতিহ্যমণ্ডিত বঘৰাৰ এটি ৬০০ বছৰীয়া কিংবদন্তী কাহিনীৰ আধাৰত অসমীয়া চলচিত্ৰ জগতত নতুন সংযোজন " কইনা কন্দা শিল" ৷ বঘৰাত আজিও ঐতিহ্য বহন কৰি আছে জীৱন্ত কিংবদন্তী কইনা কন্দা পাহাৰে ৷ লোকগাঁথাৰ মতে, বঘৰা ৰজাৰ ৰাজকুমাৰীৰ সৈতে মায়ঙৰ ৰাজকোঁৱৰৰ বিবাহ সম্পন্ন হৈছিল ৷ বিবাহ সম্পন্ন কৰি ৰাজকুমাৰীক কইনা সাজত কোঁৱৰে বৰযাত্ৰীসহ লৈ আগবাঢ়িছিল মায়ং ৰাজ্যলৈ ৷

কিন্তু ওভতি যাওতে নিশা তীব্ৰ বতাহ বৰষুণৰ পৰা ৰক্ষা পাবলৈ দৰা কইনাসহ বৰযাত্ৰীয়ে আশ্ৰয় লয় বঘৰা পাহাৰৰ গুহাত ৷ কিন্তু দুৰ্ভাগ্য বশত গুহাটো শিলে হেঁচা মাৰি ধৰাত বাট পথ বন্ধ হৈ গুহাৰ ভিতৰতে দৰা-কইনাসহ বৰযাত্ৰীসকলৰ মৃত্যু হয় ৷ তাৰ পিছৰ পৰাই সেই বঘৰা পাহাৰৰ শিলাখণ্ডৰ পৰা কোনো মহিলাৰ কৰুণ উচুপনি ভাহি আহে ৷ লোক বিশ্বাস মতে, সেই উচুপনি দৰা কইনাৰ অতৃপ্ত আত্মাৰ বুলিও কোৱা হয় ৷ এই লোককথাৰ আধাৰতে নিৰ্মাণ কৰা হৈছে " কইনা কন্দা শিল" শীৰ্ষক বোলছবিখন ৷

ইফালে, শুকুৰবাৰে মৰিগাঁও মহাবিদ্যালয় প্ৰেক্ষাগৃহত আনুষ্ঠানিকভাৱে শুভমুক্তি দিয়া হয় চিনেমাখনৰ গীতৰ এলবাম ৷ এই এলবামৰ শুভ উদ্বোধন কৰে মৰিগাঁও জিলা উপায়ুক্ত দেবাশীষ শৰ্মাই ৷ গীতৰ সংগীত পৰিচালনা ড৹ মাইনু দেৱীৰ, কৰিঅ’গ্ৰাফী নীল নয়নৰ ৷ সহ-পৰিচালক কুশল নাথ, গীতত কণ্ঠ নিগঁৰাইছে মাইনু দেৱী আৰু হীৰক জ্যোতি কোঁৱৰে ৷ নিশ্চিতভাৱে অসমীয়া চিনেমা জগতৰ বাবে এটি ৬০০ বছৰীয়া পুৰণি কাহিনী দৰ্শকৰ আগত উপস্থাপন কৰাটো এক অনন্য প্ৰয়াস ৷

লগতে পঢ়ক: নলবাৰী ৰাসত ভ্ৰাম্যমান থিয়েটাৰৰ নাটযুদ্ধ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.